নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ আগন্তুক ২৫ ফেব্রুৱাৰীৰ পৰা পশ্চিমবংগত এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে নির্বাচনী প্রচাৰ আৰম্ভ কৰিব৷ সংখ্যালঘু অধ্যুষিত মেটিয়াব্রাজ অঞ্চলত এক গণসভাত অংশগ্রহণ কৰিব ওৱেইছিয়ে৷ এ আই এম আই এমৰ সূত্রই সদৰী কৰা অনুসৰি দক্ষিণ ২৪ পৰগণা জিলাৰ মেটিয়াব্রাজত ওৱেইছিয়ে নির্বাচনী ৰণডংকা বজাই ৰাজ্যখনৰ বিধানসভা নির্বাচনত এইবাৰ দলৰ কেইবাগৰাকীও প্রার্থীৰ বিজয়ৰ প্রচেষ্টা চলাব৷
মেটিয়াব্রাজ হৈছে ডায়মণ্ড হার্বাৰ লোকসভা সমষ্টিৰ অন্তর্গত অঞ্চল৷ এই সমষ্টিটোৰ সাংসদ হিচাপে আছে মমতা বেনার্জীৰ ভতিজাক অভিষেক বেনার্জী৷ গতিকে অভিষেক বেনার্জীৰ দুর্গত আঘাত হনাৰ চিন্তা–চর্চা চলাইছে ওৱেইছিয়ে৷ ইয়াৰ পূর্বে ওৱেইছিয়ে পশ্চিমবংগ ভ্রমণ কৰি কেইবাগৰাকীও ধর্মীয় নেতাৰ সৈতে আলোচনাত মিলিত হৈছিল৷ আগন্তুক নির্বাচনত ওৱেইছিৰ দলে কমপক্ষেও ১০ আসনত প্রার্থী প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷