নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকৰ শ্রেণী বর্জনত স্তব্ধ ৩৬ হাজাৰ প্রাথমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বিভিন্ন দাবীৰ সমর্থনত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনোৱা শ্রেণীবর্জন কার্যসূচীৰ ফলত আজি স্তব্ধ হৈ পৰিল ৰাজ্যৰ ৩৬ হাজাৰ প্রাথমিক বিদ্যালয়ৰ পাঠদান৷ সম্পূর্ণ অসহযোগ কার্যসূচীৰ বাবে প্রাথমিক বিদ্যালয়সমূহৰ গেটৰ পৰাই উভতি যাবলগীয়া হয় শিক্ষার্থীসকল৷ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকৰ পদ সৃষ্টি, গ্রেড পে’ বৃদ্ধিৰ দাবীৰে আজিৰে পৰা তিনিদিনীয়াকৈ সম্পূর্ণ অসহযোগিতাৰ আহ্বান জনাইছিল শিক্ষক সন্মিলনীয়ে৷ কাইলৈ আৰু শনিবাৰেও প্রাথমিক শিক্ষকসকলৰ এই প্রতিবাদী কার্যসূচী অব্যাহত থাকিব৷ উল্লেখ্য যে যোৱা ২২ জানুৱাৰীত ৰাজ্যৰ চৌপাশে প্রশাসনে প্রাথমিক শিক্ষকসকলক আবদ্ধ কৰি ৰখা সত্ত্বেও ৪০ সহস্রাধিক শিক্ষকৰ উপস্থিতিৰে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণৰ বাবে যাত্রা আৰম্ভ কৰাৰ প্রাক্মুহূর্তত বিত্তীয় লেনদেন আৰু তথ্য আদান–প্রদানৰ পৰা বিৰত থকাৰ বাবে সংকল্প গ্রহণ কৰিছিল৷

সেইদিন ধৰি সম্পূর্ণ ২০ দিন বিত্তীয় লেনদেন আৰু তথ্য আদান–প্রদানৰ পৰা বিৰত থাকি মধ্যাহ্ণ ভোজনৰ কামৰ পৰা বিৰত থকাৰ পাছতো ৰাজ্যৰ শিক্ষা বিভাগে প্রাথমিক শিক্ষক সমাজৰ মূল দাবীসমূহৰ প্রতি ভ্রূক্ষেপ নকৰাত অসহযোগ কার্যসূচী গ্রহণ কৰে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত সন্মিলনীৰ ভাৰপ্রাপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে কয় যে ৰাজ্যৰ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে ১৯৮২ চনৰ পৰা ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰিও কোনো সুফল পোৱা নাই৷ কেৱল প্রতিশ্রুতিৰ জোলোঙাত ওলমি আছে৷ আচৰিত ধৰণে কর্মৰত শিক্ষকৰ প্রতি উদাসীনতা প্রকাশ কৰিছে ৰাজ্য চৰকাৰে৷ নিয়মীয়া শিক্ষকসকলৰ দৰে ঠিকাভিত্তিক শিক্ষকসকলক পাঁচ শতাংশ ডি এ মোকলাই নিদিলে৷ কর্মৰত অৱস্থাত মৃত্যু হ’লে নিয়মীয়া শিক্ষকে পোৱা সুবিধা আদায় নিদিলে৷ পদহীন পদত প্রধান শিক্ষক বুলি প্রাথমিক শিক্ষকসকলক কোটি কোটি টকাৰ আদান–প্রদান কৰাইছিল৷ কিন্তু মর্যাদা প্রদানৰ বেলিকা ভিন্ন ভাও ধৰে৷ চৰম অপমান কৰি এবাৰ লাভ কৰা দৰমহা কমাই দিছে৷ এনে কার্য কেতিয়াও নীৰৱে মানি লোৱা নহ’ব বুলি সন্মিলনীৰ নেতাদ্বয়ে ঘোষণা কৰি আজিৰ দিনটোৰ দৰেই বাকী দুদিনো পূর্ণ অসহযোগ কার্যসূচী সফল কৰাৰ বাবে আহ্বান জনাইছে৷ তিনিদিনীয়া অসহযোগৰ পাছতো দাবী পূৰণ নকৰিলে ২০ ফেব্রুৱাৰীত সকলো জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয় তিনি ঘণ্টাৰ বাবে ঘেৰাও কৰা হ’ব বুলি জানিব দি সন্মিলনীৰ নেতাদ্বয়ে প্রথমদিনৰ কার্যসূচী সফল কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জনাইছে৷

You might also like