নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্ণিকবি কমলাকান্তৰ ‘চিন্তা তৰংগ’ৰ পাণ্ডুলিপি সংৰক্ষণ

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ওৰেটো জীৱন অসমীয়া ভাষা–সংস্কৃতি আৰু স্বাভিমানৰ প্রতি উৎসর্গিত অগ্ণিবর্ষী কবি কমলাকান্ত ভট্টাচার্যৰ শতিকাগৰকা সাহিত্য কর্মৰ পাণ্ডুলিপি এতিয়া কোনো জাতীয় সংগ্রহালয়ত নাই৷ ১৯১৯ চনত প্রণীত ‘চিন্তা তৰংগ’ৰ পাণ্ডুলিপিৰ ৰখীয়া এতিয়া বিশ্বনাথৰ বাঘমাৰীৰ দৰে স্বল্পখ্যাত অঞ্চলৰ নীৰৱ সাহিত্য সাধক টিকাৰাম নির্ভীক উপাধ্যায়৷ ‘উহ পাহৰণি যেন ৰাক্ষসিনী, গিলিলি বহুত অসম গৌৰৱ৷ কোনে উলিয়াব কোনেবা দেখাব, জন্মিছেনে এনে মহা অনুভৱ’ বুলি ‘জাতীয় গৌৰৱ’ত প্রশ্ণ তোলা শানিত বজ্র শব্দৰে জাতিক ‘তীখৰ’ কৰিবলৈ যত্নৱান কমলাকান্তৰ ইয়াৰ সার্থক প্রত্যুত্তৰ টিকাৰাম নির্ভীক উপাধ্যায়ৰ হাতত৷ গ্রন্থ অধ্যয়ন আৰু সংগ্রহৰ অদ্ভুত নিচাৰে পূর্ণ এইগৰাকী অশীতিপৰ সাহিত্য সাধকে সযতনে সংৰক্ষণ কৰিছে অগ্ণিকবিৰ ‘চিন্তা তৰংগ’ পাণ্ডুলিপিৰ লগতে ‘হাতীবাবু’ৰ মাটি–বাৰী বিক্রী সমন্ধীয় দলিল–পত্র আৰু কেতবোৰ চিঠি–পত্র৷ অসমীয়া সাহিত্যৰ লগতে জাতীয় জীৱনৰ কু–সংস্কাৰ, অন্ধবিশ্বাস নাশৰ ৰণৰ অক্লান্ত সেনানী কমলাকান্তৰ এই আপুৰুগীয়া সম্পদ জাতীয় সম্পদ হোৱা উচিত৷ কিন্তু বিগত শতিকাৰ ৮০ৰ দশকতে শ্বিলঙৰ ধানখেতি অঞ্চলৰ পৰা অগ্ণিকবিৰ কন্যা ঊষা ভট্টাচার্যৰ পৰা এই সম্পদৰাজি টিকাৰাম উপাধ্যায়ে সংগ্রহ কৰিছিল৷ শতিকাপ্রাচীন অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ সম্পদ সংৰক্ষণ কৰা বাঘমাৰীৰ টিকাৰাম উপাধ্যায়ে শেহতীয়াকৈ মাতৃ অন্নপূর্ণা দেৱীৰ সোঁৱৰণত তেওঁৰ সংগৃহীত ৭ লক্ষাধিক টকাৰ পুথি দান কৰাৰ লগতে গৱেষণা প্রতিষ্ঠানৰ স্বার্থত নিজৰ ভূমিও দান দিয়াৰ সিদ্ধান্ত লৈছে৷ অসমীয়া–নেপালী–হিন্দী আদি ভাষাত সাহিত্য চর্চা কৰা টিকাৰাম উপাধ্যায়ৰ গ্রন্থাগাৰত ওমৰ খৈয়ামৰ পৰা ডাণ্টেৰ ডিভাইন কমেডী, মৃত্যুঞ্জয়ৰ পৰা বেদ–বেদান্ত আদি মূল্যৱান গ্রন্থ সংৰক্ষণ কৰা হৈছে৷

You might also like