নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত দীপা কর্মকাৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ নগাঁও ক্রীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৩০সংখ্যক সদৌ অসম আন্তঃজিলা জিমনাষ্টিকছ প্রতিযোগিতা৷ মিনি, ছাব জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ পঞ্জীয়ন প্রক্রিয়া আজিৰে পৰা আৰম্ভ হৈছে যদিও কাইলৈ সন্ধিয়াহে আনুষ্ঠানিকভাৱে প্রতিযোগিতাখন উদ্বোধন কৰা হ’ব৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ তাৰকা জিমনাষ্ট অলিম্পিয়ান দীপা কর্মকাৰ আৰু দ্রোণাচার্য বঁটা লাভ কৰা প্রখ্যাত প্রশিক্ষক বিশ্বেশ্বৰ নন্দী৷ তেওঁলোক ইতিমধ্যে আজি নগাঁৱত উপস্থিত হৈছে৷ প্রতিযোগিতাখনত গুৱাহাটী, কামৰূপ গ্রাম্য, শোণিতপুৰ, বৰপেটা, যোৰহাট, শিৱসাগৰ, অসম পুলিচ, গোলাঘাট, মৰিগাঁও আৰু আয়োজক নগাঁৱকে ধৰি ১০খন জিলাই অংশগ্রহণ কৰিছে৷ ২০০ৰো অধিক প্রতিযোগী আৰু কর্মকর্তাই অংশ লোৱা প্রতিযোগিতাখনত কাৰিকৰী সঞ্চালক হিচাপে আছে এন আই এছ প্রশিক্ষক হুছনে কামাল মাহমুদুৰ ৰহমান৷

You might also like