নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত খণ্ডৰ সহযোগত দুমাহত ৫০ কোটিৰ টিকাকৰণ সম্ভৱ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ উইপ্র’ৰ প্রতিষ্ঠাতা তথা বিশিষ্ট উদ্যোগপতি আজিম প্রেমজীয়ে ভাৰতৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণক ক’ভিড ভেকচিন প্রদানৰ কাম ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানক দিবলৈ আহ্বান জনাইছে৷ দেশৰ সবাতোকৈ দানী ব্যক্তি হিচাপে পৰিচিত প্রেমজীয়ে উল্লেখ কৰিছে যে ক’ভিড–১৯ৰ টিকাকৰণ প্রক্রিয়াত ব্যক্তিগত প্রতিষ্ঠানক জড়িত কৰিলে মাত্র দুমাহৰ ভিতৰতে ৫০ কোটি লোকক ভেকচিন প্রদান কৰাটো সম্ভৱ হ’ব৷ প্রেমজীৰ মতে ব্যক্তিগত উদ্যোগক এইক্ষেত্রত ভাৰত চৰকাৰে জড়িত কৰোৱা উচিত৷

বাংগালুৰুত চেম্বাৰ অৱ ইণ্ডাষ্ট্রী এণ্ড কমার্চৰ এক কার্যসূচীত মত বিনিময়ৰ সময়ত প্রেমজীয়ে বিত্তমন্ত্রী নির্মলা সীতাৰমণক এই আহ্বান জনাইছে৷ সফল উদ্যোগপতিগৰাকীৰ মতে ব্যক্তিগত প্রতিষ্ঠানৰ অন্তর্ভুক্তিৰ জৰিয়তেহে ক’ভিডৰ টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰাটো সম্ভৱ হ’ব৷ লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ ভেকচিন সঠিক সময়ত প্রস্তুত কৰি তোলা হৈছে৷ এতিয়া তাক বিস্তাৰিতভাৱে জনসাধাৰণক প্রদান কৰাৰ চিন্তা–চর্চা চলোৱা উচিত বুলিও প্রেমজীয়ে ধাৰণা কৰে৷ ব্যক্তিগত প্রতিষ্ঠানৰ অন্তর্ভুক্তিৰ ফলত ক’ভিডৰ টিকাকৰণ অধিক সুলভ মূল্যৰ হৈ পৰিব বুলিও উল্লেখ কৰিছে প্রেমজীয়ে৷

You might also like