নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ সমষ্টিত কেতিয়া হ’ব ভোটগ্ৰহণ ? চাওক সম্পূৰ্ণ তালিকা

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ আজি দিল্লীৰ এখন সংবাদমেলত নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। মুঠ তিনিটা পৰ্যায়ত হ’বলগীয়া নিৰ্বাচন ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব।

২৭ মাৰ্চত ভোটগ্ৰহণ হ’বলগীয়া প্ৰথম ৪৭টা সমষ্টি হ’ল-

ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নি, আমগুৰি, থৌৰা, শিৱসাগৰ, নাজিৰা, মাহমৰা, সোণাৰি, মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া।

১ এপ্ৰিলত ভোটগ্ৰহণ হবলগীয়া প্ৰথম ৩৯টা সমষ্টি হ’ল-

ৰাতাবাৰী, পাথাৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ধোলাই, উদাৰবন্দ, লখিমপুৰ, বৰখোলা, কাটিগড়, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, মাজবাট, কলাইগাঁও , ছিপাঝাৰ, মংগলদৈ, দলগাঁও, জাগীৰোড, মৰিগাঁও, লাহৰিঘাট, ৰহা, নগং, বৰহমপুৰ, যমুনামুখ, হোজাই আৰু লামডিং।

৬ এপ্ৰিলত ভোটগ্ৰহণ হবলগীয়া প্ৰথম ৪০টা সমষ্টি হ’ল-

মানকাচাৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, পশ্চিম বিলাসীপাৰা, পূব বিলাসীপাৰা, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, গোসাইগাঁও, পশ্চিম কোকৰাঝাৰ, পূব কোকৰাঝাৰ, ছিদলি, বিজনী, সৰভোগ, ভৱানীপুৰ, তামুলপুৰ, বৰমা, চাপাগুৰি, বঙাইগাঁও, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্ৰী, চেঙা, ধৰ্মপুৰ, দুধনৈ, বকো, ছয়গাঁও, পলাশবাৰী, হাজো, জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু বৰক্ষেত্ৰী।
উল্লেখ্য, ২ মে’ত আটাইকেইটা সমষ্টিৰ ভোটগণনা হ’ব।

You might also like