ছয়গাঁও বজাৰ আধুনিকীকৰণৰ আধাৰশিলা স্থাপন মন্ত্রী যোগেন মোহনৰ
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ বিশ্ব বেংকৰ সাহায্য পুঁজিৰ অধীনত ২০২০-২১ৰ APART প্ৰকল্পৰ অনুমোদিত কামৰূপ জিলাৰ ছয়গাঁও বজাৰৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ বাবে আজি দিনৰ প্ৰায় ১২ বজাত অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ প্ৰশমন(স্বতন্ত্ৰ) তথা লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মোহনে ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু অসম চৰকাৰৰ খাদী ও গ্ৰামোদ্যোগ বোৰ্ডৰ অধ্যক্ষ কমলা কলিতাৰ উপস্হিতিত আধাৰশিলা স্থাপন কৰে।
লোক নিৰ্মাণ বিভাগৰ ব্ৰহ্মপুত্ৰ দলং নিৰ্মাণ সংমণ্ডলৰ অভিযন্তা প্ৰকাশ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভাষণ দি মন্ত্রী যোগেন মোহনে কয় যে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ উদ্দেশ্যে চৰকাৰে বজাৰসমূহৰ উন্নয়নৰ কাম হাতত লৈছে।
সভাত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে আজিৰ এই বজাৰৰ আধাৰশিলা স্থাপনৰ জৰিয়তে ছয়গাঁওবাসীৰ বৃহৎ স্বাৰ্থ পূৰণ হ’ল। বিধায়ক গৰাকীয়ে উকিয়াম বজাৰ, চাম্পুপাৰা বজাৰ আৰু গৰৈমাৰী বজাৰৰ উন্নয়নৰ ব্যৱস্থা পৰ্যায়ক্ৰমে হাতত লোৱা হ’ব বুলিও কয়।
সভাত অসম চৰকাৰৰ খাদী আৰু গ্ৰামদ্যোগ বোৰ্ডৰ অধ্যক্ষ কমলা কলিতাই ভাষণত এই প্ৰকল্পটো আদৰণীয় বুলি উল্লেখ কৰাৰ লগতে ছয়গাঁও বজাৰৰ সমস্যাৰ স্থায়ী সমাধান লাগে বুলি উল্লেখ কৰে ।
আজিৰ এই অনুষ্ঠানত সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী তথা ছয়গাঁও ৰাজহ চক্ৰ বিষয়া, ছয়গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ লগতে স্থানীয় লোক সকল উপস্হিত থাকে ।