বিজেপিত যোগ দিলে গণ শক্তিৰ বিধায়ক ভুবন পেগুৱে
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ দীর্ঘদিনীয়া জল্পনা–কল্পনা আৰু ৰাজনৈতিক সমীকৰণ মিলাই অৱশেষত গণ শক্তি এৰি বিজেপিত যোগ দিলে বিধায়ক ভুবন পেগুৱে৷ ধেমাজি, লখিমপুৰ, মাজুলী আদি কেইবাখনো জিলাত সাংগঠনিক স্থিতি শক্তিশালী কৰি গণ শক্তিৰ ভেটি মজবুত কৰি তোলা ভুবন পেগুৱে আজি বিজেপিত যোগদানৰ পাছতেই কার্যতঃ পুনৰ দুর্বল হৈ পৰিল আঞ্চলিক দলটো৷ ইয়াৰ পূর্বেই গণ শক্তিৰ আন এগৰাকী শক্তিশালী নেতা ৰণোজ পেগুৱে বিজেপিত যোগ দিছিল৷
ভুবন পেগুৰ যোগদান উপলক্ষে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত আয়োজন কৰা হয় এক অনুষ্ঠান৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত থকা এই যোগদান অনুষ্ঠানত ভুবন পেগুৰ লগতে কংগ্রেছৰো কেইবাজনো যুৱ নেতাই আজি বিজেপিত যোগদান কৰে৷ মন কৰিবলগীয়া যে ৰাহুল গান্ধীৰ অসম ভ্রমণৰ এদিন পাছতেই কংগ্রেছত খহনীয়া সৃষ্টি কৰি আজি কেইবাগৰাকী যুৱ কংগ্রেছী তথা এন এছ ইউ আইৰ সদস্যই বিজেপিত যোগ দিয়ে৷
শাসকীয় দলটোত যোগদান কৰাসকলৰ ভিতৰত আছে কংগ্রেছৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদিকা দেৱশ্রী বৰা, ৰাষ্ট্রীয় প্রতিনিধি এনজয় দে’, বিৰোধী দলটোৰ যুৱ সদস্য কংকণা গোস্বামী, উমি ডেকাবৰুৱা, ডুনী বৰবৰুৱা, অসম অনুসূচিত জাতি ইউনাইটেড ফ্রণ্টৰ সভাপতি উৎপল হাজৰিকা, অধিবক্তা তথা এন পি পিৰ যুৱ সম্পাদক ফজালী ইলাহী চৌধুৰী, প্রাক্তন শিক্ষক ড০ আবু বক্কৰ ছিদ্দিকী, কাদিৰুজ জামান জিন্নাকে আদি কৰি সদস্য৷ অনুষ্ঠানত ভাষণ প্রদান কৰি বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– সংখ্যালঘুসকলক বিভিন্ন ধৰণে ভয়–ভীতিৰে নির্বাচনৰ প্রাক্ক্ষণত বিৰোধীয়ে আভুৱা ভাঁৰি আহিছে৷ কিন্তু এটা কথা স্পষ্ট– বিজেপিয়েহে সংখ্যালঘুৰ স্বার্থ সুৰক্ষিত কৰিব পাৰিব৷ মুছলমান লোক মানেই কংগ্রেছ বা এ আই ইউ ডি এফ নহয়৷ আজি দলত বৃহৎসংখ্যক ইছলামধর্মী লোকে যোগদান কৰিছে৷
ইয়াৰ পৰা স্পষ্ট হয় যে বিজেপি মুছলমানবিৰোধী নহয়৷ যোৱা পঞ্চায়ত নির্বাচনৰ পৰা সমাজৰ বিভিন্ন শ্রেণীৰ প্রায় ৯ লাখ লোকে বিজেপিত যোগদান কৰিছে৷ ৬৭ লাখ কার্যকর্তা দলৰ সদস্য নোহোৱালৈকে এই যোগদান কার্যসূচী অবিৰতভাৱে চলি থাকিব৷ আনহাতে, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক কটাক্ষ কৰি সভাপতি ৰঞ্জিত দাসে কয়– ৰিপুণ বৰাই কংগ্রেছৰ অপশাসন, ভ্রষ্টাচাৰত ৰাজ্যবাসী জুৰুলা হোৱা বুলি নিজেই স্বীকাৰ কৰিছে৷ ইয়াৰ বিপৰীতে বিজেপি এটা দল নহয়৷ ই এক অভিযানহে৷ দলীয় কার্যকর্তাৰ সক্রিয়তা আৰু চৰকাৰৰ সফলতাই বিজেপিক ১০০+ৰ লক্ষ্যত উপনীত কৰাব৷