নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰবিচন্দ্রন অশ্বিনৰ অনন্য অভিলেখ

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ   এখন টেষ্টত পাঁচটা উইকেট দখল আৰু শতক অর্জন কৰাৰ বিৰল অভিলেখ ৰচিছে টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনে৷ ইংলেণ্ডৰ বিৰুদ্ধে চেন্নাইত চলি থকা দ্বিতীয় টেষ্টৰ তৃতীয় দিনা কেৰিয়াৰৰ পঞ্চমটো টেষ্ট শতক অর্জন কৰি তেওঁ কেইবাটাও বিৰল অভিলেখৰ অধিকাৰী হয়৷ উল্লেখ্য যে অশ্বিনে আজি এখন টেষ্টত তৃতীয়বাৰৰ বাবে ৫টা উইকেট দখলৰ লগতে শতক অর্জন কৰে৷ এইক্ষেত্রত তেওঁ কিংবদন্তি অলৰাউণ্ডাৰ ইয়ান ব’থামৰ পিছতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ব’থামে টেষ্ট কেৰিয়াৰত ৫বাৰ এখন টেষ্টত ৫টা উইকেট দখলৰ লগতে শতক অর্জনৰ কৃতিত্ব লাভ কৰিছিল৷ ইয়াৰ পূর্বে জেক কালিছ, গেৰী ছ’বার্চ, ছাকিব আল হাছান আৰু মুস্তাক মহম্মদে টেষ্ট ক্রিকেটত দুবাৰ এই কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছিল৷ ভাৰতৰ ভিনু মানকাড আৰু প’লি উমৰিগড়ে অশ্বিনৰ পূর্বে এখন টেষ্টত ৫টা উইকেট দখলৰ লগতে শতক অর্জন কৰিছিল৷ ইফালে, ভাৰতৰ হৈ ৮ নম্বৰ স্থানত সর্বাধিক টেষ্ট শতক অর্জন কৰা খেলুৱৈ হিচাপেও চিহ্ণিত হৈছে ৰবিচন্দ্রন অশ্বিন৷ ইয়াৰ পূর্বে মহেন্দ্র সিং ধোনী, কপিল দেৱ আৰু হৰভজন সিঙে ৮ নম্বৰ স্থানত দুটাকৈ শতক অর্জন কৰিছিল৷

You might also like