নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ জটিলতাৰ মাজত প্রণৱ কুমাৰ গগৈ–ৰাম কুমাৰৰ মুক্তি

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)–এ অপহৰণ কৰি নিয়া কুইপ’ অইল এণ্ড গেছ ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ দুই অপহূত বিষয়া–কর্মচাৰীৰ মুক্তি সন্দর্ভত মধ্যস্থতাকাৰী কৌশিক ফুকনে ইতিবাচক বার্তা দিয়াৰ দিনটোতে সমগ্র বিষয়টো পুনৰ জটিলতাৰ আৱর্তত সোমাই পৰিছে৷ এই জটিলতাৰ মূলতে এটা নিউজ ৱেব প’র্টেলে সম্প্রচাৰ কৰা বাতৰি৷ কাকতলৈ প্রেৰণ কৰা এক ই–মেইলত আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্ঢেইন ৰুমেল অসমে অভিযোগ কৰা মতে, নিউজ ৱেব প’র্টেলটোৰ এজন ঘোষক আৰু এজন সাংবাদিকে উপ–সভাপতি তথা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাক ভেঙুচালি কৰি তির্যক মন্তব্যৰে হেয় প্রতিপন্ন কৰাৰ অপচেষ্টা কৰিছে৷ এনে প্রেক্ষাপটত ঘোষকজন আৰু সাংবাদিকজনে যেতিয়ালৈকে আলফা (স্বাধীন)ৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা নিবিচাৰে, তেতিয়ালৈকে কুইপ’ৰ বিষয়া–কর্মচাৰী দুজনৰ মুক্তি অনির্দিষ্টকাললৈ বাতিল কৰাৰ সিদ্ধান্ত লোৱা বুলি ই–মেইলটোত স্পষ্ট কৰি দিয়া হৈছে৷ আলফাৰ ই–মেইলটোৰ পূর্ণপাঠ এনেধৰণৰ– ‘কুইপ’ৰ দুই বিষয়া–কর্মচাৰী প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তি সন্দর্ভতTime 8 নামৰ সংবাদ প্রতিষ্ঠানত এক সংবাদ সম্প্রচাৰ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ উক্ত সংবাদৰ ঘোষক দীক্ষিত শর্মা আৰু বিশিষ্ট সাংবাদিক প্রণৱ গগৈয়ে আলফা (স্বাধীন)ৰ লগতে উপ–সভাপতি তথা সেনাধ্যক্ষ ‘পৰেশ অসম’ মহাশয়ৰ আন্তৰিক সদিচ্ছাক ভেঙুচালি কৰি থলগিৰি জনগণৰ ওপৰত ভৰ দি কেৱল আত্মপক্ষৰTRP বঢ়াবলৈ যিদৰে তির্যক মন্তবৰে হেয় প্রতিপন্ন কৰাৰ অপচেষ্টা কৰিলে, সেই কার্যক আলফা (স্বাধীন)ৰ সকলো নেতা, বিষয়া, সদস্যই তীব্রভাৱে ধিক্কাৰ দিয়াৰ লগতে সহজভাৱে ল’ব নোৱাৰে৷ সেয়েহে দীক্ষিত শর্মা আৰু প্রণৱ কুমাৰ গগৈয়ে যেতিয়ালৈকে আলফা (স্বাধীন)ৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমাভিক্ষা নিবিচাৰে, তেতিয়ালৈকে উক্ত বিষয়া–কর্মচাৰী দুজনৰ মুক্তি অনির্দিষ্টকাললৈ বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ আৰু ইয়াৰ বাবে দীক্ষিত শর্মা আৰু প্রণৱ কুমাৰ গগৈ সম্পূর্ণৰূপে জগৰীয়া হ’ব৷’

ইফালে আলফা (স্বাধীন) আৰু কুইপ’ৰ সংঘাত নিৰাময়ৰ বাবে মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হোৱা ৰেৱতী ফুকনৰ পুত্র কৌশিক ফুকনে দুই পক্ষৰ আলোচনা আনুষ্ঠানিক পৰিসমাপ্তিৰ অন্তত শুভ বার্তা কঢ়িয়াই শিৱসাগৰৰ অপহূত প্রণৱ কুমাৰ গগৈৰ ঘৰত আজি উপস্থিত হয়৷ তিনিচুকীয়াৰ পৰা পোনে পোনে শিৱসাগৰৰ হাবিৰাম বৰা পথত থকা বাসগৃহত ডপস্থিত হোৱা কৌশিক ফুকনে অপহূত প্রণৱ কুমাৰ গগৈৰ পত্নী, পুত্র, কন্যা, বৃদ্ধ পিতৃ–মাতৃক সাক্ষাৎ কৰি মুক্তিৰ শুভবার্তা আনুষ্ঠানিকভাৱে অৱগত কৰে৷ পৰিয়ালৰ সকলো সদস্যক সন্মুখত বহুৱাই আলফা (স্বাধীন)ৰ সেনাধাক্ষ পৰেশ বৰুৱাই দিয়া নির্দেশৰ ভিত্তিতেই দুর্ভগীয়া পৰিয়ালটোত ডপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে কৌশিক ফুকনে৷ পৰেশ বৰুৱাই আজি পুৱাৰ ভাগত কৌশিক ফুকনক দুই অপহূতক সম্পূর্ণ সুস্থভাৱে তেওঁলোকৰ জিম্মাত থকাৰ কথা অৱগত কৰোৱাৰ লগতে তেওঁক প্রণৱ কুমাৰ গগৈৰ গৃহত ডপস্থিত হৈ এই সংবাদ জনাবলৈ দিয়ে৷ প্রণৱ কুমাৰ গগৈৰ পিতৃ, মাতৃ, পত্নী আৰু দুই সন্তানক ডদ্দ্যেশি তেওঁলোক দুয়ো ঠিকেই আছে আৰু দুই–তিনিটা দিনৰ ভিতৰতেই অপহূতদ্বয়ক অসমৰ ভূমিত ভৰি থোৱাৰ ব্যৱস্থা কৰিব বুলি কৌশিক ফুকনে ব্যক্ত কৰে৷

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মধ্যস্থতাকাৰী কৌশিক ফুকনে কয় যে কুইপ’ কর্তৃপক্ষৰ আহ্বান আৰু ৰাজ্য চৰকাৰৰ পৰা অনুমতি লৈ দুই পক্ষৰ মাজত আলোচনা অনুষ্ঠিত কৰিছিল৷ বিৰতিহীনভাৱে অনুষ্ঠিত হোৱা কেইবালানিও আলোচনাৰ অন্তত কুইপ’ কর্তৃপক্ষই আলফা (স্বা)এ ডত্থাপন কৰা দাবীসমূহ মানি লৈছিল৷ এই দাবীৰ ভিত্তিতেই কুইপ’ কর্তৃপক্ষৰ দৰে ব্যক্তিগত তৈল প্রতিষ্ঠানসমূহে খিলঞ্জীয়া অসমীয়া শিক্ষিত যুৱকৰ স্বার্থ সুৰক্ষিত কৰি পাঁচ হাজাৰ অভিযন্তাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰাৰ লগতে আন ডত্থাপিত দাবীসমূহো কুইপ’ কর্তৃপক্ষই মানি লৈছিল৷ কুইপ’ কর্তৃপক্ষৰ এই স্থিতিৰ পাছতেই দুই অপহূতক মুক্তিৰ নিশ্চয়তা প্রদান কৰে আলফা (স্বাধীন)–এ৷ এই সর্ন্দভত ধনৰ লেনদেন সম্পর্কীয় কিবা কথা চলিছিল নেকি বুলি কৰা প্রশ্ণৰ ডত্তৰত কৌশিক ফুকনে একেষাৰে নস্যাৎ কৰাৰ লগতে ধনৰ লেনদেনৰ পৰিৱর্তে খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ স্বার্থহে আলফা (স্বা)ৰ মূল দাবী–চর্ত আছিল বুলি স্পষ্ট কৰি দিয়ে৷ চৰম শাস্তি সর্ন্দভত একাংশ সংবাদ মাধ্যমেহে এনে অপপ্রচাৰ চলোৱা বুলি পৰেশ বৰুৱাই ইতিমধ্যেই নিজৰ বিবৃতিত স্পষ্ট কৰি দিয়াৰ লগতে আজি কৌশিক ফুকনৰ যোগেদি বিগত ২ মাহ ১২ দিন ধৰি লাভ কৰি অহা চৰম মানসিক যন্ত্রণাৰ বাবে প্রণৱ কুমাৰ গগৈৰ পৰিয়ালৰ লগতে আনজন অপহূত বিহাৰৰ ৰাম কুমাৰৰ পৰিয়ালবর্গৰ ওচৰত ক্ষমা বিচাৰে৷ প্রায় আধা ঘণ্টা সময় অতিবাহিত কৰা কৌশিক ফুকনে দুয়োটা পৰিয়ালক কোনো কাৰণতেই চিন্তা নকৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ লগতে খুৱ কম সময়ৰ ভিতৰত ঘৰৰ মানুহ ঘৰলৈ সুস্থ অৱস্থাত উভতি অহাৰ নিশ্চয়তা প্রদান কৰি থৈ যায়৷

আনহাতে, দুমাহ১২ দিন বিনিদ্র ৰজনী অতিবাহিত কৰা প্রণৱ কুমাৰ গগৈৰ পত্নী নমিতা গগৈয়ে আজি প্রথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত স্বস্তিৰ নিশ্বাসেৰে অসমবাসীলৈ কৃতজ্ঞতাৰে জনায় এই শুভসংবাদ৷ পৰেশবৰুৱা, মধ্যস্থতাকাৰী কৌশিক ফুকন আৰু কুইপ’ কর্তৃপক্ষক ধন্যবাদেৰে ওপচাই দিয়া পত্নী নমিতা গগৈয়ে চিৰদিন আলফা স্বাধীন, কৌশিক ফুকনৰ ওচৰত এই দুর্ভগীয়া পৰিয়াল দুটা ঋণী হৈ ৰ’ব বুলি ব্যক্ত কৰে৷ ডল্লেখ্য যে অৰুণাচলৰ ডায়ুনত কুইপ’ নামৰ প্রতিষ্ঠানটোত কর্মৰত হৈ থকা অৱস্থাতেই আলফা (স্বাধীন) আৰু এন এছ চি এন (কে)ৰ এটা দলে প্রণৱ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি নিছিল৷ দুই অপহূতৰ মুক্তিৰ বিনিময়ত বান্ধি দিয়া দাবী–চর্ত পূৰণৰ বাবে বিগত ১৬ ফেব্রুৱাৰীয়েই আছিল ডেডলাইন৷ ১৭ ফেব্রুৱাৰীৰ পাছত দুই অপহূতৰ ওপৰত চৰম শাস্তি ঘোষণাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্র প্রতিক্রিয়া আৰু তাৰ পৰৱত্ সময়ত পৰেশ বৰুৱাৰ নমনীয় স্থিতি, কৌশিক ফুকনৰ মধ্যস্থতাৰ পাছতেই নতুন জীৱন প্রাপ্তিৰ দিশে আগবাঢ়িছিল শিৱসাগৰৰ প্রণৱ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ৷

You might also like