নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক গোকুল তালুকদাৰ–কুলেন্দ্র শইকীয়াক সম্বর্ধনা

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ ‘যুৱপ্রজন্মৰ মাজত মাতৃভাষাৰ জ্ঞান নোহোৱা হৈছে৷ এইক্ষেত্রত অভিভাৱকসকল সচেতন হ’ব লাগিব৷ নৱপ্রজন্মক আধ্যাত্মিক শিপাৰে বান্ধিব নোৱাৰিলে সুষম সাহিত্য সৃষ্টি সম্ভৱ নহয়৷– এই মন্তব্য অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ৷ আজি নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়ৰ সভাপতিত্বত উত্তৰ নুনমাটিৰ শক্তিপীঠত অনুষ্ঠিত সভাৰ বিশেষ বার্ষিক অধিৱেশন আৰু বঁটা প্রদান অনুষ্ঠানত সভাৰ মুখপত্র ‘সেতু’ উন্মোচন কৰি এনেদৰে মন্তব্য কৰে সাহিত্য সভাৰ উপ–সভাপতি দেৱীয়ে৷ তেওঁ লগতে কয় যে সাহিত্যিক পেন্সন এটা সন্মান নহয়, প্রেৰণাহে৷ গতিকে, চৰকাৰে উপযুক্ত সাহিত্যিকক এই পেন্সন দিব লাগে৷ যোগ্যজনে এই পেন্সন পালেহে লেখকৰ সার্থকতা আৰু সন্মান বুলি ক’ব পাৰি৷

অনুষ্ঠানত দৈনিক অসমৰ সাংবাদিক গোকুল তালুকদাৰক প্রয়াত গজেন্দ্র নাথ পাটগিৰি সোঁৱৰণী সচেতন সাংবাদিকতাবঁটা আৰু নিউজ লাইভৰ সাংবাদিক কুলেন্দ্র শইকীয়াক প্রয়াত সত্যনাথ গোস্বামী সোঁৱৰণী সচেতন সাংবাদিকতা বঁটা প্রদান কৰা হয়৷ এই বঁটাত ফুলাম গামোচা, স্মাৰক, সম্বর্ধনা–পত্র আৰু মাননি প্রদান কৰা হয়৷

অনুষ্ঠানত উপস্থিত থাকি পদ্মশ্রী যতীন গোস্বামীয়ে লেখক এগৰাজ ছেত্রীৰ ‘জীৱনৰ কঠিন বাটেৰে’ গ্রন্থখন উন্মোচন কৰে৷ হৰমোহন কলিতাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইপিনে, পুৱা পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰে সভাৰ সভাপতি নৰেন ৰয়ে৷ সভাত ছাত্র–ছাত্রীৰ মাজত অনুষ্ঠিত চিত্রাংকন প্রতিযোগিতাত ‘ক’ শাখাত দেৱস্মিতা দাস, বার্বি তালুকদাৰ, জয়শ্রী ৰাজবংশীয়ে পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ‘খ’ শাখাত গীতাঞ্জলি মেছ, গীতিৰাজ মেধি, পংকজ দাস আৰু ‘গ’ শাখাত নিখিল দাস, বিবেক কলিতা আৰু অমৃতা বিশ্বাসক পুৰস্কাৰ প্রদান কৰে৷

You might also like