নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড মহামাৰীৰ পিছত প্রধানমন্ত্রী মোদীৰ প্রথম বিদেশ ভ্রমণ

২৬ মার্চত দুদিনীয়া ভ্রমণসূচীৰে ঢাকালৈ মোদী

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ বাংলাদেশৰ স্বাধীনতাৰ ৫০সংখ্যক বর্ষপূর্তি উপলক্ষে অহা ২৬ মার্চত বাংলাদেশ ভ্রমণলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পাছত এয়াই হ’ব মোদীৰ প্রথম বিদেশ ভ্রমণ৷ ইতিমধ্যে মোদীৰ ভ্রমণৰ কার্যসূচী চূড়ান্ত কৰাৰ বাবে ঢ়াকাত উপস্থিত হৈছে ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰ৷ বৃহস্পতিবাৰে পুৱা বাংলাদেশৰ বিদেশ মন্ত্রী ড০ এ কে আব্দুল মোমেনৰ সৈতে আলোচনাত মিলিত হয় জয়শংকৰ৷ বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণজয়ন্তী অনুষ্ঠানত উপস্থিত থকাৰ লগতে প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব মোদী৷ আনহাতে, দুয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে মোদী–হাছিনাৰ দ্বিপাক্ষিক বৈঠক অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ ইপিনে ভাৰত–বাংলাদেশ সীমান্তত সঘনে সংঘটিত হত্যাকাণ্ডৰ ঘটনাক লৈ দুয়ো দেশৰ সম্পর্ক প্রায়ে তিক্ততাদায়ক হৈ পৰাৰ পৰিপ্রেক্ষিতত দুয়োখন দেশে এই বিষয়টোক লৈ আলোচনা অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব দিছে৷ আজি বিদেশ মন্ত্রীদ্বয়ৰ বৈঠকত এই বিষয়ে আলোচনা হয়৷ এনেধৰণৰ হত্যাকাণ্ডৰ প্রকৃত কাৰণ অনুসন্ধান আৰু সমস্যাৰ বাস্তৱ সমাধান উলিওৱাৰ বাবে দুয়োখন দেশে চেষ্টা কৰিব বুলি মন্ত্রী জয়শংকৰে জানিবলৈ দিয়ে৷ বৈঠকৰ অন্তত সাংবাদিকৰে বার্তালাপত তেওঁ এই কথা প্রকাশ কৰে৷ ভাৰত–বাংলাদেশৰ বন্ধুত্বপূর্ণ সম্পর্কৰ বিষয়ে উল্লেখ কৰি জয়শংকৰে কয় যে এনে কোনো ক্ষেত্র নাই, য’ত ভাৰত–বাংলাদেশে একেলগে কাম কৰা নাই৷ সম্প্রতি যোগাযোগ ব্যৱস্থাৰ ওপৰত দুয়োখন দেশে গুৰুত্ব দিয়া বুলি তেওঁ কয়৷ যোগাযোগ ব্যৱস্থা যদি সুচল হয়, তেন্তে ভাৰত–বাংলাদেশৰ সামগ্রিক ভূ–র্থনীতিত পৰিৱর্তন হ’ব৷ এইক্ষেত্রত বংগোপসাগৰৰ বিশেষ গুৰুত্ব আছে৷ দুয়োপক্ষই এই কাম সম্ভৱ বুলি বিশ্বাস কৰাৰ কথাও উল্লেখ কৰে জয়শংকৰে৷ সেইদৰে দুয়োখন দেশৰ জল বিতৰণৰ ওপৰতো আলোচনা কৰা হয়৷

ইফালে বাংলাদেশৰ বিদেশ মন্ত্রী মোমেনে কয় যে আজিৰ বৈঠকত মূলতঃ প্রধানমন্ত্রী মোদীৰ ভ্রমণ সন্দর্ভত আলোচনা হয়৷ মোদীৰ বাংলাদেশ ভ্রমণৰ সময়ত ঢ়াকাত বংগবন্ধু–বাপু যাদুঘৰ উদ্বোধন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, বাংলাদেশলৈ ভেকচিন সৰবৰাহৰ বাবে মোদীক ধন্যবাদ জনাই মোমেনে কয় যে ভাৰতৰ এই পদক্ষেপে দুয়োখন দেশৰ সম্পর্ক উচ্চস্তৰলৈ লৈ যাব৷ বিদেশ মন্ত্রী জয়শংকৰে প্রধানমন্ত্রী হাছিনাকো সৌজন্যমূলক সাক্ষাৎ কৰে৷ নির্ভৰযোগ্য সূত্রৰ মতে, দুদিনীয়া ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে টুংগিপাড়ায়ত বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ স্মৃতি সৌধত শ্রদ্ধাঞ্জলি জনাব৷ তদুপৰি গোপালগঞ্জৰ ওৰাকান্দিত মতুয়া সম্প্রদায়ৰ মন্দিৰ, সতীপীঠ পৰিদর্শন কৰিব৷ তেওঁ সম্প্রদায়টোৰ প্রতিষ্ঠাতা হৰিচান্দ ঠাকুৰৰ প্রতি শ্রদ্ধা জনাবলৈ ওৰাকান্দিৰ মন্দিৰটোলৈ যাব৷ মতুয়া সম্প্রদায়ৰ ভোটাৰক সন্তুষ্ট কৰাৰ লক্ষ্যৰেই এই পৰিকল্পনা লৈছে মোদীয়ে৷ উল্লেখ্য যে পশ্চিমবংগৰ উত্তৰ চাব্বিশ পৰগনা আৰু নদিয়া জিলাত বিজেপি–তৃণমূল কংগ্রেছৰ মাজৰ যুদ্ধত মতুয়া সম্প্রদায়ৰ ভোটে নির্ণায়ক ভূমিকা ল’ব পাৰে৷

You might also like