সোণাৰি চাপৰিত খটীয়া পহু উদ্ধাৰ কৰি ৰাইজে চমজালে বন বিভাগক
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি চাৰিআলিত আজি পুৱাৰ ভাগতে এটা মতা খটীয়া পহু উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয় ৷ আজি পুৱা ৯ মান বজাত সোণাৰি চাপৰি নয়াবজাৰ পথেৰে আহি সোণাৰি চাপৰি চাৰিআলিত হঠাৎ উপস্থিত হোৱা খটীয়া পহুটো দেখি উপস্থিত লোক আৰু ব্যৱসায়ীসকলৰ মাজত হুৱাদুৱা লাগে ৷
পহুটোৱে জনতাৰ কোলাহলৰ পৰা হাত সাৰিবলৈ বিপুল চুতীয়া নামৰ ব্যৱসায়ীজনৰ দোকানত সোমাই আত্মগোপন কৰিবলৈ চেষ্টা কৰাৰ সময়তেই কেইজনমান স্থানীয় যুৱকে পহুটো ধৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফুল কুমাৰ বৰ্মনৰ নেত্ত্বত আৰক্ষী লোক গৈ চাৰিআলিত উপস্থিত হৈ পহুটো নিজৰ জিন্মাত লৈ বন বিভাগক খবৰ দি পহুটো আৰক্ষী চকীলৈ লৈ যায় ৷
পিছত ঢকুৱাখনাৰ পৰা চন্দ্ৰকান্ত দাসৰ নেতৃত্বত অহা বন বিভাগৰ লোকে পহুটো চমজি লৈ চিকিৎসাৰ বাবে লৈ যায় ৷ আনহাতে পুৱাৰ ভাগতে অঞ্চলটোত পহুৰ উপস্থিতিৰ কোনো উমান নথকা সোণাৰি চাপৰি চাৰিআলিত জনতাৰ কোলাহলৰ মাজত ক’ৰ পৰা আহি হঠাৎ পহুটো আৱিৰ্ভাৱ হ’ল সেই লৈ ৰহস্য সৃষ্টি হৈছে যদিও পহুটোৰ জীৱন ৰক্ষা পোৱাত আটায়ে সন্তোষ প্ৰকাশ কৰিছে ৷