নীতি–আদর্শহীন ৰাজনীতি
নীতি–আদর্শ আৰু মূল্যবোধৰ ৰাজনীতিৰ কিদৰে দ্রুতগতিত অৱনমিত হৈছে সেয়া দুই–তিনিদিনৰ ভিতৰতে অসমবাসীয়ে প্রত্যক্ষ কৰিছে৷ অহা ২৭ মার্চ, এক এপ্রিল আৰু ছয় এপ্রিলত অনুষ্ঠিত হ’বলগা ৰাজ্যৰ বিধানসভা নির্বাচনৰ দলীয় প্রার্থীৰ তালিকা পর্যায়ক্রমে ঘোষণা কৰাৰ লগে লগে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি৷ ৰাজনৈতিক নেতাসকলৰ দলত্যাগ অথবা নতুন দলত যোগদান নতুন কথা নহয়৷ কিন্তু শেহতীয়াকৈ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হৈ যিদৰে একাংশ নেতাই দলত্যাগ কৰিবলৈ লৈছে সেয়া নিত্যান্তই ৰাজ্যখনৰ নীতি–আদর্শ তথা মূল্যবোধৰ ৰাজনীতিৰ বাবে বেদনাদায়ক৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেইবাজনো নেতাই এইবাৰ দলীয় প্রার্থিত্ব লাভ কৰা নাই৷ ইয়াৰ ভিতৰত কেইবাজনো মন্ত্রী–বিধায়কো আছে৷ ডিফু সমষ্টিৰ পৰা যোৱা বিধানসভা নির্বাচনত বিজয়ী হৈ মন্ত্রীসভাত স্থান লাভ কৰা ছুম ৰাংহাঙে এইবাৰ দলীয় প্রার্থিত্ব লাভ নকৰাৰ লগে লগে কংগ্রেছত যোগদান কৰি সমষ্টিটোৰ দলীয় প্রার্থিত্ব লৈছে৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্রত কলিতাই এইবাৰ দলীয় প্রার্থিত্ব লাভ নকৰাৰ বাবেই দলটোৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পদৰ উপৰি দলটোৰ প্রাথমিক সদস্যপদ ত্যাগ কৰি কংগ্রেছৰ দ্বাৰস্থ হৈছে৷ এআইইউডিএফৰ কৰিমগঞ্জ দক্ষিণৰ বিধায়ক আজিজ আহমেদ খানেও দলীয় প্রার্থিত্ব লাভ নকৰাৰ বাবে দলটো ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিছে৷ একেদৰে দলীয় প্রার্থিত্ব লাভ নকৰাৰ বাবে ৰূপেশ গোৱালাই কংগ্রেছ ত্যাগ কৰি ডুমডুমা সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হৈছে৷ নির্বাচনৰ পূর্বে কংগ্রেছ দল ত্যাগ কৰা প্রাক্তন মন্ত্রী অজন্তা নেওগক এইবাৰ গোলাঘাট সমষ্টিৰ পৰা বিজেপিৰ প্রার্থিত্ব দিয়া হৈছে৷ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত অগপৰ প্রাক্তন সভাপতি তথা প্রাক্তন মন্ত্রী বৃন্দাবন গোস্বামীয়েও দলত্যাগ কৰি তেজপুৰ সমষ্টিৰ পৰা যুঁজিবলৈ সাজু হৈছে৷ কংগ্রেছে নিজকে ধর্মনিৰপেক্ষ দল বুলি দাবী কৰি আহিছে৷ বিজেপি হিন্দুত্ববাদী তথা ৰাষ্ট্রীয়তাবাদী দল৷ এআইইউডিএফ বাংলাদেশী মূলৰ মুছলমানসকলৰ মাজত প্রভাৱ থকা দল৷ অসম গণ পৰিষদ আঞ্চলিক তথা জাতীয়তাবাদী দল৷ শাসক–বিৰোধী পক্ষত থকা উক্ত দলকেইটাৰ এক নির্দিষ্ট নীতি–আদর্শ আছে৷ ক্ষমতা দখলৰ ৰাজনীতিৰ দলকেইটাৰ মাজত নির্বাচনী মিত্রতা হ’ব পাৰে৷ কিন্তু দলীয় প্রার্থিত্ব লাভ নকৰাৰ বাবে যদিহে জনপ্রতিনিধি এজনে নিশাৰ ভিতৰতে চোং সলাই বিপৰীত দল এটাত যোগদান কৰি নির্বাচনী যুঁজত নামে তেতিয়া এনে নীতি–আদর্শহীন নেতাসকলক ভোটদাতাসকলে উপযুক্ত শাস্তি বিহা উচিত৷
নীতি–আদর্শহীন ৰাজনীতিৰ নিকৃষ্ট উদাহৰণ দাঙি ধৰিছে অগপৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ বিগত দুই দশক ধৰি দলীয় নেতৃত্ব গ্রহণৰ বাবে প্রাক্তন মুখ্যমন্ত্রী মহন্তই বিভিন্ন কৌশল গ্রহণ কৰিছিল যদিও সফল হ’ব পৰা নাছিল৷ এইবাৰ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত হৈ মহন্তই কংগ্রেছৰ দ্বাৰস্থ হৈছে৷ ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত গঠন হোৱা অসম গণ পৰিষদৰ প্রতিষ্ঠাপক সভাপতি আছিল মহন্ত৷ অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হৈছিল৷ ঘুণীয়া হৈছিল কেইবা সহস্রাধিক৷ ছাত্র–ছাত্রীসকলে হেৰুৱাইছিল এটি গুৰুত্বপূর্ণ শিক্ষাবর্ষ৷ অসম আন্দোলনৰ সময়ত ক্ষমতাত আছিল কংগ্রেছ৷ যি দলৰ চৰকাৰৰ আগ্রাসী ভূমিকাৰ বাবে অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদ হৈছিল, অসমবাসীয়ে অভূতপূর্ব ক্ষতিৰ সন্মুখীন হৈছিল সেই দলৰ ওচৰত প্রফুল্ল মহন্তই তেওঁৰ ব্যক্তিগত ৰাজনৈতিক অভীপ্সা পূৰণৰ বাবে যিদৰে কংগ্রেছৰ দ্বাৰস্থ হৈছে সেয়া অসমৰ মূল্যবোধৰ ৰাজনীতিৰ বাবে দুর্ভাগ্যজনক৷ অগপ গঠন হোৱাৰ ১৫ বছৰৰ ভিতৰত দুটাকৈ কার্যকালৰ মুখ্যমন্ত্রী আছিল মহন্ত৷ ক্ষমতাত থকাৰ সময়ছোৱাত গুপ্তহত্যাকে ধৰি সীমাহীন বিতর্কত সোমাই পৰা প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ অসমবাসীৰ মাজত গ্রহণযোগ্যতা নোহোৱা হৈছে৷ নিজৰ অপকর্মৰ বাবে ৰাইজেই নহয়, নিজে গঢ়া দলটোৰ পৰাও ক্রমে এলাগী হৈছে৷ এনে অৱস্থাত অগপক সংস্কাৰমুখী ঐক্যবদ্ধ নেতৃত্বৰ জৰিয়তে আগবঢ়াই নিয়াৰ বিপৰীতে বিগত সময়ছোৱাত আঞ্চলিক দলটোৰ ভিতৰচ’ৰাত সিন্ধি খন্দাৰ ৰাজনীতিত ব্যস্ত হৈছে প্রাক্তন মুখ্যমন্ত্রীগৰাকী৷ এইবাৰ দলীয় প্রার্থিত্ব লাভ নকৰাৰ বাবে প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে আকৌ অগপ (প্র)ক পুনৰুজ্জীৱিত কৰাৰ বাবে তৎপৰ হৈছে৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ সময়তো প্রাক্তন মুখ্যমন্ত্রীজনে অগপ (প্র)ৰ জৰিয়তে ৭০টাৰো অধিক সমষ্টিত দলীয় প্রার্থী থিয় কৰাইছিল৷ নতুন দলটোক অসমবাসীয়ে সমর্থন নকৰিলেও ভোট বিভাজনৰ জৰিয়তে নিজে গঢ়া অগপত আঘাত হানিবলৈ সক্ষম হৈছিল৷ এইবাৰো অগপ (প্র)ক পুনৰ জাগ্রত কৰি ৰাজনৈতিক যুঁজৰ বাবে প্রাক্তন মুখ্যমন্ত্রীজনে যি কৌশল ৰচিছে ইয়াৰ দ্বাৰা তেওঁ অগপক আঘাত কৰাই যে মূল লক্ষ্য সেয়া লুকাই থকা নাই৷