পেনাল্টীত জয়েৰে ফাইনেলত মুম্বাই
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ শ্বাসৰুদ্ধকৰ জয়েৰে আই এছ এলৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে মুম্বাই চিটী এফ চিয়ে৷ গোৱাৰ জি এম চি ষ্টেডিয়ামত সোমবাৰে নিশা অনুষ্ঠিত প্রথম ছেমিফাইনেলৰ দ্বিতীয় লেগৰ মেচত মুম্বাই চিটী এফ চিয়ে গোৱাক টাইব্রেকাৰৰ সহায়ত সামগ্রিকভাৱে ৬–৫ গ’লৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ নির্ধাৰিত সময়ত মেচখন গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত ৰেফাৰীয়ে অতিৰিক্ত সময় ঘোষণা কৰে৷ কিন্তু ৩০ মিনিটৰ অতিৰিক্ত সময়তো কোনো এটা দলে গ’ল কৰিব নোৱৰাত মেচৰ ফলাফল নির্ধাৰণৰ বাবে পেনাল্টীৰ সহায় ল’বলগীয়া হয়৷
আৰম্ভণিৰে পৰা অব্যাহত থকা ৰোমাঞ্চ আৰু উত্তেজনা পেনাল্টীতো অব্যাহত থকা দেখা যায় আৰু ফলাফলৰ বাবে দুয়োটা দলে ১৮টাকৈ পেনাল্টী শ্বট ল’বলগীয়া হয়৷ শ্বাসৰুদ্ধকৰ মেচখনত অৱশেষত মুম্বাই চিটী এফ চিয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ মন কৰিবলগীয়া যে আই এ এছ এলৰ প্রথম ছেমিফাইনেলৰ প্রথম লেগৰ মেচখনত মুম্বাই চিটী এফ চি আৰু গোৱা এফ চিয়ে গ’লশূন্য ড্র খেলিছিল৷ আজিৰ জয়েৰে ফাইনেলত স্থান সুৰক্ষিত কৰা মুম্বাই চিটী এফ চিয়ে ফাইনেলত এ টি কে মোহনবাগান অথবা নর্থ–ইষ্ট ইউনাইটেড এফ চিৰ মুখামুখি হ’ব৷ কাইলৈ প্রতিযোগিতাৰ দ্বিতীয় ছেমিফাইনেলৰ দ্বিতীয় লেগত নর্থ ইষ্ট ইউনাইটেডে এ টি কে মোহনবাগানৰ বিৰুদ্ধে খেলিব৷