নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ থানেৰ ১১ স্থানত পুনৰ লকডাউন

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ হটস্পট হিচাপে চিহ্ণিত হোৱা মহাৰাষ্ট্রৰ থানে জিলাৰ ১১টা স্থানত আগন্তুক ১৩ মার্চৰ পৰা লকডাউন বলৱৎ হ’ব৷ ১৩ মার্চৰ পৰা ৩১ মার্চলৈ এই অঞ্চলসমূহত লকডাউন জাৰি কৰিছে পৌৰ প্রশাসনে৷ কালি পৌৰ প্রশাসনৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে৷

থানে পৌৰ নিগমৰ আয়ুক্ত বিপিন শর্মাই জাৰি কৰিছে এই লকডাউন৷ বিগত কেইটামান দিনত থানেৰ বিভিন্ন স্থানত নতুনকৈ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱা বাবেই এই সিদ্ধান্ত গ্রহণ কৰা বুলি ঘোষণা কৰিছে আয়ুক্তগৰাকীয়ে৷

You might also like