ব্রিটেইনৰ ৰাজপৰিয়ালক লৈ সাক্ষাৎকাৰত বিস্ফোৰণ মেগন মর্কেলৰ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ গ্রেট ব্রিটেইনৰ ৰাজকীয় পৰিয়ালৰ জীৱন নাটকীয়ভাৱে এৰি সাধাৰণ জীৱন যাপনত ব্যস্ত থকা প্রিন্স হেৰী–মেগন মর্কেল দম্পতীৰ বিস্ফোৰক সাক্ষাৎকাৰে বিশ্বজুৰি ব্যাপক চর্চা লাভ কৰিছে৷ প্রসিদ্ধ চেলিব্রিটী অ’প্পাৰা উইনফেৰ সৈতে হোৱা ইতিহাস সৃষ্টিকাৰী সাক্ষাৎকাৰত মেগন মর্কেলে ব্রিটেইনৰ ৰাজপৰিয়ালত তেওঁ বর্ণবাদৰ সন্মুখীন হোৱা বুলি বিস্ফোৰক মন্তব্য কৰিছে৷ মানসিক সংকটত পৰা মর্কেলক আনকি তেওঁৰ পৰিয়ালৰ লোকে কোনো সহায় নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ প্রথম সন্তান গর্ভত থকা অৱস্থাত মর্কেলে আত্মহত্যাৰ চিন্তা মনলৈ আনিছিল বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছে৷ মন কৰিবলগীয়া যে প্রিন্স হেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা মেগন মর্কেলৰ পিতৃ শ্বেতাংগ আৰু মাতৃ কৃষ্ণাংগ আছিল৷ তেওঁৰ গর্ভ অৱস্থাত থকা সন্তানটি কৃষ্ণাংগ হ’ব বুলি ৰাজ পৰিয়ালত আলোচিত ঘটনাই মর্কেলক আঘাত দিছিল আৰু এনে পৰিস্থিতিত তেওঁ জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ গৈছিল বুলিও কয়৷ লক্ষণীয় যে ৰাজকীয় পৰিয়ালত থকাৰ সময়ত মর্কেলৰ চৰিত্র হনন চলা বুলিও সাক্ষাৎকাৰত উইনফ্রেই অকপটে প্রকাশ কৰিছিল৷