নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ম’বাইল ভঙাৰ বাবে পত্নীক কেৰাচিন ঢালি অগ্নিসংযােগ স্বামীৰ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ জোনাইত বুধবাবৰ নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা মবাইল ভাঙি দিয়াক কেন্দ্র কৰি এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ চেষ্টা স্বামীৰ লগতে পৰিয়ালৰ লােকৰ।

ঘটনাতাে সংঘটিত হৈছে ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত মূৰ্কংচেলেক ৰে’লৱে ষ্টেচন সমীপৰ কমলপুৰত গাঁৱত। জানিব পৰা মতে, বুধবাৰৰ নিশা কমলপুৰৰ নূৰ আলী নামৰ লােকজনৰ পত্নী ৰীণা বেগমৰ সৈতে সাধাৰণ এটা মবাইল ভাঙি যােৱাক কেন্দ্র কৰি লাগে  কাজিয়া।

কিন্তু স্বামী আৰু পত্নীৰ কাজিয়াই শেষত ল’লেগৈ এক ভয়ংকৰ ৰূপ। ৰীণা বেগমৰ স্বামী নূৰ আলীয়ে পৰিয়ালৰ আন সদস্যৰে মিলি ৰীণা বেগমক কেৰাচিন ঢালি অগ্নি সংযােগ কৰি জীৱন্তে হত্যা কৰাৰ চেষ্টা চলায়।

কাজিয়াৰ পিছতে কোঠাৰ ভিতৰত অগ্নিদগ্ধ হৈ চিঞৰা ৰীণা বেগমক উদ্ধাৰ কৰিবলৈ আত্মীয়ৰ লগতে প্রতিবেশীয়ে নূৰ আলীৰ ঘৰলৈ আহে যদিও গিৰীয়েক নুৰ আলীৰ লগতে মাতৃ, ভাতৃ আটায়ে ৰাইজক প্ৰৱেশত বাধা প্রদান কৰা বুলি জানিব পৰা গৈছে।

ইফালে সম্পূর্ণৰূপে অগ্নিদগ্ধ ৰীণা বেগমক লগে লগে জোনাইৰ ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰে ডিরুগড়লৈ। জানিব পৰা মতে, ৰীণা বেগম বর্তমান মৃত্যুৰ সৈতে যুঁজি আছে এএমচিত।

ইফালে, স্বামী নূৰ আলীক আটক কৰি জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ US-498(A)/436/307/34 ধাৰাৰ অধীনত 26/2021 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like