নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ্প’ৰ বিষয়াৰ মুক্তিৰ দাবী বিহামপুৰৰ প্ৰেৰণা পুথিভঁড়ালৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভঁড়ালৰ আজি অনুষ্ঠিত হোৱা নিয়মীয়া সাপ্তাহিক কাৰ্যসূচী ‘দেওবৰীয়া চ’ৰা’ত বক্তব্য প্ৰদান কৰি পুথিভঁড়ালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে যোৱা প্ৰায় দুমাহ ধৰি পণবন্দী কৰি ৰখা কুইপ্প’ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ সন্দৰ্ভত আলফাই সোমবাৰৰ পাছত চৰম শাস্তি দিব বুলি ঘোষণা কৰাৰ পাছত ৰাজ্যজুৰি আলফাৰ বিৰূদ্ধে জনৰোষ তীব্ৰ হৈছে । আলফাৰ এই হঠকাৰিতা চূড়ান্ত অমানৱীয় আৰু অসমীয়া সভ্যতা-সংস্কৃতিৰ পৰিপন্থী । আলফাক বৰ্তমানে এক সংগঠিত ডকাইতৰ দল বুলি অভিহিত কৰি তেওঁ প্ৰশ্ন কৰে যে ঘাটকৰ ৰূপত অৱতীৰ্ণ হৈ আলফাই অসমৰ কি উপকাৰ সাধন কৰিছে ? ধেমাজি কাণ্ডৰ সেই ফুল কুমলীয়া শিশুসকলক হত্যা কৰি অথবা মাজুলীবাসীক বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ অহা সঞ্জয় ঘোষক হত্যা কৰি আলফা ইতিমধ্যেই অসমবাসীৰ মন আৰু মানসৰ পৰা আঁতৰি গৈছে । কুইপ্প’ কাণ্ডৰ ফল বিষময় হ’লে ইয়াৰ ফল আলফাই ভুগিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত চৰকাৰৰ প্ৰত্যাক্ৰমত আৰু কেইগৰাকীমান অসমীয়া সুঠাম যুৱকৰ প্ৰাণহানি হোৱাৰ বাহিৰে এই ঘটনাৰ পৰা অসমৰ একো কল্যাণ নহয় । আৰু দুগৰাকী নিৰপৰাধী নিৰস্ত্ৰ নাগৰিকক হত্যা কৰিবলৈ ওলোৱা দুকুৰি বছৰীয়া আলফাৰ বিপ্লৱ কি পৰ্যায়ত আছে, তাকেই আজি তেওঁলোকে উদঙাই দিলে । এয়া বিপ্লৱ নহয়, ক’ৰ্পৰেট গোষ্ঠীৰ সহযোগত চলি থকা সন্ত্ৰাসবাদ বুলি কৈ তেওঁ আৰু কয় যে আলফাই এফালে নিজে ক’ৰ্পৰেট গোষ্ঠীৰ পৰা ডকা-হকা দি কোটি কোটি টকা আদায় কৰিছে আৰু আনফলে ক’ৰ্পৰেট গোষ্ঠীক মুকলিভাবে অসমৰ সম্পদ লুন্ঠণ কৰিবলৈ এৰি দিছে । আনকি প্ৰয়োজন হ’লে এই লুন্ঠণ কাৰ্যত নিৰাপত্তা দি সহযোগ কৰিছে । প্ৰেৰণা পুথিভঁড়ালৰ তৰফৰ পৰা তেওঁ অৱিলম্বে বিষয়া দুজনক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় ।

ইফালে অখিল গগৈৰ মুক্তিৰ প্ৰসংগত মিডিয়াৰ ভূমিকাক সমালোচনা কৰি পুথিভঁড়ালটোৰ মুখ্য পৰিচালক শৰ্মাই প্ৰশ্ন কৰে যে বিষয়া দুগৰাকী মুক্তিৰ ক্ষেত্ৰত ইলেকট্ৰনিক মিডিয়াই যি সোচ্চাৰ ভূমিকা পালন কৰিছে, অখিল গগৈৰ ক্ষেত্ৰত সেই ভূমিকা পালন কৰা নাই কিয় ? অখিল গগৈৰ পত্নী-পুত্ৰ নাই নেকি ? অনুষ্ঠানত ভাষণ দি পৰিৱেশ কৰ্মী তথা কবি ভূপেন কুমাৰ দাসে অখল গগৈৰ মুক্তিৰ দাবী পুনৰ দোহাৰে ।

ইয়াৰ আগেয়ে অনুষ্ঠিত হোৱা দেওবৰীয়া কুইজ প্ৰতিযোগিতাৰ নিম্ন শাখাত যুটীয়াভাবে প্ৰথম স্থান লাভ কৰে ইছা দত্ত, কৰৱী হালৈ, জংকী দত্তই দ্বিতীয় হয় অংকিতা দত্ত । মধ্য শাখাত প্ৰথম স্থান দখল কৰে অভিনৱ নাৰায়ণ শৰ্মাই । দ্বিতীয় হয় পলাশ জ্যোতি বৰ্মনে আৰু তৃতীয় স্থান পায় মৃন্ময় হালৈয়ে । ইফালে উচ্চশাখাত প্ৰথম হয় তৰালী শৰ্মা, দ্বিতীয় স্থান লাভ কৰে যুটীয়াভাবে হৃষীকেশ বৰপূজাৰী, ভিতালী ডেকা, কাকলি বৰ্মন, জুবিতা বৰ্মন আৰু চন্দন দাসে । জ্যেষ্ঠ পৰিচালক হিমাদ্ৰি মেধি, হাৰকিউলিয়েন বৰ্মন, মামণি দেৱী আদি উপস্থিত থকা আজিৰ দেওবৰীয়া অনুষ্ঠানতে অহা শনিবাৰে পুথিভঁড়ালৰ শিশু আৰু কিশোৰ-কিশোৰী শাখা ষষ্ঠ অধিৱেশনখন অনুষ্ঠিত হ’ব বুলি মুখ্য পৰিচালকে ঘোষণা কৰে ।

You might also like