নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢোলে–দগৰে ৰথী–মহাৰথীৰ মনোনয়ন

নির্বাচনী ৰণলৈ কঁকালত টঙালি শাসক–বিৰোধীৰ

নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ  প্রার্থিত্ব–আসন বুজাবুজিকেন্দ্রিক পৰিঘটনাই ৰাজনৈতিক প্রেক্ষাপট উত্তাল কৰি ৰখাৰ মাজতে নির্বাচনী ৰণলৈ কঁকালত টঙালি বান্ধিছে শাসক–বিৰোধীয়ে৷প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ অন্তিম সময়লৈ মাজতে মাত্র এটা দিন বাকী৷ তাৰ পূর্বে আজি সমষ্টিয়ে সমষ্টিয়ে ৰণডংকা বজাই ঢ়োলে–দগৰে মনোনয়ন পত্র দাখিল কৰিলে বহু ৰথী–মহাৰথীয়ে৷ মনোনয়ন পত্র দাখিলৰ সময়ত দেখা গ’ল বৃহৎ সমাগমৰ পদযাত্রা–সমদল–স্৷ অসমৰ মুখ্য নির্বাচনী বিষয়া কার্যালয়ে আজি নিশা ৮ বজা পর্যন্ত মুঠ ৫৫জন বিভিন্ন দলৰ প্রার্থীয়ে মনোনয়ন পত্র দাখিলৰ তথ্য সদৰী কৰিছে৷ কিন্তু মনোনয়ন পত্র জমা দিয়া প্রার্থীৰ সংখ্যা আৰু অধিক হ’ব৷ কিয়নো বিভিন্ন সমষ্টিৰ পৰা আন কেইবাজনো প্রার্থীয়ে আজিৰ দিনটোত মনোনয়ন পত্র দাখিল কৰাৰ বাতৰি পোৱা গৈছে৷

বৃহৎসংখ্যক দলীয় নেতা–কর্মী–সমর্থক লগত লৈ মনোনয়ন পত্র দাখিল কৰাসকলৰ ভিতৰত অন্যতম হৈছে অগপ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী, মন্ত্রী ৰঞ্জিত দত্ত, নৱ কুমাৰ দলে, সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শর্মা, বিমল বৰা, প্রশান্ত ফুকন, চক্রধৰ গগৈ, ভুবন পেগু, উৎপল দত্ত, তেৰছ গোৱালা, পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, কুশল দুৱৰী, প্রদীপ হাজৰিকা, ভাস্কৰ শর্মা, ডাঃ ৰণোজ পেগু আৰু দেৱব্রত শইকীয়া অন্যতম৷ তদুপৰি গোলাঘাট সমষ্টিৰ বিজেপি প্রার্থী প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগ, শেহতীয়াকৈ বিজেপি ত্যাগ কৰি কংগ্রেছত যোগদান কৰা বিতোপন শইকীয়া, যোৰহাটত কংগ্রেছৰ ৰাণা গোস্বামী, খুমটাইত কংগ্রেছৰ বিস্মিতা গগৈ, টীয়কত কংগ্রেছৰ পল্লৱী গগৈ, আমগুৰিত কংগ্রেছৰ অংকিতা দত্ত, নাহৰকটীয়াৰ কংগ্রেছৰ প্রণতি ফুকন, শদিয়াত অসম জাতীয় পৰিষদৰ জগদীশ ভূঞা, নাওবৈচাত অগপৰ জয়ন্ত খাউণ্ড, লখিমপুৰত বিজেপিৰ মানৱ ডেকা আদিয়েও মনোনয়ন পত্র দাখিল কৰিছে৷

বোকাখাতৰ প্রার্থী তথা মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপ সভাপতি অতুল বৰাইমনোনয়ন পত্র দাখিল কৰাৰ পাছত তেওঁৰ হৈ প্রচাৰ চলাই মুখ্যমন্ত্রী সোণোৱালে নির্বাচনী অভিযান আৰম্ভ কৰে৷ সেইদৰে গোলাঘাটত মনোনয়ন পত্র দাখিল পর্বৰ অন্তত অজন্তা নেওগক লগত লৈ বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রায় চাৰি কিলোমিটাৰজোৰা এক পদযাত্রাত অংশগ্রহণ কৰে৷ বিত্তমন্ত্রী ড০ শর্মাই নাজিৰাৰ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঞিৰ হৈও আজি প্রচাৰ চলায়৷ বৰগোহাঞিয়ে নাজিৰাৰ মহকুমাধিপতি কার্যালয়ত মনোনয়ন পত্র দাখিলৰ পাছত বিয়লি নাজিৰা নাট্যমন্দিৰত আয়োজন কৰিছিল এক নির্বাচনী সভাৰ৷ এই সভাখনত উপস্থিত থাকি বিত্তমন্ত্রী ড০ শর্মাই এইবাৰৰ নির্বাচনত বৰগোহাঞিক বিপুল ভোটত জয়ী কৰাবলৈ নাজিৰাবাসীক আহ্বান জনায়৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আজি উপস্থিত আছিল কলিয়াবৰত অগপৰ প্রার্থী তথা মিত্রজোঁটৰ অংশীদাৰ দলটোৰ কার্যকৰী সভাপতি কেশৱ মহন্তৰ এক নির্বাচনী সভাত৷ মনোনয়ন পত্র দাখিলৰ পাছত কুৱৰীটোল গান্ধী খেলপথাৰত অনুষ্ঠিত এই সভাখনত জনসাধাৰণৰ উপস্থিতি আছিল মন কৰিবলগীয়া৷

ইয়াৰ বিপৰীতে গহপুৰ সমষ্টিত প্রার্থী প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক মনোনয়ন পত্র দাখিলত সংগ দিয়ে সাংসদ গৌৰৱ গগৈ আৰু প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে৷ লক্ষণীয়ভাৱে প্রতিজন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিবলৈ অহাৰ সময়ত দলীয় কর্মী–সমর্থকসকল্ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল৷ বিহু–ঝুমুৰ নাচি, ঢ়োল–পেঁপা বজাই উদুলি–মুদুলি কৰি তুলিছিল মনোনয়ন দাখিল পর্ব৷ মনোনয়ন পত্র দাখিলক লৈ লখিমপুৰত সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল বর্তমানৰ বিধায়ক উৎপল দত্তই৷ লখিমপুৰ সমষ্টিত এইবাৰ মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপিয়ে মানৱ ডেকাক প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ কিন্তু বর্তমানৰ বিধায়ক উৎপল দত্তয়ো কার্যতঃ মিত্রজোঁটৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই মনোনয়ন পত্র দাখিল কৰে৷ উল্লেখ্য যে এইবাৰ তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নির্বাচন৷ অহা ২৭ মার্চত প্রথম পর্যায়ত ৪৭টা সমষ্টি ক্রমে ঢ়েকীয়াজুলি, বৰছলা, ৰঙাপৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্রৱা, ৰূপহীহাট, চামগুৰি, সৰুপথাৰ, গোলাঘাট, খুমটাই, যোৰহাট, তিতাবৰ, মৰিয়নি, নাজিৰা, মাহমৰা, সোণাৰি, থাওৰা, শিৱসাগৰ, মাজুলী, বিহপুৰীয়া, লখিমপুৰ, ঢ়কুৱাখনা, ধেমাজি, জোনাই, মৰাণ, ডিব্রুগড়, লাহোৱাল, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মার্ঘেৰিটা আৰু শদিয়াত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷
জিএমচিএইচত সম্পন্ন অখিল গগৈৰ মনোনয়ন প্রক্রিয়া
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰাই সমাগত বিধানসভা নির্বাচনৰ বাবে মনোনয়ন দাখিলৰ প্রক্রিয়া সম্পন্ন কৰে ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি অখিল গগৈয়ে৷ শিৱসাগৰ আৰু মৰিয়নি সমষ্টিৰ বাবে তেওঁৰ সমর্থকসকলে শিৱসাগৰৰ উপায়ুক্ত আৰু তিতাবৰৰ মহকুমাধিপতিৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিবিদ্যালয়ত শপতবাক্য পাঠ কৰে অখিল গগৈয়ে৷ ‘নিয়া’ৰ আদালতৰ নির্দেশমর্মে চিকিৎসা মহাবিবিদ্যালয়ৰ অধীক্ষকৰ ওচৰত শপতবাক্য পাঠ কৰাৰ লগে লগে তেওঁ দুটাকৈ সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হোৱাটো নিশ্চিত হৈ পৰিল৷ ইপিনে, জি এম চি এইচৰ কেবিনৰ পৰা অধীক্ষকৰ কার্যালয়লৈ নিয়াৰ সময়ত কাৰাৰুদ্ধ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ হাতত তুলি দিয়ে অসমবাসীলৈ লিখা এখন মুকলি চিঠি৷

এই চিঠিখনত তেওঁ উল্লেখ কৰে– ‘২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা আজিলৈকে প্রায় ১৫ মাহ কাল মই জে’লত বন্দী হৈ আছোঁ৷ মোক জে’লত ৰাখি ৰাজ্যখনত ধর্মীয় মেৰুকৰণ ঘটাই অসমবিৰোধী বিজেপি–আৰ এছ এছে পুনৰ ক্ষমতা দখল কৰিব খুজিছে৷ উন্নয়নৰ ভুৱা প্রতিশ্রুতি প্রদান আৰু ব্যাপক অপপ্রচাৰেৰে বিজেপি চৰকাৰে ২০২১ৰ বিধানসভা নির্বাচনত পুনৰ ক্ষমতা দখলৰ ষড়যন্ত্র কৰিছে৷ কিন্তু আমি যিকোনো মূল্যৰ বিনিময়ত ২০২১ চনৰ নির্বাচনত বিজেপিক পৰাভূত কৰিব লাগিব৷ অসমীয়া জাতি, অসম আৰু অসমবাসীক বচোৱাৰ স্বার্থতে ২০২১ৰ নির্বাচনত বিজেপিক বিসর্জন দিব লাগিব৷’ বিজেপিক ভোটদান নকৰাৰ পক্ষে যুক্তি দি পত্রখনত তেওঁ উল্লেখ কৰে যে বিজেপি এটা স্বৈৰতান্ত্রিক দল৷ আৰ এছ এছৰ নির্দেশতেই ভাৰতৰ গণতন্ত্রক বিদায় দি ফেচীবাদ প্রতিষ্ঠ কৰিব বিচাৰিছে৷ বিজেপিৰ এটা প্রধান অপৰাধ হ’ল ই দেশৰ সম্পদ আৰু বজাৰসমূহ ব্যক্তিগত পুঁজিপতি আৰু কর্প’ৰেটক বিক্রী কৰি দিছে৷ দেশত ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে, চৰকাৰে জনগণবিৰোধী–কৃষক্ অৱস্থান লৈছে৷ অসমৰ ক্ষেত্রত ‘কা’ প্রণয়ন কৰি ১.৯০ কোটি হিন্দু বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে৷ পুলিচ–চি আৰ পি এফ লগাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ কাম পুনৰ আৰম্ভ কৰিছে৷ ৰাষ্ট্রীয় ঘাইপথত টোলগেট স্থাপন কৰি ব্যাপক সন্ত্রাস চলাইছে৷ গৰুৰ পৰা কয়লালৈ, আপেল–আঙুৰৰ পৰা পাণলৈকে সকলোতে ছিণ্ডিকেট বহুৱাইছে৷ এনে সহ্যাতীত পৰিৱেশক ঢ়াকি ৰাখিবলৈ অভূতপূর্ব হাৰত ঋণ লৈ জনসাধাৰণৰ হাতলৈ খন্তেকীয়া নগদ ধন হস্তান্তৰ কৰিছে৷ ব্রহ্মপুত্র খান্দি বানপানী–খহনীয়া প্রতিৰোধী, ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদি প্রতিটো প্রতিশ্রুতি ফুটুকাৰ ফেন হোৱা বুলি মন্তব্য কৰি অখিল গগৈয়ে পত্রযোগে অসমবাসীলৈ আহ্বান জনায়৷ ‘বিজেপি চৰকাৰক উৎখাত কৰিবলৈ আৰু অসমত অসমবাসীৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ আমি এটা নতুন ৰাজনৈতিক দল খুলিবলৈ বাধ্য হৈছোঁ৷ ‘ৰাইজৰ দল’ৰ প্রতিশ্রুতি হ’ল প্রথম কথাও উন্নয়ন, শেষ কথাও উন্নয়ন৷ ইয়াত কোনো ধর্মীয় উন্মাদনাৰ স্থান নাথাকিব৷ মই অসমবাসী ৰাইজক ‘ৰাইজৰ দল’ত ভোট দিবলৈ আৰু এই দলত দলে–বলে যোগ দিবলৈ অনুৰোধ জনাইছোঁ৷ ২০২১ চনৰ নির্বাচনত বিজেপিক বিসর্জন দিবলৈ আহ্বান জনাইছোঁ৷ পৰাপক্ষত আঞ্চলিক দল আৰু বাঁওপন্থী দলক নির্বাচনত ভোট দি জয়যুক্ত কৰক৷ যদিহে আঞ্চলিক দল বা বাঁওপন্থী দলৰ প্রার্থী নাই বা তেওঁলোকৰ জিকাৰ সম্ভাৱনা নাই, তেন্তে বিজেপিক হৰুৱাব পৰা বিৰোধী শক্তিক ভোট দিয়ক৷’

ইপিনে, আজি শিৱসাগৰত সবাতোতকৈ আকর্ষণীয় মনোনয়ন দাখিলৰ দৃশ্য আছিল ৰাইজৰ দলৰ৷ তিনিকোণীয়া যুঁজলৈ আগবাঢ়ি যোৱা শিৱসাগৰ সমষ্টিটোৰ বাবে অন্যতম চর্চাৰ কেন্দ্রবিন্দু হৈ পৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সমর্থিত প্রাৰ্থী কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ হৈ কেইবাসহস্র সমর্থকে মনোনয়ন দাখিল কৰিবলৈ অহা দৃশ্য কাৰাৰুদ্ধ পুত্রৰ হৈ সমষ্টি দখলৰ যুঁজত নামিল কৃষক নেতা অখিল গগৈৰ মাতৃ প্রিয়দা গগৈ৷ ছাত্র মুক্তি সংগ্রাম সমিতি, কৃষক মুক্তি সংগ্রাম সমিতি, ৰাইজৰ দলৰ বহুকেইজন আহ্বায়কমণ্ডলী আৰু অসম জাতীয় পৰিষদৰ আহ্বায়কমণ্ডলীৰ সহযোগত স্থানীয় ষ্টেচন চাৰিআলিৰ তাই বিকাশ কেন্দ্রৰ পৰা আৰম্ভ কৰে মনোনয়ন দাখিলৰ যাত্রা৷ শিৱসাগৰৰ বিভিন্ন স্থানৰ পৰা হাতে হাতে দলীয় পতাকা লৈ অখিল গগৈৰ মুক্তি আৰু অসম জাতীয় পৰিষদ, ৰাইজৰ দল জিন্দাবাদ ধ্বনিৰে আগুৱাই অহা শোভাযাত্রাৰ সন্মুখত আছিল অখিল মাতৃ প্রিয়দা গগৈ৷ অখিল গগৈৰ হৈ নির্বাচিত প্রতিনিধিবর্গই শিৱদ’লত সেৱা জনাই দাখিল কৰে অখিল গগৈৰ নামত মনোনয়ন–পত্র৷ মনোনয়ন–পত্র দাখিলৰ শোভাযাত্রাত অংশগ্রহণ কৰা অখিল মাতৃয়ে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ক’লে– ‘মোৰ পুত্রক অন্যায়ভাৱে চৰকাৰে জে’লত বন্দী কৰি ৰাখিছে৷ মই পুত্রৰ মুক্তি কামনা কৰিছেছা৷ এই শিৱসাগৰৰ পৰাই ৰাইজৰ সহযোগত অখিলে আৰম্ভ কৰিব ৰাজনৈতিক যাত্রা৷ মই ৰাইজক আশীর্বাদ দিবলৈ ইয়ালৈ আহিছেছা৷’

ইফালে শিৱসাগৰ সমষ্টিটোৰ পৰা আজিলৈকে একমাত্র নির্দলীয় প্রাথ্ হিচাপে মনোনয়ন–পত্র দাখিল কৰিলে শিৱসাগৰ প্রাক্তন পৌৰনেত্রী ৰূপা বৰাই৷ শিৱদ’লত শৰাই আগবঢ়াই নাৰী দিৱসৰ দিনাই শতাধিক নাৰীক লগত লৈ শোভাযাত্রাৰে ডপায়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰা ৰূপা বৰাই ক’লে– এইবাৰ শিৱসাগৰ সমষ্টিৰ জনতাই পাট্ নহয়, প্রাথ্ চাইহে ভোটদান কৰিব৷ বাতৰি প্রেৰণ কৰালৈকে শিৱসাগৰ সমষ্টিত আজিৰ দিনটোত আমগুৰিৰ প্রদীপ হাজৰিকা, অংকিতা দত্ত, থাওৰাৰ কুশল দুৱৰী, সুশান্ত বৰগোহঁাই, ৰাইজৰ দল–জাতীয় পৰিষদৰ হৈ অখিল গগৈ আৰু নির্দলীয় ৰূপা বৰাই দাখিল কৰে মনোনয়ন–পত্র৷
মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্রার্থী হিচাপে অখিল গগৈৰ মনোনয়ন দাখিল
মৰিয়নি বিধানসভা সমষ্টিৰ পৰাও ৰাইজৰ দলৰ প্রার্থী হিচাপে অখিল গগৈয়ে আজি মনোনয়ন–পত্র দাখিল কৰে৷ তিতাবৰ নির্বাচনী জিলা কার্যালয়ত ৰিটার্নিং বিষয়া অসীম বৰগোহাঁইৰ ওচৰত অখিল গগৈৰ হৈ ৰাইজৰ দলৰ মৰিয়নি সমষ্টি সমিতিৰ সভাপতি ৰমেন চেতিয়া, যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া পৰাণজিৎ সন্দিকৈ আৰু মৰিয়নি সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক দীপক পানীফুকনে আজি দুপৰীয়া মনোনয়ন–পত্র দাখিল কৰে৷ ইয়াৰ পূর্বে মৰিয়নিৰ নকছাৰীৰ পৰা বহুসংখ্যক গাড়ীৰে ৰাইজৰ দলৰ সমর্থকসকলে বৃহৎ সমদল কৰি তিতাবলৈ যায়৷ নির্বাচনী বিষয়া কার্যালয়ৰ সমীপত পাঁচ শতাধিক ৰাইজৰ দলৰ কর্মীৰ সমাৱেশ ঘটে৷ অৱশ্যে নির্বাচন আয়োগৰ নির্দেশনা অনুযায়ী এইবাৰ প্রার্থীৰ লগত মাত্র দুজন ব্যক্তিকহে মনোনয়ন দাখিল কৰিবলৈ দিয়া হৈছে৷
নাজিৰাত বিশাল সমদলেৰে দেৱব্রত–ময়ূৰৰ মনোনয়ন দাখিল
নাজিৰাৰ বর্তমানৰ বিধায়ক তথা কংগ্রেছ প্রার্থী দেৱব্রত শইকীয়া আৰু বিজেপি প্রার্থী ময়ূৰ বৰগোহাঞিয়ে আজি বিশাল সমদলেৰে মনোনয়ন পত্র দাখিল কৰে৷ কংগ্রেছ প্রার্থী দেৱব্রত শইকীয়াই প্রথমে নাজিৰা জিলা নির্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্র দাখিল কৰাৰ পৰৱর্তী সময়ত বিজেপি প্রার্থী ময়ূৰ বৰগোহাঞিয়েও নিজৰ মনোনয়ন পত্র জমা দিয়ে৷ মনোনয়ন পত্র দাখিলৰ পূর্বে নাজিৰাৰ চাওলুং চুকাফাৰ প্রতিমূর্তিৰ সন্মুখত সেৱা লয় বিজেপি প্রার্থীজনে৷ সেইদৰে দেৱব্রত শইকীয়াই পিতৃ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াৰ সমাধিক্ষেত্রত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি মনোনয়ন পত্র দাখিল কৰিবলৈ আহে৷ লক্ষণীয়ভাৱে মনোনয়ন পত্র দাখিলৰ ঠিক আগে আগে কংগ্রেছ প্রার্থী দেৱব্রত শইকীয়াৰ মুখামুখি হোৱাত এক অনন্য আদর্শৰ পৰিচয় দাঙি ধৰে বিজেপি প্রার্থী ময়ূৰ বৰগোহাঞিয়ে৷ তেওঁ দেৱব্রত শইকীয়াৰ ডিঙিত এখন গামোচা পিন্ধাই প্রথমে মনোনয়ন পত্র দাখিল কৰিবলৈ বাট এৰি দিয়ে৷ মনোনয়ন পত্র দাখিলৰ সময়ত দেৱব্রত শইকীয়াক সংগ দিছিল মাতৃ তথা প্রাক্তন মন্ত্রী ড০ হেমপ্রভা শইকীয়া, পত্নী বন্দনা শইকীয়া, শিক্ষাবিদ মফিদুল ইছলাম আদিয়ে৷ সেইদৰে বিজেপি প্রার্থী ময়ূৰ বৰগোহাঞিৰ লগত আছিল স্থানীয় বিজেপি নেতা বলীন কলিতা, থুনুক গগৈ, দিলীপ হাজৰিকা, আশাবন্তি তির্কী, শিক্ষাবিদ গোলাপ বৰুৱা আদি৷ ইফালে, মনোনয়ন পত্র দাখিলৰ প্রক্রিয়া সম্পন্ন হোৱাৰ পাছত বিয়লি নাজিৰাত উপস্থিত হয় বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷
আমগুৰিৰ অংকিতা দত্ত–প্রদীপ হাজৰিকা, থাওৰাৰ কুশল দুৱৰী–সুশান্ত বৰগোহাঁইৰ মনোনয়ন
আজি শিৱসাগৰ চহৰত মনোনয়ন দাখিলৰ প্রতিযোগিতাত নামিল কংগ্রেছ–বিজেপি–ৰাই দলৰ প্রার্থীসকল৷ ঢ়োলে–দগৰে, বিহু–হুঁচৰিৰ দল লৈ শিৱসাগৰত ডপস্থিত হোৱা আমগুৰি সমষ্টিৰ কংগ্রেছৰ প্রাথ্ অংকিতা দত্তই ঐতিহাসিক শিৱদ’লত চাকি–বন্তি জ্বলাই সেৱা জনোৱাৰ অন্তত ডপায়ুক্তৰ কার্যালয়ত দাখিল কৰিলে মনোনয়ন–পত্র৷ আনহাতে, শিৱসাগৰ নির্বাচনী জিলাৰ অন্তর্গত ১০৭নং থাওৰা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতাত নমা বর্তমানৰ বিধায়ক কুশল দুৱৰীয়েও শিৱদ’লত আঁঠু লৈ সেৱা জনাই সমষ্টিৰ কুশল–মংগল কামনা কৰাৰ পাছতেই জিলা ডপায়ুক্তৰ কার্যালয়ত দাখিল কৰে মনোনয়ন–পত্র৷ ইফালে শিৱদ’লত শৰাই আগবঢ়াই মনোনয়ন–পত্র দাখিল কৰে থাওৰা সমষ্টিৰ কংগ্রেছ প্রাথ্ তথা সমষ্টিটোৰ প্রাক্তন বিধায়ক সুশান্ত বৰগোহঁায়ে৷ আনহাতে, বিগত পাঁচটা বছৰ আমগুৰি সমষ্টি আঞ্চলিক দলৰ জয়যাত্রা বর্তাই ৰাখিবলৈ সক্ষম হোৱা সমষ্টিটোৰ বর্তমানৰ বিধায়ক তথা বিজেপি–গপ মিত্রজোঁটৰ প্রাথ্ প্রদীপ হাজৰিকাই ঢ়োলে–দগৰে সহস্রাধিক সমর্থকক লৈ আজি শিৱসাগৰ জিলা ডপায়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰে৷ ইফালে, তিনিকোণীয়া যুঁজলৈ আগবাঢ়ি যোৱা শিৱসাগৰ সমষ্টিটোৰ বাবে অন্যতম চর্চাৰ কেন্দ্রবিন্দু হৈ পৰা ৰাইজৰ দলৰ প্রাথ্ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ হৈ কেইবাসহস্র সমর্থকে মনোনয়ন দাখিল কৰিবলৈ অহা দৃশ্য৷ কাৰাৰুদ্ধ পুত্রৰ হৈ সমষ্টি দখলৰ যুঁজত নামিল কৃষক নেতা অখিল গগৈৰ মাতৃ প্রিয়দা গগৈ৷
যোৰহাটত চাৰিজন প্রার্থীৰ মনোনয়ন–পত্র দাখিল
আজি যোৰহাট নির্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ হৈ চাৰিজন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰে৷ প্রার্থীকেইজন হ’ল– যোৰহাট সমষ্টিৰ বিজেপিৰ হিতেন্দ্রনাথ গোস্বামী, কংগ্রেছৰ ৰাণা গোস্বামী টীয়কৰ কংগ্রেছ প্রার্থী পল্লৱী শইকীয়া গগৈ আৰু দেৰগাঁও সমষ্টিৰ কংগ্রেছ প্রার্থী বাণী হাজৰিকা৷ প্রার্থীসকলে নিজ বাসগৃহৰ পৰা হাজাৰ হাজাৰ সমর্থক লগত লৈ গায়ন–বায়ন, বিহু, ঝুমুৰ আদি সাংস্কৃতিক দল লগত লৈ অহা পৰিলক্ষিত হয়৷ নির্দিষ্ট দূৰত্বত সমর্থকসকলক এৰি দুজন সমর্থক লগত লৈ প্রার্থীকেইজনে জিলা উপায়ুক্ত তথা ৰিটার্নিং বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে৷ মনোনয়ন দাখিল কৰি বিজেপি প্রার্থী তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীয়ে কয় যে যোৰহাটত বিকাশৰ ধাৰা আৰম্ভ হৈছে, বহুকেইখন উন্নয়নমুখী আঁচনি আৰম্ভ হৈছে৷ উন্নয়নৰ সেই ধাৰা অব্যাহত ৰখাৰ বাবে যোৰহাটৰ ৰাইজে তেওঁক পুনৰ নির্বাচিত কৰিব৷ একেদৰে কংগ্রেছৰ ৰাণা গোস্বামীয়ে কয় যে ২০১৬ৰ নির্বাচনত তেওঁ ইমান সমর্থক আৰু ইমান উৎসাহ দেখা নাছিল৷ ৰাইজ ওলাই আহিছে বিজেপিৰ শাসনৰ ওৰ পেলাবলৈ৷ টীয়কৰ কংগ্রেছৰ প্রার্থী পল্লৱী শইকীয়া গগৈয়ে কয়– আজি আন্তর্জাতিক নাৰী দিৱসৰ দিনা তেওঁ মনোনয়ন দিবলৈ পাই অত্যন্ত সুখী৷ তেওঁ সমষ্টিৰ ৰাইজৰ সুখে–দুখে যোৱা পাঁচ বছৰ আছে, যদিও তেওঁ শাসনত নাছিল৷ তেওঁৰ প্রতিদ্বন্দ্বীগৰাকীও এগৰাকী মহিলা৷ তেওঁ অগপৰ ৰেণুপমা ৰাজখোৱা বাইদেউ তেওঁৰ মাতৃসদৃশ৷ তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ কয় যে এইবাৰ টীয়কৰ ৰাইজে মোৰ বিজয় নিশ্চিত কৰিব৷ দেৰগাঁও সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা বাণী হাজৰিকাই কয় যে দেৰগাঁও সমষ্টিৰ বাবে কৰিবলগীয়া বহুত আছে৷ জনজাতীয় অঞ্চলত বান–খহনীয়া, নিবনুৱা আদি বহু কৰিবলগীয়া আছে৷ দেৰগাঁৱৰ ৰাইজে এইখিনি কৰাৰ সুবিধা দিলে তেওঁ যিমান পাৰে ৰাইজৰ হৈ কাম কৰিব৷
কলিয়াবৰত অগপ–বিজেপি মিত্রদলৰ প্রার্থী কেশৱ মহন্তৰ মনোনয়ন–পত্র দাখিল
কলিয়াবৰত অগপ–বিজেপিৰ হাজাৰ হাজাৰ দলীয় নেতা–কর্মকর্তা–সম বিপুল উৎসাহ–উদ্দীপনাৰ মাজত আজি মন্ত্রী কেশৱ মহন্তই কলিয়াবৰ মহকুমাধিপতি কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে৷ কুঁৱৰীটোলস্থিত অগপ জিলা কার্যালয়ৰ পৰা পদব্রজে শোভাযাত্রা কৰি কলিয়াবৰ তিনিআলিস্থিত কলিয়াবৰ মহকুমাধিপতি কার্যালয়ৰ নির্বাচনী বিষয়া কার্যালয়ত উপস্থিত হৈ চতুর্থবাৰৰ বাবে মনোনয়ন–পত্র দাখিল কৰে৷ মহন্তক মনোনয়ন–পত্রৰ সময়ত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই সংগ দিয়ে৷ অগপ দলৰ কার্যালয়ৰ পৰা পদব্রজে অহাৰ সময়ত মহন্তই নামঘৰ–মন্দিৰত সেৱা জনাই মনোনয়ন–পত্র দাখিলৰ বাবে আগবাঢ়ে৷ মহন্তই মনোনয়ন–পত্র দাখিল কৰি আহি দলীয় সমর্থকৰ উপস্থিতত কুঁৱৰীটোল গান্ধী খেলপথাৰত আয়োজিত এখন নির্বাচনী সভাত কয় যে কলিয়াবৰক লৈ এটা সপোন আছে আৰু বিগত নির্বাচনৰ আগতে দিয়া পথ, পানী, পোহৰৰ উন্নয়নৰ প্রতিশ্রুতি প্রায় সম্পূর্ণ হৈছে যদিও সংস্থাপনৰ প্রতিশ্রুতি পূৰণত ব্যর্থ হোৱা বুলিও স্বীকাৰ কৰে৷ সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্রহণ কৰি কয় যে অগপ–বিজেপি মিত্রদলৰ প্রার্থী কেশৱ মহন্তক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব৷ তেওঁ দলীয় সমর্থকক উদ্দেশ্য কৰি পদুম ফুল মানে হাতী, হাতী মানে পদুম ফুল বুলি বিহুগীত গাই দুয়োদলৰ সমর্থকক উৎসাহিত কৰে৷ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্য, বিজেপি নেতা জয়ন্ত দাসেও সভাত বক্তব্য আগবঢ়ায়৷
দুলীয়াজান–নাহৰকটীয়া মনোনয়ন লুৰিণজ্যোতিৰ
দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্রার্থী লুৰিণজ্যোতি গগৈয়ে আজি এক বৃহৎ সমদল উলিয়াই ডিব্রুগড উপায়ুক্ত কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰে৷ তাৰ পূর্বে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজানৰ কমলাবাৰী নামঘৰত আইমাতৃ আৰু ভকত–বৈষ্ণৱৰ আশীর্বাদ লোৱাৰ লগতে টেঙাখাটৰ মছজিদতো দোৱা লয়৷ টেঙাখাটৰ ৰাইজেও তেওঁক উষ্ম আদৰণি জনায়৷ দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্রার্থী হিচাপে মনোনয়ন–পত্র দাখিল কৰিবলৈ যোৱাৰ আগমুহূর্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে যথেষ্ট আত্মবিশ্বাসী মনোভাবেৰে কয় যে জাতীয়তাবাদ প্রতিষ্ঠাৰ যাত্রা আৰম্ভ কৰিছোঁ৷ অসমৰ জনগণৰ সহযোগত জাতীয়তাবাদৰ জয়যাত্রা আৰম্ভ হ’ব৷ এই যাত্রা স্বাভিমানী, আপোচবিহীন যাত্রা, য’ত জাতীয় জীৱনৰ আত্মপ্রতিষ্ঠাৰ মূলমন্ত্র জডিত হৈ আছে৷ এই যাত্রাত সকলোৱে চামিল হ’ব৷ অসমৰ জনগণে সন্মিলিতভাৱে জাতীয় পৰিষদৰ প্রার্থীসকলৰ সপক্ষত ভোটদান কৰিব৷ ৰাইজে এইবাৰ জাতীয়তাবাদৰ ভাবধাৰাৰ প্রতি অনুপ্রাণিত হৈ বিপুল ভোটত অসম জাতীয় পৰিষদক জয়ী কৰাব বুলি প্রবল আশাবাদী৷ সমন্বয়ৰ ৰাজনীতি প্রতিষ্ঠাৰ মূলমন্ত্র লৈ ভোটাৰ ৰাইজৰ কাষ চাপিব বুলি উল্লেখ কৰে লুৰিণজ্যোতি গগৈয়ে৷ তেওঁ পুনৰ কয় যে এইবাৰ নির্বাচনত কংগ্রেছ আৰু বিজেপিক প্রতিৰোধ কৰিবৰ বাবেই কৌশলগতভাৱে মিত্রতা থকা সত্ত্বেও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বন্ধুত্বমূলকভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ দুলীয়াজান চহৰৰ মাজেৰে শতাধিক দলীয় সমর্থকক লৈ এখন খোলা জীপত লুৰিণজ্যোতি গগৈয়ে মনোনয়ন–পত্র দাখিল কৰিবলৈ অগ্রসৰ হোৱাৰ বিপৰীতে বিজেপিৰ প্রার্থী তেৰছ গোৱালায়ো বিজেপি চৰকাৰৰ উন্নয়ণৰ গুণ–গানেৰে দলীয় কার্যকর্তাক লৈ মনোনয়ন দাখিল কৰিবলৈ আগবাঢ়ে৷

You might also like