ড০ শর্মাই ক’লেঃ ন–অসমীয়াই লেতেৰা কৰিছে গুৱাহাটী
নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ নামনি অসম আৰু মধ্য অসমৰ পৰা অহা ন–সমীয়াসকলেই গুৱাহাটী মহানগৰীখনক লেতেৰা কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে নামনি অসম আৰু মধ্য অসমৰ কেইখনমান জিলাৰ পৰা কুকুৰা, কণী, পাচলিৰ ব্যৱসায় কৰিবলৈ প্রতিদিনে একাংশ লোক আহে৷ সেইসকলৰ গৰিষ্ঠসংখ্যকেই নতুনকৈ অসমলৈ অহা লোক৷ কোনো কোনোৱে ভাল ভাবি তেওঁলোকক ন–অসমীয়া বুলি কয়৷ সেইসকল লোকেই নতুনকৈ ন–ৰূপত সজাই–পৰাই তোলা মহানগৰীখন অপৰিষ্কাৰ কৰি আহিছে৷ শ্বিলং, নগাঁও আদিৰ পৰা আহিলে গুৱাহাটীৰ প্রৱেশদ্বাৰ ছয়মাইল ফ্লাইভাৰৰ তললৈ লক্ষ্য কৰিলেই তাত যে সচেতনতা সৃষ্টি কৰাৰ প্রয়োজন আছে, সেয়া উপলব্ধি কৰিব পাৰি৷ ফ্লাইভাৰখনৰ তলত ন–সমীয়াই বহি থাকে৷
ইপিনে গুৱাহাটী মহানগৰীৰ পার্কিঙৰ সমস্যাৰ প্রসংগত তেওঁ কয় যে চৰকাৰে পার্কিং স্থান নির্ধাৰণ কৰি দিছে যদিও জনসাধাৰণে সেই স্থানত যান–বাহন নাৰাখে৷ এই প্রসংগত তেওঁ শ্রদ্ধাঞ্জলি কাননত স্থাপন কৰা বহুমহলীয়া পার্কিঙত জনসাধাৰণে পার্কিং নকৰা বিষয়টো উনুকিয়াই কয় যে গুৱাহাটী পৌৰ নিগম, জি এম ডি এ, কামৰূপ মেট্র’ৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ সমন্বয়হীনতাৰ অভাৱৰ বাবেই পার্কিং সমস্যা সমাধান নোহোৱাকৈ আছে৷ পৌৰ নিগমৰ আয়ুক্ত, জি এম ডি এৰ মুখ্য কার্যবাহী বিষয়া, আৰক্ষী আয়ুক্ত আৰু কামৰূপ মেট্র’ৰ উপায়ুক্তই প্রত্যেক সপ্তাহত যদি এবাৰকৈও মিলিত হয়, তেতিয়াহ’লে মহানগৰীৰ পার্কিং সমস্যাৰ লগতে বহু সমস্যা সমাধান হ’ব৷ এইক্ষেত্রত তেওঁ জৰিমনা বিহাৰো পোষকতা কৰে৷ মহানগৰীৰ সামগ্রিক ব্যৱস্থাৱলী উন্নয়ন আমোলা–বিষয়াইহে কৰিব লাগিব, ৰাজনৈতিক নেতাই নহয়৷