নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি ইমান ধুনীয়া, কিন্তু SINGLE কিয়? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশ্ন বিবেকৰ…

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  মাজুলীত ৰাজ্যিক পর্যায়ৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত মাজুলীৰ জেংৰাইমুখত ৰাজ্যখনৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৩৯টা জনগোষ্ঠীৰ শিল্পীৰ সমাহাৰেৰে অনুষ্ঠিত ‘সহোদৰ ২০২০–২১’ অনুষ্ঠান দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল বলিউদৰ অভিনেতা বিবেক অবেৰয়।

এই অনুষ্ঠানতে বলিউদৰ অভিনেতা বিবেক অবেৰয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা কৰে। বিবেক অবেৰয়ে অসমীয়াতে মুখ্যমন্ত্ৰী জনক সম্ভাষণ জনায়। অভিনেতা জনে কয় যে মোৰ মাজুলী লৈ আহি বিৰাট ভাল লাগিছে। মুখ্যমন্ত্ৰী গৰাকী মোৰ দাদা দৰে। বহু মানুহক লগ পাইছো কিন্তু মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল তেনেই সৰল ব্য়ক্তিত্ব। তেওঁৰ হৃদয়ত কেৱল অসম আৰু অসমবাসীৰ বাবে মৰম আৰু ভালপোৱা আছে। মই এজন বাহিৰৰ মানুহ আহি এই কথাষাৰ কৈছো। লগতে অভিনেতা জনে কয় যে আপুনি ইমান ধুনীয়া কিন্তু এতিয়াও কিয় অকলশৰীয়া। মই এইটো কথা বুজি পালো যে তেওঁৰ হৃদয়ত কেৱল অসমবাসীৰ বাবেহে মৰম আৰু চেনেহ আছে।

লগতে অভিনেতাজনে উল্লেখ কৰে যে মাজুলীলৈ আহি তেওঁ অভিভূত হৈ পৰিছে বুলি কয়৷ বিভিন্ন জাতি–জনগোষ্ঠীৰ সমন্বয়ৰে ইমান ডাঙৰ এক বৃহৎ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই সৌভাগ্যৱান হিচাপে অনুভৱ কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি প্রায় ২ বছৰ আগতে তেওঁক মাজুলী ভ্রমণৰ বাবে আহ্বান জনাইছিল বুলি উল্লেখ কৰি মাজুলীৰ আতিথ্যই আজি তেওঁক বিৰল সন্তুষ্টি প্রদান কৰিছে বুলিও তেওঁ কয়৷ মাজুলীক শক্তিশালী ব্রহ্মপুত্রৰ হৃৎপিণ্ড বুলি উল্লেখ কৰি মাজুলী কেৱল ভাৰতৰে নহয়, পৃথিৱীৰ এখন মনোমোহা আৰু প্রদূষণমুক্ত ঠাই বুলিও তেওঁ কয়৷

You might also like