নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ ফেব্রুৱাৰীত পুনৰ অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

বটদ্রৱা থানত ১৮৮ কোটিটকীয়া প্রকল্পৰ নির্মাণকার্যৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ পুনৰ অসম ভ্রমণলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ অহা ২৫ ফেব্রুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ উপস্থিত হ’ব মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত৷ এই কথা  সদৰী কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রী হাজৰিকাই জানিবলৈ দিয়া মতে, সেই দিনা তেওঁ শ্রীশ্রীবটদ্রৱা থান দর্শন কৰিব লগতে মহাপুৰুষজনাৰ জন্মস্থানক আধ্যাত্মিক তীর্থ পর্যটন কেন্দ্র ৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে ১৮৮ কোটি টকা ব্যয় সাপেক্ষে ‘বটদ্রৱা থানৰ বিকাশ আৰু সৌন্দর্যবর্ধন প্রকল্প’ৰ নির্মাণকার্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব৷ উল্লেখ্য যে যোৱা ২৬ ডিচেম্বৰত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বর্মা ক্ষেত্রত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহেই এই প্রকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল৷ প্রকল্পটোৰ নির্মাণকার্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ লগতে বটদ্রৱাত কেন্দ্রীয় গৃহমন্ত্রীজনে সেই দিনা এখন বিশাল জনসভাত অংশগ্রহণ কৰিব বুলি মন্ত্রী হাজৰিকাই জানিবলৈ দিয়ে৷

কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ আগমনৰ পূর্বে দেওবাৰে বটদ্রৱা থানত উপস্থিত হয় মন্ত্রী হাজৰিকা৷ তেওঁ সন্ধিয়া বটদ্রৱা থানৰ আকাশীগংগাৰ মুকলি মঞ্চত বটদ্রৱা থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয়৷ বটদ্রৱা থানত মন্ত্রী হাজৰিকাক স্থানীয় বিধায়িকা আঙুৰলতা ডেকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সংগ দিয়ে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ২৫ ডিচেম্বৰৰ পৰা এইটো হ’ব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ চতুর্থ অসম ভ্রমণসূচী৷ যোৱা ২৫ ডিচেম্বৰৰ পাছত ২৩ জানুৱাৰীত অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে পিছদিনা অর্থাৎ ২৪ জানুৱাৰীত কোকৰাঝাৰ আৰু নলবাৰীত দুখনকৈ ৰাজহুৱা সভাত সম্বোধন কৰিছিল৷ শেহতীয়াকৈ যোৱা ১১ ফেব্রুৱাৰীত অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কোচ ৰাজবংশী জনগোষ্ঠীৰ ধর্মীয় নেতা অনন্ত ৰায়ক চিৰাঙত সাক্ষাৎ কৰিছিল৷

You might also like