নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিবিটিযোগে এক লাখ টকাকৈ অনুদান ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  লাইকা দধিয়াৰ ১,৪৮৭টা ভূমিহীন পৰিয়ালৰ পুনৰ সংস্থাপনৰ উদ্দেশ্যে প্রতিটোলৈ ১ লাখ টকাকৈ সাহায্য মোকলাই দিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে এই সাহায্যৰ নামত মুঠ ১৪.৮৭ কোটি টকা ডিবিটিযোগে হস্তান্তৰ কৰা হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে যোৱা ৩০ জানুৱাৰীত মৰিগাঁও জিলাৰ নেলীত অনুষ্ঠিত অসম ট্রাইবেল সংঘৰ ৩৮সংখ্যক ত্রিবার্ষিক কেন্দ্রীয় অধিৱেশনত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্গত লাইকা দধিয়াৰ ভূমিহীন পৰিয়ালৰ প্রতিটোলৈ ১ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালৰ সেই ঘোষণা অনুসৰি ৰাজ্য চৰকাৰে মুঠ ১৪.৮৭ কোটি টকা ডিবিটিযোগে হস্তান্তৰ কৰে৷ ইফালে লাইকা দধিয়াবাসীৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবেও ৰাজ্য চৰকাৰে পদক্ষেপ আৰম্ভ কৰিছে৷ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ অধ্যক্ষতাত মুখ্যমন্ত্রী সোণোৱালে গঠন কৰি দিয়া সমিতিখনে ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ বাহিৰত নতুন ভূমি চিনাক্ত কৰি পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ হকে প্রয়োজনীয় পদক্ষেপ হাতত লৈছে৷ লাইকা দধিয়াবাসীৰ সমস্যা মানৱীয় দৃষ্টিভংগীৰে বিবেচনা কৰি পুনৰ সংস্থাপিত হ’বলগীয়া পৰিয়ালসমূহৰ বাবে প্রয়োজনীয় খোৱাপানী, বিদ্যুৎ, প্রাথমিক চিকিৎসা সেৱা আদি সামৰি এটা পুনৰ সংস্থাপন পেকেজ প্রস্তুত কৰিবলৈও ৰাজহ বিভাগক নির্দেশ দিছে মুখ্যমন্ত্রী সোণোৱালে৷ তদুপৰি পুনৰ সংস্থাপন কৰিবলগীয়া ভূখণ্ড যাতে বানপানী–খহনীয়ামুক্ হয়, সেই দিশত নজৰ ৰাখিবলৈও বনমন্ত্রী শুক্লবৈদ্যৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিখনক মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিছে৷

You might also like