নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ফেব্রুৱাৰীত মোদীয়ে সম্বোধন কৰিব বিশাল জনসভা

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  ধেমাজি জিলাৰ কুলাজানৰ বগীবিল পথৰ পিয়াং চিতলমাৰীৰ পথাৰত অহা ২২ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব বিশাল জনসভা৷ ইয়াৰ বাবে ইতিমধ্যে প্রায় সম্পূর্ণ হৈ উঠিছে প্রস্তুতিৰ কাম৷ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে আন আন নেতাসকলেও চিতলমাৰীৰ পথাৰত উপস্থিত হৈ প্রধানমন্ত্রীগৰাকীৰ্ উপস্থিতিত হ’ব লগা জনসভাখনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লৈ যোৱাৰ সমান্তৰালভাৱে বর্তমানেও চিতলমাৰীৰ পথাৰত ব্যস্ত হৈ আছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু, ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক ৰণোজ পেগুৰ লগতে জিলা প্রশাসনৰ বিষয়াসকল৷

উল্লেখ্য যে চতুর্থবাৰৰ বাবে পুনৰ ধেমাজি জিলাত উপস্থিত হ’ব লগা নৰেন্দ্র মোদীৰ এই জনসভাত বিগত সময়তকৈও যাতে আৰু অধিক লোকক সমাগম কৰিব পাৰে, তাৰ বাবে দলীয় কর্মকর্তাসকল জিলাখনত ব্যস্ত হৈ পৰিছে৷ ইতিমধ্যে জনসভাৰ বাবে হেলিপেড, মূল মঞ্চ আদি নির্মাণৰ বাবে পূর্ণগতিত কাম চলাই নিয়াৰ লগতে কর্মকর্তাসকলে জিলাখনৰ কোন কোন অঞ্চলৰ পৰা কেনেদৰে, কিমান লোকক আনিব, এই বিষয়টো বিভিন্ন স্থানত সভা–সমিতি অনুষ্ঠিত কৰি সজাগতা সৃষ্টি কৰা বুলি জানিব পৰা গৈছে৷ ইফালে ধেমাজি, লখিমপুৰ, ডিব্রুগড়ৰ পৰা মানুহ আনিবৰ বাবে ৮খনকৈ ৰে’লৰো ব্যৱস্থা কৰা বুলি জানিব পৰা হৈছে৷ লগতে ভিন্ন প্রান্তৰ পৰা জনসাধাৰণ আহি সভাত উপস্থিত হ’ব পৰাকৈ ১৫শৰো অধিক গাড়ীৰ ব্যৱস্থা কৰা হৈছে৷

আনহাতে, যোৱা ২০১৮ চনৰ ডিচেম্বৰ মাহত এই স্থানতে দেশৰ প্রধানমন্ত্রীৰ উপস্থিতিত বগীবিল দলং উদ্বোধন কৰাৰ সময়ত বিভিন্ন জিলাৰ গাড়ীসমূহ জাম হৈ পৰাত যান–জঁটৰ সমস্যা সৃষ্টি হোৱাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি এইবাৰ যাতে তেনে কোনো সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে লখিমপুৰ–ধেমাজিৰ দিশৰ গাডীসমূহ আৰু ডিব্রুগড়ৰ দিশৰ গাড়ীসমূহৰ বাবে সুকীয়া সুকীয়া ৫টাতকৈ অধিক পথৰ ব্যৱস্থা কৰিব বুলি জোনাই সমষ্টিৰ বিধায়কগৰাকীয়ে সদৰী কৰে৷ সভাস্থলীলৈও লোক সোমোৱাৰ বাবে প্রায় ১৫০টা পথৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিছে৷

You might also like