নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিবা–নৈশ টেষ্টলৈ সাজু বিশ্বৰ সর্ববৃহৎ মটেৰা ক্রিকেট ষ্টেডিয়াম

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ প্রথমখন আন্তঃৰাষ্ট্রীয় মেচৰ বাবে সাজু হৈ উঠিছে আহমেদাবাদত নতুন ৰূপত নির্মাণ কৰি উলিওৱা বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম চর্দাৰ পেটেল ষ্টেডিয়াম৷ গুজৰাট ক্রিকেট সন্থাই ঐতিহাসিক মটেৰা ষ্টেডিয়ামক সুবৃহৎ আৰু অত্যাধুনিক ৰূপত নির্মাণ কৰি উলিওৱা এই চর্দাৰ পেটেল ষ্টেডিয়ামত অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু ইংলেণ্ডৰ বহু প্রত্যাশিত দিবা–নৈশ টেষ্ট৷ গোলপীয়া বলৰ এই টেষ্টৰ বাবে ইতিমধ্যে দুয়োটা দলে শনিবাৰৰ পৰা আহমেদাবাদৰ অত্যাধুনিক ষ্টেডিয়ামখনত অনুশীলন আৰম্ভ কৰিছে৷ ক্রিকেট অনুৰাগীৰ মাজতো মেচখনক লৈ ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে৷

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে  প্রকাশ কৰা অনুসৰি ভাৰত–ইংলেণ্ডৰ মাজত অহা ২৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ তৃতীয় টেষ্টৰ বাবে ইতিমধ্যে সকলো টিকট বিক্রী হৈ গৈছে৷ দীর্ঘদিনৰ মূৰত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেট মেচখনক লৈ গুজৰাটৰ ক্রিকেটপ্রেমীৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনা দেখিবলৈ পোৱা বুলি উল্লেখ কৰি গাংগুলীয়ে কয় যে বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামত গুলপীয়া বলৰ টেষ্ট উপভোগ কৰিবলৈ সমগ্র বিশ্বই উৎকণ্ঠাৰে উপেক্ষা কৰিছে৷

মন কৰিবলগীয়া যে গুজৰাট ক্রিকেট সন্থাই ক’ভিডৰ বাবে মেচখনৰ সময়ছোৱাত ৫০ শতাংশ দর্শককহে ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিছে৷ অৱশ্যে এই ষ্টেডিয়ামৰ মুঠ আসনৰ সংখ্যা হ’ল ১ লাখ ১০ হাজাৰ৷ ইয়াৰ পূর্বে ৯০ হাজাৰ আসন বিশিষ্ট মেলব’ন ক্রিকেট গ্রাউণ্ডক বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়ামৰূপে গণ্য কৰা হৈছিল৷

শেহতীয়াকৈ গুজৰাটৰ এই অত্যাধুনিক ক্রিকেট ষ্টেডিয়ামত বি চি চি আইৰ উদ্যোগত চৈয়দ মুস্তাক আলী ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷ কিন্তু বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া দিবা–নৈশ টেষ্ট হ’ব নৱনির্মিত চর্দাৰ পেটেল ষ্টেডিয়ামৰ প্রথমখন আন্তঃৰাষ্ট্রীয় মেচ৷

You might also like