নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণোদয়ৰ হিতাধিকাৰীক প্রদান কৰা ধনৰ পৰিমাণ তিনি হাজাৰলৈ বৃদ্ধিৰ প্রস্তাৱ

‘কা’–ক’ভিডত স্থবিৰ হোৱা অসম আদর্শ গ্রাম যোজনা ৰূপায়ণৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ অনাগত দিনত বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ্ প্রাদেশিকীকৰণ সামাজিক প্রয়োজনভিত্তিক হ’বই লাগিব৷ শিক্ষা বিভাগে এই সন্দর্ভত সংশোধনী পদ্ধতিৰ বাবে কাম কৰি আছে, যিয়ে সামাজিক প্রয়োজনীয়তাৰ বিষয়টো বিবেচনা কৰি চাব৷–আজি সদনত লেখানুদান উত্থাপন কৰি বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সদনত মন্ত্রী ড০ শর্মাই কয় যে এই যুক্তিসংগত ব্যৱস্থাই ছাত্র–ছাত্রীসকলক উপকৃত কৰাৰ লগতে সমাজখনৰো কল্যাণ সাধন কৰিব৷ সদনত তেওঁ প্রকাশ কৰা মতে, বর্তমানৰ চৰকাৰখনে ১৬,৫০৮ সংখ্যক শিক্ষক, টিউটৰ, বিদ্যালয়ৰ বাকী কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ কৰাৰ লগতে প্রাথমিক, মাধ্যমিক আৰু উচ্চতৰ শিক্ষাখণ্ডৰ ১৩,২১৭ সংখ্যক সহকাৰী শিক্ষকৰ পদ প্রাদেশিকীকৰণ কৰিছে৷ ইয়াকে ধৰি ৰাজ্যখনত মুঠ ২৯,৭২৫ সংখ্যক পদ প্রাদেশিকীকৰণ হৈছে৷ বর্তমানৰ ৰাজ্য চৰকাৰৰ কার্যকালত মুঠ ৩৩,৯৯৩গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে৷ সদনত তেওঁ আৰু কয় যে গ্রাম্য অসমৰ ৰূপান্তৰৰ বাবে চৰকাৰে অসম আদর্শ গ্রাম যোজনা নামেৰে আন এক গুৰুত্বপূর্ণ আঁচনি ঘোষণা কৰিছিল৷ কিন্তু ‘কা’ৰ বিৰুদ্ধে হোৱা প্রতিবাদৰ লগতে ক’ভিড–১৯ৰ দুর্যোগৰ বাবে আঁচনিখন আৰম্ভ কৰা সম্ভৱ হোৱা নাছিল৷

তথাপি ক্ষেত্রীয় পর্যায়ৰ কার্যকর্তাসকলৰ জৰিয়তে আঁচনিখন ৰূপায়ণৰ বাবে ইতিমধ্যে বিত্তীয় উৎসৰ ব্যৱস্থা কৰা হৈছে৷ বিধায়ক আৰু জিলা উপায়ুক্তসকলৰ সহযোগিতাত অনাগত দিনত এই আঁচনিখন ৰূপায়ণ কৰা হ’ব৷ সেইদৰে মহিলা সবলীকৰণৰ জৰিয়তে অর্থনৈতিক সবলীকৰণ, বিত্তীয় সাক্ষৰতা, পুষ্টিসাধন, সাহায্যৰ সম্প্রসাৰণ আৰু প্রতিটো ঘৰ আৰু প্রতিটো পৰিয়াললৈ উন্নয়নৰ ধাৰা বোৱাই নিয়াৰ বহুতো সুবিধা বিদ্যমান অৰুণোদয় আঁচনিখনৰ অধীনত মাহিলি প্রদান কৰি অহা ধনৰ পৰিমাণ তিনি হাজাৰ টকালৈ বৃদ্ধিৰ প্রস্তাৱ লোৱাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এদিনতেই এই লক্ষ্যত উপনীত হ’ব পৰা নাযাব৷ ইয়াৰ বাবে পর্যায়ক্রমে সতর্কতামূলক পৰিকল্পনা আৰু ৰূপায়ণৰ প্রয়োজন হ’ব৷

আনহাতে, বিদ্যালয়লৈ কন্যা সন্তান যোৱাটো নিশ্চিত কৰা আৰু কিশোৰী ছাত্রীসকলৰ মাহেকীয়াৰ সময়ত অধিক পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰখাৰ লক্ষ্যৰে ১২ৰ পৰা ২০ বছৰীয়া কিশোৰীসকলৰ বাবে ছেনিটেৰী নেপকিন কিনিবৰ বাবে ২০১৮–১৯ বিত্তীয় বর্ষৰ বাজেটত মাহিলি ভাট্টাৰ ঘোষণা কৰিছিল৷ কিন্তু বিভিন্ন কাৰণত ইয়াৰ ৰূপায়ণত কিছু পলম হোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এই শিতানত আবণ্টিত ২৩.৭৫ কোটি টকা চলিত বর্ষত অনুমোদন কৰা হৈছে আৰু আঁচনিখন অতি সোনকালে ৰূপায়ণ কৰা হ’ব৷ সেইদৰে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে ২০১৯–২০ বিত্তীয় বর্ষত ১,০৮৫ লাখ টকাৰে ১০খন আঁচনি গ্রহণ কৰে৷ অনাগত দিনত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ নতুন চৌহদ ডিব্রুগড়, শিলচৰ, ডিফু, কোকৰাঝাৰ আৰু নতুন দিল্লীত মুকলি কৰা হ’ব বুলি মন্ত্রী ড০ শর্মাই প্রকাশ কৰি কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শ তথা দর্শনৰ প্রচাৰ আৰু প্রসাৰৰ অর্থে শ্রীমন্ত শংকৰদেৱ মিছন আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰা হ’ব৷ একেদৰে ২০১৯–২০ বিত্তীয় বর্ষত চৰাইদেউ মৈদামৰ সংৰক্ষণৰ কামৰ বাবে ২৫ কোটি টকা আৰু কুমাৰ ভাস্কৰ বর্মা, চাওলুং চুকাফা আৰু মহাৰাজ নৰনাৰায়ণৰ প্রতিমূর্তি নির্মাণৰ বাবে তিনি কোটি টকা ধার্য কৰা হৈছিল৷ প্রথমটো প্রকল্পৰ ই–টেণ্ডাৰিং আৰু দ্বিতীয়টো প্রকল্পৰ বাবে প্রস্তাৱ প্রস্তুত কৰা হৈছে বুলি মন্ত্রী ড০ শর্মাই সদনত সদৰী কৰে৷

You might also like