নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত ক’ৰোনাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৫ লাখলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আমেৰিকাত ক’ভিড–১৯ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৫ লাখলৈ বৃদ্ধি পাইছে৷ এটা বর্ষত ক’ভিড মহামাৰীত দেশখনত ইমানসংখ্যক লোকে প্রাণ হেৰুওৱাৰ ঘটনাক লৈ বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে৷ যোৱা বছৰ ফেব্রুৱাৰীৰ পৰা বিশ্বৰ সমৃদ্ধিশালী দেশখনত ক’ভিড মহামাৰীত আক্রান্ত হৈছিল বহু লোক৷ যোৱা বছৰ ফেব্রুৱাৰী মাহতেই ক’ভিডত প্রথমগৰাকী লোকে প্রাণ হেৰুৱাইছিল কেলিফর্নিয়াত৷

মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা দেশখনত এক লাখ হ’বলৈ সময় লাগিছিল চাৰি মাহ৷ যোৱা ডিচেম্বৰ মাহত এই সংখ্যা তিনি লাখলৈ বৃদ্ধি পায়৷ ডিচেম্বৰৰ পৰা ফেব্রুৱাৰী মাহৰ ভিতৰত অন্য দুই লাখ লোকে প্রাণ হেৰুৱাইছে দেশখনত৷ জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি ২০১৯ চনত আমেৰিকাত বিভিন্ন ৰোগত প্রাণ হেৰুওৱা লোকৰ সমসংখ্যকে ২০২০ৰ ফেব্রুৱাৰীৰ পৰা এতিয়ালৈকে ক’ভিড–১৯ত প্রাণ হেৰুৱাইছে৷

You might also like