স্বাভাৱিক জীৱনযাত্রা পুনৰ আৰম্ভ কৰিবলৈ সাজু গাংগুলী
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ হূদৰোগত আক্রান্ত হৈ প্রায় তিনি মাহ গৃহচহৰ কলকাতাতে আবদ্ধ হৈ থকা বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীয়ে শীঘ্রে স্বাভাৱিক জীৱনযাত্রা পুনৰ আৰম্ভ কৰিব৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে তেওঁ এতিয়া সম্পূর্ণৰূপে সুস্থ আৰু ভ্রমণ কৰিবলৈ সাজু হৈছে৷
ভাৰত আৰু ইংলেণ্ডৰ মাজত অহা ১২ মার্চৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাৰ বাবে তেওঁ আহমেদাবাদলৈ আহিব৷ স্বাভাৱিক জীৱনযাত্রা পুনৰ আৰম্ভ কৰিবলৈ তেওঁ অধীৰ আগ্রহেৰে অপেক্ষা কৰিছে বুলি উল্লেখ কৰি গাংগুলীয়ে কয় যে চিকিৎসকৰ নেৰানেপেৰা চেষ্টা আৰু অনুৰাগীৰ প্রার্থনাই তেওঁক এতিয়া সম্পূর্ণ সুস্থ কৰি তুলিছে৷
উল্লেখ্য যে যোৱা ২ জানুৱাৰীত বুকুৰ বিষ অনুভৱ কৰাত গাংগুলীক আকস্মিকভাৱে কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ পৰৱর্তী সময়ছোৱাত তেওঁৰ হূদযন্ত্রত এনজি’প্লাষ্টি সম্পন্ন কৰা হয়৷ অসুস্থতাৰ বাবে চিকিৎসকৰ পৰামর্শ অনুসৰি গাংগুলীয়ে শেহতীয়া তিনি মাহ ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে৷ অৱশ্যে ঘৰৰ পৰাই তেওঁ বি চি চি আইৰ কাম–কাজ চলাই আছে৷