নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইক’ৰ্টত উন্মোচন বিশেষ টেট পৰীক্ষাৰ বিসংগতি

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ শিক্ষা বিভাগে জানুৱাৰী মাহত প্রকাশ কৰা ‘বিশেষ টেট’ পৰীক্ষাৰ বিজ্ঞাপনত বেমেজালি উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ শিক্ষা বিভাগৰ অধীনষ্ঠ ‘টেট পৰীক্ষা আয়োজক সমিতি’য়ে সমগ্র শিক্ষা আঁচনিৰ অধীনত কর্মৰত ঠিকাভিত্তিক কর্মীসকলৰ চাকৰি নিয়মীয়া কৰাৰ বাবে আয়োজন কৰিছিল এই বিশেষ টেট পৰীক্ষা৷ ভাৰত চৰকাৰৰ নীতি নির্ধাৰণ সমিতি এনচিআৰটিয়ে গেজেট নটিফিকেচন যোগে ২০১৯ চনত নীতি গ্রহণ কৰিছিল যে যিসকল ছাত্র–ছাত্রীয়ে ২০১১ চনৰ আগতে বিএড উত্তীর্ণ তেওঁলোকৰ বাবে টেট পৰীক্ষাত আবেদন কৰাৰ ক্ষেত্রত স্নাতক বা বিএড পাঠ্যক্রমত ৫০ শতাংশ নম্বৰ লাভ কৰাটো বাধ্যতামূলক নহয়৷ কিন্তু ৰাজ্য চৰকাৰে প্রকাশ কৰা বিজ্ঞাপনত এই নির্দেশনা উলংঘা কৰি প্রার্থীৰ আবেদনৰ নূ্যনতম অর্হতা স্নাতক আৰু বিএডত ৫০ শতাংশ নির্ধাৰণ কৰিছিল৷ সমগ্র শিক্ষাৰ অধীনত ঠিকাভিত্তিক কর্মৰত ৰুনুৱাৰা বেগমে এই বিজ্ঞাপনৰ ভুল উদঙাই দি আদালতৰ দাৰস্থ হৈছিল ন্যায় বিচাৰি৷ ন্যায়াধীশ অচিন্ত মল্ল বুজৰবৰুৱাৰ আদালতে লেখ আবেদন ১২৩৯/২০২১ গ্রহণ কৰি বিভাগৰ বিজ্ঞাপন গাফিলতি ধৰা পেলায়৷ আদালতে বিষয়টো তাৎক্ষণিকভাৱে গ্রহণ কৰি দুয়োপক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত আবেদনকাৰীৰ পক্ষত ৰায়দান কৰে৷ আদালতে টেট পৰীক্ষা আয়োজক কমিটীক ২৪–২৫ ফেব্রুৱাৰীৰ ভিতৰত আবেদনকাৰীৰ বাবে এডমিট কার্ড ইছ্যু কৰি ২৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিশেষ টেট পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ দিবলৈ নির্দেশ দিছে৷ আদালতত আবেদনকাৰীৰ হৈ যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা গৌতম চৌধুৰী আৰু বি গগৈয়ে৷ চৰকাৰী অধিবক্তা আছিল এন ফুকন৷

You might also like