আই চি চিৰ মাহটোৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা অশ্বিনলৈ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাত দাঙি ধৰা চমকপ্রদ অলৰাউণ্ড প্রদর্শনৰ সুবাদত টীম ইণ্ডিয়াৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্রন অশ্বিনলৈ আই চি চিৰ মাহটোৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হৈছে৷ ইংলেণ্ডৰ বিৰুদ্ধে শেহতীয়াকৈ খেলা চাৰিখন মেচৰ টেষ্ট শৃংখলাটোত অশ্বিনে এটা শতকসহ মুঠ ১৬৭ ৰান সংগ্রহ কৰাৰ লগতে ২৪টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ চেন্নাইত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত তেওঁ ভাৰতৰ বিপর্যয় ৰোধ কৰি ১০৬ ৰানৰ দর্শনীয় ইনিংছ খেলিছিল৷ একেদৰে আহমেদাবাদত অনুষ্ঠিত তৃতীয় টেষ্টত অশ্বিনে ৪০০ টেষ্ট উইকেটৰ বিৰল কৃতিত্ব অর্জন কৰে৷
আই চি চিয়ে এক বিবৃতিত প্রকাশ কৰিছে যে অশ্বিনৰ ধাৰাবাহিক উইকেট দখলৰ সক্ষমতাই টীম ইণ্ডিয়াক টেষ্ট শৃংখলা জয়ত গুৰুত্বপূর্ণ বৰঙণি আগবঢ়াই আহিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত তেওঁৰ শতক সমগ্র শৃংখলাটোৰ বাবে নির্ণায়ক আছিল৷ অশ্বিনে ইংলেণ্ডৰ টেষ্ট অধিনায়ক জ’ ৰুট আৰু ৱেষ্ট ইণ্ডিজৰ উদীয়মান তাৰকা কাঈল মায়েৰছক চেৰ পেলাই আই চি চিৰ ফেব্রুৱাৰী মাহৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে আই চি চিয়ে যোৱা মাহৰ পৰা মাহটোৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা প্রৱর্তন কৰিছে৷ টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্ট আই চি চিৰ এই সন্মানীয় বঁটা অর্জন কৰা প্রথমগৰাকী ক্রিকেটাৰ হিচাপে চিহ্ণিত হৈছিল৷