নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আম্বানিক গোপনে গতালে দুটাকৈ ব্লেক পেন্থাৰ

অসম ৰাজ্যিক চিৰিয়াখানাত ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ গড়ালৰ পৰা হঠাতে অন্তর্ধান হৈছে দুটাকৈ ব্লেক পেন্থাৰ৷ চিৰিয়াখানাখনত বন্যপ্রাণীৰ সুৰক্ষাক লৈ প্রশ্ণৰ সমান্তৰালভাৱে বিভিন্ন দুর্নীতি–নিয়মৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে৷ দর্শকৰ আকর্ষণৰ কেন্দ্রবিন্দু অসম ৰাজ্যিক চিৰিয়াখানাৰ গড়ালত থকা ব্লেক পেন্থাৰ দুটা যোৱা ১২ জানুৱাৰীত স্থানান্তৰ কৰা হৈছে৷ সাধাৰণ দৃষ্টিত বিষয়টোৱে বাতৰিৰ শিৰোনাম দখল কৰিবলগীয়া নাছিল৷ কিয়নো সময়ে সময়ে এনেদৰে চিৰিয়াখানাত থকা জন্তু আন ৰাজ্যলৈ প্রেৰণ কৰা হয় আৰু তাৰ পৰিৱর্তে অনা হয় বেলেগ জন্তু৷ কিন্তু উত্থাপিত অভিযোগ অনুসৰি চিৰিয়াখানাখনৰ তত্ত্বাৱধান তথা সুৰক্ষাৰ মূল দায়িত্বত থকা ডি এফ অ’ টেজছ মৰিস্বামীয়ে অতি সংগোপনে চৰকাৰী নীতি উলংঘাৰে ব্লেক পেন্থাৰ দুটাৰ স্থানান্তৰ প্রক্রিয়া সম্পন্ন কৰিছে৷ মাত্র কেইজনমান বিষয়া–কর্মচাৰীৰ সহযোগত ডি এফ অ’ টেজছ মৰিস্বামীয়ে আপুৰুগীয়া জীৱ দুটা গতাই দিছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানিক৷ এনেদৰে ব্লেক পেন্থাৰ দুটা দিয়াৰ বিনিময়ত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰো অভিযোগ উঠিছে৷ ডি এফ অ’ টেজছ মৰিস্বামীয়ে সমগ্র বিষয়টো গাপ দি ৰখাৰ চেষ্টা কৰিছিল যদিও শেহতীয়াকৈ চিৰিয়াখানাখনৰ ভিতৰচ’ৰাত খবৰটো বিয়পি পৰাৰ লগে লগে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷

উল্লেখ্য যে অলপতে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত এক বাতৰি অনুসৰি ৰিলায়েঞ্চ ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানিৰ পুত্র অনন্ত আম্বানিয়ে গুজৰাটৰ জামনগৰত এখন চিৰিয়াখানাৰ এক বৃহৎ প্রকল্প গ্রহণ কৰিছে৷ প্রায় ২৮০ একৰ ভূমিক সামৰি ল’বলগীয়া এই চিৰিয়াখানাখনৰ নাম হ’ব ‘গ্রীনছ জুলজিকেল, ৰেছকিউ এণ্ড ৰিহেবিলিটেচন কিংডম’৷ চর্চা অনুসৰি ‘গ্রীনছ জুলজিকেল, ৰেছকিউ এণ্ড ৰিহেবিলিটেচন কিংডম’ৰ বাবেই অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত থকা দুটাকৈ ব্লেক পেন্থাৰ ডি এফ অ’ টেজছ মৰিস্বামীয়ে সংগোপনে গতাই দিলে৷ ইয়াক কেন্দ্র কৰি চিৰিয়াখানাৰ বাহিৰে–ভিতৰে ব্যাপক চর্চা হোৱাৰ মাজতে বিষয়টো সন্দর্ভত ডি এফ অ’ টেজছ মৰিস্বামীৰ সৈতে যোগাযোগ কৰা হৈছিল৷ কিন্তু তেওঁ কোনোধৰণৰ সদুত্তৰ দিব নোৱাৰিলে৷ এই প্রতিবেদকৰ প্রশ্ণত চিৰিয়াখানাৰ পৰা ব্লেক পেন্থাৰ দুটা স্থানান্তৰ কৰাৰ কথা তেওঁ স্বীকাৰ কৰি তাৰ বিনিময়ত আন জন্তু আনিব বুলি কৈয়ে দায় সাৰিবলৈ চেষ্টা কৰে৷ কিন্তু ব্লেক পেন্থাৰ দুটা চিৰিয়াখানাৰ গড়ালৰ পৰা গতাই দিয়া প্রায় এমাহ হ’ল যদিও বিনিময়ত নতুনকৈ কি জন্তু আনিব, সেই কথা সুস্পষ্টভাৱে ক’ব নোৱাৰিলে ডি এফ অ’ টেজছ মৰিস্বামীয়ে৷ মন কৰিবলগীয়া যে সাধাৰণতে বিনিময় নীতি অনুসৰি কোনোবা এখন চিৰিয়াখানাৰ পৰা জীৱ–জন্তু আন চিৰিয়াখানালৈ পঠিয়ালে সংশ্লিষ্ট চিৰিয়াখানাখনে কি জীৱ–জন্তু দিব সেয়া প্রথমে থিৰাং কৰা হয়৷ এই কথা থিৰাং কৰাৰ পাছতহে কর্তৃপক্ষই বিনিময় প্রক্রিয়া আৰম্ভ কৰে৷ কিন্তু অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই দুটাকৈ ব্লেক পেন্থাৰ প্রেৰণ কৰাৰ প্রায় এমাহ হ’ল যদিও অদ্যাপি কি জীৱ–জন্তু আনিব সেই কথা ক’ব পৰা ডিএফ’ টেজছ মৰিস্বামীয়ে৷ ব্লেক পেন্থাৰ দুটা সংগোপনে গতাই দিয়াৰ বাবে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হোৱাৰ উপৰি ডি এফ অ’ টেজছ মৰিস্বামী আৰু চিৰিয়াখানাখনৰ আন চাৰিজন বিষয়াই আম্বানি পৰিয়ালৰ পৰা মূল্যৱান উপহাৰ পোৱাৰ অভিযোগ উঠিছে৷

ডি এফ অ’ টেজছ মৰিস্বামীয়ে ‘ৰহস্যজনক’ভাৱে লাভ কৰিছে প্রায় এক লাখ ৬০ হাজাৰ টকা মূল্যৰ বিলাসী আইফোন৷ সেইদৰে চিৰিয়াখানাৰ দুজন চিকিৎসক, এজন বনাঞ্চলিক বিষয়া আৰু আন এজন বিষয়ায়ো অনুৰূপ ‘ৰহস্যজনক’ উপহাৰ লাভ কৰা বুলি ব্যাপক চর্চা হৈছে৷ অকল সেয়াই নহয়, ব্লেক পেন্থাৰ দুটা সংগোপনে গতাই দিয়াত সহযোগ কৰা ১১জন কর্মচাৰীয়ে গাইপতি লাভ কৰিছে নগদ ২০ হাজাৰকৈ টকা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ডি এফ অ’ টেজছ মৰিস্বামীৰ বিৰুদ্ধে আছে বিভিন্ন ধৰণৰ অভিযোগ৷ চিৰিয়াখানাখনৰ নতুন গড়াল নির্মাণ, পার্কিং, দর্শনার্থীৰ ই–টিকটৰ নামত সংঘটিত কেলেংকাৰিতো ডি এফ অ’ টেজছ মৰিস্বামী জড়িত থকাৰ অভিযোগ সর্বজনবিদিত৷ চৰকাৰী নীতি–নিয়ম অনুসৰি এজন বিষয়া–কর্মচাৰীয়ে একে স্থানতে তিনি বছৰতকৈ অধিক কাল কার্যনির্বাহ কৰিব নোৱাৰে৷ কিন্তু দিছপুৰৰ প্রভাৱশালী চক্রৰ বিশেষভাৱে আশিসধন্য হৈ থাকি চাৰি বছৰৰো অধিককাল চিৰিয়াখানাৰ ডি এফ অ’ পদতে আছে টেজছ মৰিস্বামী৷ স্মর্তব্য যে ইতিপূর্বে অসমৰ পৰা তামিলনাডুকে ধৰি দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গোপনে হাতী চালান দিয়াৰ তথ্য পোহৰলৈ আহিছিল৷ কিন্তু এইবাৰ খোদ চিৰিয়াখানাৰ গড়ালৰ পৰা স্বয়ং ডি এফ অ’ৰ পৃষ্ঠপোষকতাতে দুটাকৈ ব্লেক পেন্থাৰৰ দৰে আপুৰুগীয়া জীৱ অন্য লোকক গতাই দিয়াৰ অভিযোগে এতিয়া সর্বত্র চাঞ্চল্য সৃষ্টি কৰিছে৷

You might also like