নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়োজনত জ্বলাই দিয়াও হ’ব পাৰে ফচলঃ কৃষক নেতা ৰাকেশ টিকেত

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ২৬ জানুৱাৰীত দিল্লীত ট্ৰেক্টৰ মাৰ্চ, ৬ ফেব্ৰুৱাৰীত ‘চক্কা জাম’ আন্দোলনৰ পিছত কালি চাৰি ঘণ্টীয়া ৰে’ল অৱৰোধ কাৰ্যসূচী লৈছিল দিল্লী সীমান্তত আন্দোলনৰত কৃষকে।

দেশৰ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগকে ধৰি বিভিন্ন ৰাজ্যত বৃহস্পতিবাৰে দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল প্ৰতিবাদী কৃষকে।

এতিয়া উত্তৰ ভাৰতত বতৰ চলি আছে ফচল কটাৰ। অথচ এই বতৰতে দিল্লী সীমান্ত প্ৰতিবাদ চামিল হৈ থকা কৃষকে খেতিপথাৰলৈ যোৱা-নোযোৱা প্ৰসংগত কৃষক নেতা ৰাকেশ টিকেতে কৃষি ফচল জ্বলাই দিয়াৰ বিষয়ত মত ব্যক্ত কৰে।

তেওঁ কয়- ‘চৰকাৰে ভাবিব নালাগে যে কৃষকসকলে ধৰ্ণা এৰি শস্য কটাৰ বাবে গাঁওলৈ যাব। দিল্লীৰ সীমা খালী কৰা নহ’ব। প্ৰয়োজন হ’লে খাদ্যশস্য জ্বলাই দিয়া হ’ব। তথাপি কৃষকসকলে আন্দোলন এৰি নাযায়। শস্য চপোৱাৰ দৰে প্ৰতিবাদো চলি থাকিব।’

তেওঁ লগতে উল্লেখ কৰে যে আন্দোলনটো এতিয়া পশ্চিমবংগতো বিয়পি পৰিব।

You might also like