তেলেংগানাত নিষ্ঠুৰ হত্যাৰ বলি হ’ল অধিবক্তা দম্পতী
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ তেলেংগানাত দুৰ্বৃত্তৰ আক্ৰমণত শোকাৱহভাৱে প্ৰাণ গ’ল এটি অধিবক্তা দম্পতীৰ। তেলেংগানাৰ নমপল্লী ক্ৰিমিনেল আদালতৰ আইনজীৱী গট্টু ভমন আৰু তেওঁৰ পত্নী নগামণিয়ে এখন চাৰিচকীয়া বাহেনেৰে গৈ থকা সময়ত কালভা চেৰলা নামৰ গাঁৱত দুয়োৰে ওপৰত আক্ৰমণ কৰে দুৰ্বৃত্তই।
ক’লা ৰঙৰ গাড়ীৰে বাট আগচি দুয়োকে গাড়ীৰ পৰা নমাই চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰে। ৰাস্তাত চটফটাই পৰি থকা আইনজীৱী গট্টু ভমনে আক্ৰমণকাৰীৰ নাম ‘কুন্তি শ্রীনিবাস’ বুলি উল্লেখ কৰি মৃত্যুৰ কোলাত ঢলি পৰে।
আনহাতে জিলা আৰক্ষী অধীক্ষক ভি সত্যনাৰায়ণে প্ৰফেছনেল কিলাৰৰ হতুৱাই পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে। কালি ঘটা এই ঘটনাৰ বাবে আজি কৰ্মবিৰতি পালন কৰে নমপল্লী ক্ৰিমিনেল আদালতৰ কৰ্মচাৰীয়ে।