নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাষ্টবিনত পৰিণত মহানগৰীৰ বশিষ্ঠ নদী

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু গুৱাহাটী উন্নয়ন কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবেই ক্রমাৎ মৰা ভৰলুত পৰিণত হোৱাৰ উপক্রম হৈছে মহানগৰীৰ মাজেৰে পাৰ হৈ যোৱা বশিষ্ঠ নদী৷ একাংশ অসাধু লোকে বশিষ্ঠ নৈখন ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আৱর্জনাৰে পুতি পেলোৱাৰ পিছতো এইক্ষেত্রত জিলা আৰক্ষী প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ ভেটাপাৰা নৈৰ কাষত থকা পাইকাৰী মাছৰ বজাৰে বশিষ্ঠ নৈখনলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে৷ অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে জনোৱা মতে নিতৌ বজাৰখনত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা শ শ কুইণ্টল মাছ অনা হয়৷

মাছ বেপাৰীসকলে পুৱাৰে পৰা মাছ বিক্রী কৰি মাছ কঢ়িয়াই অনা প্লাষ্টিক আৰু থার্মকল, কার্টন আদি নৈখনলৈ দলিয়াই দিয়ে৷ ফলত পেলনীয়া প্লাষ্টিকৰ আৱর্জনা আৰু থার্মকলেৰে নৈখন ভৰি পৰা পৰিলক্ষিত হৈছে৷ ভেটাপাৰাৰ পৰা সিজুবাৰীৰ দোৱাত বজাৰলৈ নৈখনত কেৱল থার্মকল আৰু প্লাষ্টিকৰ বটল আদিৰে ভৰি পৰাত নৈখনৰ পানী বহন ক্ষমতা ক্রমাৎ হ্রাস পাইছে৷

ইপিনে, নৈখনৰ দুয়ো পাৰে অস্থায়ী জুপুৰি সাজি কাম কৰা লোকসকলে নৈখনক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰি আহিছে৷ নৈখনৰ দুয়োপাৰে দমাই থোৱা আৱর্জনা কুকুৰ–কাউৰীয়ে টানি নৈত পেলোৱাত নৈখন ডাষ্টবিনত পৰিণত হোৱাৰ পিছতো জিলা–আৰক্ষী–প্রশাসন্ দৃষ্টিগোচৰ হোৱা নাই৷ এইদৰে আৱর্জনা পেলালে অনাগত দিনত নৈখন মৰা ভৰলুৰ দৰে মৃত নৈলৈ ৰূপান্তৰিত হোৱাটো এক প্রকাৰ নিশ্চিত হৈ পৰিছে৷

You might also like