নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰী সন্ত্রাসবাদীলৈ বিটকইনত ধন যোগানঃ ২০১৪ৰ পৰাই ভাৰতবিৰোধী কার্যকলাপ বাংলাদেশৰ জেহাদীৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ ঃ ক্রিপ্ট’কাৰেঞ্চী অথবা অদৃশ্য মুদ্রাক লৈ উদ্বিগ্ন কেন্দ্রীয় চৰকাৰ৷ এনে সময়তে বাংলাদেশী সন্ত্রাসবাদীয়ে ক্রিপ্ট’কাৰেঞ্চীৰে কাশ্মীৰৰ সন্ত্রাসবাদীলৈ ধন প্রেৰণৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ বাংলাদেশৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন, আনছাৰ এল ইছলাম (এআই) আৰু আনচাৰুল্লাহ বাংলা টিম (এবিটি)এ বৃহৎ পৰিমাণৰ ধন কাশ্মীৰৰ সন্ত্রাসবাদীলৈ ক্রিপ্ট’কাৰেঞ্চীৰে প্রেৰণ কৰাৰ তথ্য নিশ্চিত কৰা হৈছে৷

এগৰাকী শীর্ষ আৰক্ষী বিষয়াই প্রকাশ কৰা মতে ঢাকা মেট্র’পলিটান পলিচ’চ (ডিএমপি) কাউণ্টাৰ–টেৰিজিম এণ্ড ট্রেন্সনেচনেল ক্রাইম ইউনিট (চিটিটিচি)য়ে ২০১৯ চনৰ ছেপ্ঢেম্বৰত এআইৰ দুই সন্ত্রাসবাদী আৱল নেৱাজ ওৰফে ছোহেল নেৱা আৰু ফজল ৰাব্বী চৌধুৰীক গ্রেপ্তাৰ কৰিছিল৷ ধৃত সন্ত্রাসবাদী দুটাই স্বীকাৰোক্তিত ২০১৪ চনৰে সন্ত্রাসবাদী সংগঠনকেইটাৰ বিটকইন ব্যৱস্থাৰে বৃহৎ পৰিমাণৰ ধন লাভ কৰা বুলি কৈছিল৷ এই ধন পাকিস্তান আৰু পাৰস্য উপসাগৰীয় দেশসমূহৰ পৰা সংগ্রহ কৰিছিল৷ এই সংগৃহীত ধন ভাৰতৰ কাশ্মীৰত থকা সন্ত্রাসবাদী সংগঠনলৈ বিটকইন প্রেৰণ কৰা বুলি সন্ত্রাসবাদী দুটাই স্বীকাৰোক্তি দিছিল৷ সন্ত্রাসবাদী দুটাই এই তথ্যও প্রকাশ কৰিছিল যে পূর্বে ধন সংগ্রহ কৰা হৈছিল ‘হুন্দি’ ব্যৱস্থাৰ জৰিয়তে৷ কিন্তু এই ব্যৱস্থাৰ ওপৰত নিৰাপত্তা সংস্থাসমূহৰ নিৰীক্ষণ কঠোৰ হৈ পৰাৰ পাছতে বিটকইন ব্যৱস্থাক সন্ত্রাসবাদীয়ে পুঁজি সংগ্রহ তথা যোগানৰ সুবিধাজনক ব্যৱস্থা হিচাপে আঁকোৱালি লৈছে৷

You might also like