যুৱ শক্তিৰ সম্ভাৱনাক বিকশাই তুলিব লাগিবঃ মুখ্যমন্ত্রী
হোজাইত ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিঃৰ কলা ভৱনৰ আধাৰশিলা
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে হোজাইস্থিত ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত কলা ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এগৰাকী মহান মনীষীৰ নামেৰে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে৷ ৰবীন্দ্রনাথ ঠাকুৰে ভাৰতীয় সমাজ জীৱনৰ পোহৰ বিলাই আমাক আগুৱাই যাবলৈ প্রেৰণা প্রদান কৰি গৈছে৷ জ্ঞান তপস্বী এইগৰাকী মনীষীয়ে মানৱ সমাজলৈ মানৱতাৰ বার্তা প্রেৰণ কৰি গৈছে৷ মুখ্যমন্ত্রীয়ে ৰবীন্দ্রনাথ ঠাকুৰৰ আদর্শৰে আগুৱাই যাবলৈ ছাত্র–ছাত্রীসকল আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে যুৱ শক্তিৰ মাজত প্রচুৰ সম্ভাৱনা আছে৷ এই সম্ভাৱনাক বিকাশই তুলিব লাগিব৷ নিজৰ ভিতৰত থকা দক্ষতাক প্রকাশ কৰি এগৰাকী যোগ্য ব্যক্তি হিচাপে নিজকে পৰিগণিত কৰাৰ বাবে কঠোৰ পৰিশ্রম কৰিব লাগিব৷
১৯৬৪ চনত স্থাপিত হোজাই মহাবিদ্যালেয়ে জ্ঞানৰ পোহৰ বিলাই আহিছে বুলি উল্লেখ কৰি ছাত্র–ছাত্রীসকলে অধ্যয়নত মনোনিৱেশ কৰি নিজকে সবল ব্যক্তিত্বৰ গৰাকী কৰি তুলিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে অসমক দেশৰ শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে৷ এইক্ষেত্রত নতুন প্রজন্মই নিজৰ প্রতিভা বিকাশেৰে অর্থৱহ অৰিহণা যোগাব লাগিব বুলিও তেওঁ কয়৷ দেওবাৰে দিনৰ ভাগত হেলিকপ্টাৰৰে হোজাই বিহুতলী খেলপথাৰত অৱতৰণ কৰিয়েই পোনে পোনে হোজাইৰ শিলিগুৰিবস্তিত অনুষ্ঠিত বিজেপিৰ পৃষ্ঠাপ্রমুখ সভাত অংশ লয় মুখ্যমন্ত্রীজনে৷ ইয়াৰ পাছত হোজাইত চৰকাৰীভাৱে অনুষ্ঠিত ছটাকৈ কার্যসূচীত অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীজনে হোজাইৰ শিলিগুৰিবস্তিত অনুষ্ঠিত পঞ্চায়ত মেলা পৰিদর্শন কৰে৷ মেলা পৰিদর্শনৰ অন্তত সাংবাদিকৰ মুখামুখি হৈ বিজেপি চৰকাৰে কৰা উন্নয়নমূলক আঁচনিৰ প্রশংসা কৰাৰ লগতে কংগ্রেছক তীব্র সমালোচনা কৰে৷ লগতে অসমৰ ভোটদাতা ৰাইজৰ হূদয়ত পদুম ফুলৰ ছবিৰ বাহিৰে অন্য ছবি নাই বুলি মন্তব্য কৰে৷ আকৌ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মুখ্যমন্ত্রীজনে সাংবাদিকক উদ্দেশ্যি কয়৷ মুখ্যমন্ত্রী সোণোৱালে হোজাইৰ নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়াম উদ্বোধন কৰি চি এ ডিৰ অধীনত মেৰামতি কৰা হোজাইৰ নীলবাগান পথছোৱাৰ উদ্বোধন কৰাৰ লগতে হোজাই জোৰাপুখুৰীস্থিত ভূমি সংৰক্ষণ প্রকল্পৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পাছত হোজাই জোৰাপুখুৰীৰ নির্মীয়মাণ পথছোৱা উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে আজি হোজাইৰ তিনিখন সভাত ভাষণ প্রদান কৰে৷
নগাঁও সাংস্কৃতিক প্রকল্পৰ লগতে বিভিন্ন আঁচনি শুভ উদ্বোধন, আধাৰশিলাৰ মুখ্যমন্ত্রীৰ
নগাঁও চহৰক সুন্দৰ ৰূপত গঢ়ি তুলিছে ৰাজ্য চৰকাৰেঃ সোণোৱাল
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দেওবাৰে নগাঁও চহৰত নগৰ অন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত বহুকেহটা প্রকল্প উদ্বোধন আৰু নির্মাণকার্যৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্রীয়ে ২৫ কোটি ৩৪ লাখ টকা ব্যয় সাপেক্ষে মৰিকলং বিলৰ প্রাকৃতিক সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ লগতে ৬ কোটি ৬৩ লাখ টকা ব্যয় সাপেক্ষে আধুনিক সা–সুবিধা উপলদ্ধৰে ৮ বিঘা ২ কঠা ভূমিত স্থাপন হ’বলগীয়া মৰিকলং বাছ আস্থানৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷ হয়াৰ উপৰি মুখ্যমন্ত্রীয়ে ১ কোটি ৯৯ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নির্মাণ কৰা নগাঁও সাংস্কৃতিক প্রকল্প ভৱনৰ শুভ উদ্বোধন কৰে৷ এহ উপলক্ষে নগাঁও সাংস্কৃতিক প্রকল্পত আয়োজিত সভাতে মুখ্যমন্ত্রীয়ে নগাঁও জিলাৰ আয়ুসৰেখা স্বৰূপ কলং নৈৰ উন্নয়ন আৰু সৌন্দর্যবর্ধনৰ বাবে নগাঁও আহন মহাবিদ্যালয়ৰ পৰা ৰত্নকান্ত বৰকাকতি দলঙৰ সমীপলৈকে ২২ কোটি ৯২ লাখ টকা ব্যয় সাপেক্ষে নির্মাণকার্যৰ শুভাৰম্ভণি কৰাৰ লগতে ৮ কোটি ১৯ লাখ টকা ব্যয়েৰে নগাঁও চহৰৰ পদপথ আৰু পথৰ দুয়োকাষে সৌন্দর্যবর্ধনৰ কামৰ শুভাৰম্ভ কৰে৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে নগাঁও চহৰ অসমৰ মানচিত্রত মধ্যস্থানত৷ এই নগাঁৱে শক্তিশালী ঐতিহ্য বহন কৰে৷ মহান মনীষীৰ জন্মস্থান নগাঁও সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক দিশত অতি চহকী৷ গুৰুজনাই জন্মলাভ কৰা বটদ্রৱা এই নগাঁও জিলাতে৷ গুৰুজনাই যি মানৱতা আৰু আধ্যাত্মিকতাৰ দর্শন দি গৈছে, সেই দিশেৰে জীৱনৰ বাটত আগুৱাব লাগিব৷ নগাঁও চহৰক সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে দৃঢ়তাৰে প্রয়াস চলাই আহিছে৷ আজি ৬৭ কোটি টকা ব্যয় সাপেক্ষে যিবোৰ প্রকল্প উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰা হ’ল, তাৰ জৰিয়তে নগাঁও চহৰখন আৰু অধিক সুন্দৰ ৰূপত গঢ়ি তুলিব পৰা যাব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ নগাঁও চহৰৰ এই সুন্দৰতা উপলব্ধি কৰি ইয়াৰ বাসিন্দাসকলক পৰিষ্কাৰ–পৰিচ্ছন্ন বজাই ৰাখিবলৈও মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে কয় যে এক কঠিন পৰিস্থিতিত বর্তমানৰ চৰকাৰে দায়িত্বভাৰ ল’ব লগা হৈছিল৷ শাসন ব্যৱস্থাটো দুর্নীতি আৰু ভ্রষ্টাচাৰেৰে পৰিপূর্ণ হৈ আছিল৷ মানুহৰ আস্থা শাসনযন্ত্রৰ ওপৰত নাছিল৷ এয়া গণতন্ত্রৰ বাবে অতিশয় দুর্ভাগ্যজনক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে জনসাধাৰণৰ বিশ্বাস ঘূৰাই অনাটোৱে ডাঙৰ প্রত্যাহ্বান আছিল৷ দুর্নীতিমুক্ত অসম গঢ়া, ৰাইজৰ ধনৰ সঠিক ব্যৱহাৰ কৰা আৰু সকলো আঁচনি ৰাইজক লগত লৈ কৰাৰ মানসিকতাৰে চৰকাৰখনে কাম কৰাৰ ফলত আজিৰ এই পৰিৱর্তনমুখী যাত্রা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত উল্লেখ কৰে৷ ইপিনে আজি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢ়েকিয়াল ফুকন বঁটা প্রদান কৰে৷