নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ মার্চৰ পৰা বৰদলৈ ট্রফী ফুটবল

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত অহা ১১ মার্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতা৷ বিগত বর্ষত মহামাৰী ক’ভিড–১৯ৰ বাবে অনুষ্ঠিত নোহোৱা প্রতিযোগিতাখন এইবাৰ গুৱাহাটী আৰু মৰিগাঁৱত খেলোৱা হ’ব৷ গ্রুপ ‘এ’ৰ মেচসমূহ গুৱাহাটীৰ জজ খেলপথাৰত আৰু গ্রুপ ‘বি’ৰ মেচসমূহ মৰিগাঁৱত অনুষ্ঠিত হ’ব৷

গুৱাহাটী ক্রীড়া সন্থাৰ সম্পাদক ধ্রুৱজ্যোতি কলিতাই  এক সংবাদ মেলত এই কথা ঘোষণা কৰে৷ তেওঁ জানিবলৈ দিয়া অনুসৰি প্রতিযোগিতাখনৰ ছেমিফাইনেল ১৮ মার্চত আৰু ফাইনেল ২০ মার্চত জজ খেলপথাৰত খেলোৱা হ’ব৷ এখন ছেমিফাইনেল দিনৰ ভাগত আৰু আনখন ছেমিফাইনেল নিশাৰ ভাগত খেলোৱা হ’ব৷ ফাইনেল মেচখনো নিশাৰ ভাগত অনুষ্ঠিত হ’ব বুলি কলিতাই জানিবলৈ দিয়ে৷

মুঠ ৮টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ চেম্পিয়ন দলে ১ লাখ টকা আৰু ৰানার্ছআপ দলে ৫০ হাজাৰ টকাৰ প্রাইজমানী লাভ কৰিব৷ গ্রুপ ‘এ’ত থকা দলসমূহ হ’ল এ এছ ই বি, জি টি চি, দৈমালু ক্লাব আৰু ইলেভেন ষ্টাৰ৷ একেদৰে গ্রুপ ‘বি’ৰ দলকেইটা হ’ল অসম পুলিচ ব্লুজ, অইল ইণ্ডিয়া, বডৌচা এফ চি আৰু মৰিগাঁও এফ চি৷

You might also like