নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ মহাজোঁটবন্ধনক লৈ অৱমাননামূলক মন্তব্য কৰা এ আই ইউ ডি এফ বিধায়িনী দলৰ উপ–দলপতি তথা দলৰ উপ–সভাপতি, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক দলে কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰিছে৷ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ নির্দেশমর্মে বুধবাৰে তেওঁক কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰে৷ জাননীখনত মহাজোঁটবন্ধনক অৱমাননাসূচক মন্তব্য কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা নহ’ব, সেই সম্পর্কত ৭ দিনৰ ভিতৰত উত্তৰ দিবলৈ পত্রখনত উল্লেখ কৰা হৈছে৷ সেইদৰে দলৰ নেতা–কর্মীসকলক কংগ্রেছৰ নেতৃত্বত গঠন হোৱা জোঁটবন্ধন সম্পর্কত বিভ্রান্তিকৰ আৰু ক্ষতিকাৰক মন্তব্য নকৰিবলৈও আজমলে সকীয়াই দিয়ে৷ ইপিনে আজি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰাত অনুষ্ঠিত এ আই ইউ ডি এফৰ এখন কর্মীসভাত দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামে কয় যে কংগ্রেছৰ সৈতে মিত্রতা কোনোপধ্যে ভংগ নহয়৷ ‘কা’ৰ বিৰোধিতা কৰা বিষয়টোক লৈয়ে মহাজোঁট গঠন হৈছে৷ কংগ্রেছে ‘কা’ৰ বিৰোধিতা কৰা বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ অৱশ্যে কংগ্রেছে ‘কা’ৰ বিৰোধিতাৰ ইছ্যুটো সঠিকভাৱে খেলিব পৰা নাই৷