গৰু ছিণ্ডিকেটৰ ধন পায় মুখ্যমন্ত্রীৰ কার্যালয়েঃ লুৰিণজ্যোতি গগৈ
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ৰাজ্যত চলি থকা গৰু ছিণ্ডিকেটৰ ধন লাভ কৰে মুখ্যমন্ত্রীৰ কার্যালয়ে৷ – এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷
পলাশবাৰী সমষ্টিৰ ৰামপুৰত এক যোগদান সমাৰোহত অংশগ্রহণ কৰি নৱগঠিত আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে কয় যে অসমত এতিয়া চুপাৰি, কাঠ, কয়লা সকলোৰে নামত ছিণ্ডিকেট চলে৷ অৰুণাচল প্রদেশৰ পৰা অহা ইলাচী আৰু বনৌষধি গুণযুক্ত ক’লাকচুক লৈও ছিণ্ডিকেট গঢ়ি উঠিছে৷ একে সময়তে ৰামৰ নাম লৈ চলাই থকা হৈছে গৰুৰ ছিণ্ডিকেট৷ গৰুৰ ছিণ্ডিকেটৰ ধন আনকি মুখ্যমন্ত্রীৰ কার্যালয়লৈও যায়৷ অসমত জাতীয় চৰকাৰ গঠন হ’লে এই ছিণ্ডিকেটৰাজ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে এম জি এনৰেগাৰ নামত দুর্নীতি কৰি দুখীয়াৰ তেজ শুঁহি খোৱাসকলৰ বিৰুদ্ধে তদন্ত হ’ব৷ ৰাজ্যত যিমানবোৰ দুর্নীতি–কেলেংকাৰি চলি আছে সকলোৰে তদন্ত হ’ব৷ দুর্নীতিগ্রস্তসকলে কঠোৰ শাস্তি পাব৷
উল্লেখ্য যে ৰূপম চন্দ্র কলিতাই আঁত ধৰা আৰু প্রিঞ্চ ফাইজুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত উপস্থিত থাকি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অসম চুক্তিৰ ৬ নম্বৰ দফা কার্যকৰী কৰাৰ ক্ষেত্রত বিভিন্ন বাধা আছে বুলি হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে৷ লগতে সমাগত বিধানসভা নির্বাচনত পলাশবাৰী সমষ্টিটো অসম জাতীয় পৰিষদ দলৰ দখললৈ আহিব বুলি কয়৷ সভাত কেইবাসহস্র লোকৰ উপস্থিতিত এই জাতীয় জাগৰণ আৰু যোগদান সভাত সদ্য অগপত্যাগী নেতা তথা পলাশবাৰী সুৰক্ষা মঞ্চৰ সভাপতি পংকজলোচন গোস্বামীসহ সুৰক্ষা মঞ্চৰ কর্মীয়ে অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ তেওঁ বিধানসভা নির্বাচনত পলাশবাৰী সমষ্টিত অসম জাতীয় পৰিষদৰ সম্ভাব্য প্রার্থী হ’ব বুলিও জনসাধাৰণ মাজত চর্চা চলিছে৷
সভাত সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে কার্যকৰী সভাপতি পবীন্দ্র ডেকাসহ বহুকেইজন নেতা উপস্থিত থাকে৷ ইফালে, কালি সন্ধিয়াৰ ভাগত মহানগৰীৰ প্রাগজ্যোতিকা সাংস্কৃতিক প্রকল্পত দলটোৰ আন এখন যোগদান সভা অনুষ্ঠিত হয়৷ অজাপৰ শীর্ষ নেতৃত্বৰ উপস্থিতিত অসম গণ পৰিষদৰ মহানগৰ সমিতিৰ বহুসংখ্যক নেতা–কর্মীয়ে দলটোত যোগদান কৰে৷