নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনঃ নাডাল–বার্টি কোৱার্টাৰ ফাইনেলত

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ দ্বিতীয় বাছনিপ্রাপ্ত স্পেইনৰ ৰাফেল নাডালে সহজ জয়েৰে চলিত অষ্ট্রেলিয়ান অ’পেনৰ পুৰুষ ছিংগলছৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ চতুর্থ ৰাউণ্ডৰ মেচ এখনত নাডালে ষষ্ঠদশ বাছনিৰ ফাবি’ ফগনিনিক পোনপটীয়াকৈ ৬–৩, ৬–৪, ৬–২ ছেটত পৰাস্ত কৰে৷ কোৱার্টাৰ ফাইনেলত নাডালে ষ্টেফান’ছ টিটচিপাছৰে মুখামুখি হ’ব৷ ইফালে, পঞ্চম বাছনিৰ টিটচিপাছ আৰু সপ্তম বাছনিৰ আন্দ্রে ৰুবলেভে ৱাক’ভাৰ লাভ কৰি কোৱার্টাৰত প্রৱেশ কৰে৷ চতুর্থ ৰাউণ্ডৰ মেচখনত বেৰেট্টিনীয়ে ভাগ নোলোৱাত টিটচিপাছে অগ্রগতি লাভ কৰে৷

ইফালে, কেচপাৰ ৰুডৰে খেলা চতুর্থ ৰাউণ্ডৰ মেচখনত ৰুবলেভে ৬–২, ৭–৬ (৭–৩) ছেটত আগবাঢ়ি থকাৰ সময়তে ৰুডে মেচখনৰ পৰা অৱসৰ লয়৷ আনহাতে, চতুর্থ বাছনিৰ ডানিল মেডভেডেভে মেকেঞ্জি মেকড’নাল্ডক পৰাস্ত কৰি অন্তিম আঠত প্রৱেশ কৰে৷ মহিলা শাখাৰ ছিংগলছৰ কোৱার্টাৰত স্থান সুৰক্ষিত কৰিছে শীর্ষ বাছনিৰ এছলে বার্টিৰ লগতে ২২সংখ্যক বাছনিৰ জেনিফাৰ ব্রেডি, ২৫সংখ্যক বাছনিৰ কাৰোলিনা মুছ’ভা আৰু জেছিকা পেগুলাই৷ বার্টিয়ে চেলবি ৰ’জার্ছক, ব্রেডিয়ে ড’নাভেকিচক আৰু মুছ’ভাই অষ্টাদশ বাছনিৰ মার্টেনছক হৰুৱায়৷ ইফালে, পঞ্চম বাছনিৰ এলিনা চিট’লিনাই পেগুলাৰ হাতত পৰাস্ত হৈ চতুর্থ ৰাউণ্ডৰ পৰা বিদায় লৈছে৷

You might also like