মূলসুঁতিলৈ উভতিল দুর্ধর্ষ উগ্রপন্থী সংবিজিত
কার্বি স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহীৰ তৎপৰতাত কেন্দ্রীয় গৃহমন্ত্রীলৈ স্মাৰক–পত্র পিডিচিকেৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসমত নৰসংহাৰ চলোৱা সংবিজিত আজি মুকলি আকাশৰ তলত৷ সেনা তথা অসম আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা এসময়ৰ এনডিএফবিৰ মুৰব্বী তথা বর্তমান কার্বি আংলঙৰ উগ্রপন্থী সংগঠন পি ডি চি কেৰ শীর্ষ নেতা সংবিজিত ওৰফে জে কে লিজাং কালি সোঁশৰীৰে অসমত উপস্থিত হয়৷ দুর্ধর্ষ উগ্রপন্থী নেতাজনক মূলসুঁতিলৈ অনাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ বিগত দুটা দশক ধৰি অসমৰ বিশেষকৈ বডো অধ্যুষিত এলেকাসমূহত ত্রাসৰ সৃষ্টি কৰা সংবিজিতক দীর্ঘ বিৰতিৰ পাছত মূলসুঁতিলৈ আনিবলৈ সক্ষম হয় কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং৷ তুলিৰাম ৰংহাঙৰ সৈতে সংবিজিত ওৰফে জে কে লিজাং আই বিৰ গুৱাহাটীস্থিত যুটীয়া সঞ্চালকৰ জৰিয়তে কেন্দ্রীয় গৃহমন্ত্রীলৈ প্রেৰণ কৰা স্মাৰক–পত্রখনত কার্বি আৰু আৰু ডিমা হাচাও জিলাৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যা সন্দর্ভত সবিস্তাৰে ব্যাখ্যা কৰাৰ লগতে ইয়াৰ সমাধানৰ বাবে সংগঠনটোৰ তৰফৰ পৰা কেন্দ্রীয় গৃহমন্ত্রীৰ ওচৰত কেইবাটাও গুৰুত্বপূর্ণ আর্জি জনোৱা হৈছে৷
পি ডি চি কেৰ অধ্যক্ষ সংবিজিত ওৰফে জে কে লিজাং স্বাক্ষৰিত স্মাৰক–পত্রখনত পার্বত্য জিলাকেইখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ স্বার্থত ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদ ৰূপায়ণ কৰাৰ দাবী জনোৱাৰ লগতে ভাৰতীয় সংবিধানৰ ২৪৪ (ক) অনুচ্ছেদৰ অধীনত এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বাবে উত্থাপিত দাবী সন্দর্ভত অধ্যয়নৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ তথা অন্যান্য সংগঠনসমূহৰ সৈতে আলোচনাৰ বাবে এগৰাকী আয়ুক্তক নিযুক্তি প্রদানৰ বাবে দাবী জনোৱা হয়৷ আনহাতে, কার্বি আংলং জিলাৰ বাহিৰেও অসমৰ আন এঘাৰখন জিলাত কার্বিসকলৰ বসতি আছে বুলি উল্লেখ কৰি স্মাৰক–পত্রখনত ডিমাচা, গাৰো, তিৱা আদি জনজাতিসকলক স্বায়ত্তশাসিত জিলাৰ অন্তর্গত এলেকা আৰু আন জিলাতো অনুসূচিত জনজাতিৰ মর্যাদা প্রদান কৰাৰ কথা উল্লেখ কৰি স্বায়ত্তশাসিত জিলাৰ বাহিৰৰ এলেকাত বসবাস কৰি থকা কার্বিসকলকো অনুসূচিত জনজাতিৰ সকলো সা–সুবিধা প্রদানৰ বাবে দাবী জনোৱা হয়৷ আনহাতে, মিচিং, তিৱা, ৰাভা, বডো আদি জনজাতীয় লোকসকলৰ আর্হিত স্বায়ত্তশাসিত এলেকাৰ বাহিৰত বসবাস কৰা কার্বিসকলৰ বাবে ভৈয়াম কার্বি স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ লগতে ইয়াক উপগ্রহীয় ব্যৱস্থাৰ জৰিয়তে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে সংযুক্ত কৰাৰ দাবী জনোৱা হয়৷ সকলো চৰকাৰী সাহায্যপ্রাপ্ত বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্রেণীপর্যন্ত কার্বি ভাষা শিক্ষকৰ নিযুক্তি প্রদান, গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রৰ আর্হিত সোণাপুৰত কার্বি সাংস্কৃতিক কেন্দ্র স্থাপন, বিশ্বনাথ চাৰিআলি, গহপুৰ, নগাঁও, হোজাই, জাগীৰোড, শিলচৰ, গোলাঘাট, নংপো (মেঘালয়) আৰু ডিমাপুৰ (নাগালেণ্ড)ত আঞ্চলিক কার্বি সাংস্কৃতিক কেন্দ্র স্থাপন আৰু নাগালেণ্ড, অৰুণাচল প্রদেশ আৰু মেঘালয়ত অনুসূচিত জনজাতিৰ তালিকাত ‘মিকিৰ’ সলনি কৰি ‘কার্বি’ শব্দৰ ব্যৱহাৰৰ দাবী জনোৱা হয়৷ ইয়াৰ উপৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকা তথা অসমৰ অন্যান্য কার্বি জনজাতি অধ্যুষিত এলেকাৰ অর্থনৈতিক উন্নয়নৰ স্বার্থত প্রাথমিকভাৱে কমেও পাঁচ হাজাৰ কোটি টকাৰ আর্থিক সাহায্য প্রদানৰ বাবেও স্মাৰক–পত্রযোগে দাবী জনোৱা হয়৷
আনহাতে, সংগঠনটোৰ কেডাৰসকলৰ শান্তিপূর্ণ ভৱিষ্যতৰ স্বার্থত পি ডি চি কেৰ সকলো কেডাৰৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰৰ ক্ষমাদান কৰাৰ লগতে কেডাৰসকলৰ পুনঃসংস্থাপনৰ বাবে বিত্তীয় অনুদানৰ বাবে আবেদন জনোৱা হয়৷ এই স্মাৰক–পত্র প্রদান অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য ৰংহাং, মুখ্য কার্যবাহীগৰাকীৰ উপদেষ্টা এলৱিন টেৰণ, পি ডি চি কেৰ অধ্যক্ষ সংবিজিত ওৰফে জে কে লিজাং আৰু সংগঠনটোৰ আন এগৰাকী শীর্ষনেতা কংকাট টেৰণ উপস্থিত থাকে৷ অহা ২৫ ফেব্রুৱাৰীত অসম ভ্রমণলৈ আহিবলগীয়া কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কার্বি আংলং জিলাৰ ডেনগাঁৱত এখন বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰিব৷ গৃহমন্ত্রীগৰাকীৰ সভাখন সফল কৰি তুলিবৰ বাবে ইতিমধ্যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ব্যাপক আয়োজন চলোৱা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ এনে ভ্রমণৰ প্রাক্মুহূর্তত স্মাৰক–পত্র প্রেৰণ বিশেষ গুৰুত্বপূর্ণ বিবেচিত হৈছে৷ আনহাতে, জিলাখনত বিগত কেইবাবছৰ ধৰি সশস্ত্র তৎপৰতা অব্যাহত ৰখা পি ডি চি কেই ১৭ ফেব্রুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ অলপতে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল৷