পাঁচ বছৰত পৰিৱর্তনৰ সঁচা অর্থ অনুভৱ কৰিছে অসমৰ ৰাইজেঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ৫ বছৰীয়া শাসনৰ অন্তত পুনৰ নির্বাচনী ৰণত নামি পৰা বিজেপিয়ে এইবাৰ জাকজমকীয়া প্রচাৰেৰে ৰাইজৰ মন মুহিবলৈ সাজু হৈছে৷ আকর্ষণীয় গীত–নৃত্য, বাটৰ নাট, হর্ডিং–বেনাৰ–পোষ্টা আদিৰে ৰাজ্যজুৰি প্রচাৰত চমক দিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ আজি আগন্তুক বিধানসভা নির্বাচনৰ বাবে বেনাৰ–পোষ্টাৰ–হর্ড, গীত–নৃত্য মুকলিৰে আনুষ্ঠানিকভাৱে প্রচাৰ অভিযানৰ শুভাৰম্ভণি কৰে বিজেপিয়ে৷ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত আয়োজন কৰা এক আড়ম্বৰপূর্ণ অনুষ্ঠানত প্রচাৰ অভিযান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি বৈজয়ন্ত জয় পাণ্ডা, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংসদ মনোজ তিৱাৰী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, মন্ত্রী সিদ্ধার্থ ভট্টাচার্য আৰু বিধায়ক অতুল বৰাই৷
‘সুৰক্ষিত–বিকশিত অসমৰ অংগীকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ’ শ্লোগানেৰে আজিৰ এই নির্বাচনী প্রচাৰ অভিযানৰ আনুষ্ঠানিক আৰম্ভণি কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে ২০১৬ চনত বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৰাইজৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়ত বিজেপিয়ে ৰাইজক পৰিৱর্তনৰ প্রতিশ্রুতি দিছিল৷ আজি ৫ বছৰৰ শাসনকালৰ পাছত অসমৰ ৰাইজে সঁচা অর্থত পৰিৱর্তনৰ অর্থ অনুভৱ কৰিবলৈ সক্ষম হৈছে৷ ৰাজ্যৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকসকলৰ এই চৰকাৰৰ প্রতি আস্থা বৃদ্ধি পাইছে বুলি তেওঁ কয়– ‘প্রধানমন্ত্রী মোদীৰ নেতৃত্বত অসম ক্ষিপ্র গতিৰে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে৷ আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে আত্মনির্ভৰ অসম গঢ়াৰ বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা হৈছে৷ ৫ বছৰীয়া শাসনকালত গ্রহণ কৰা কল্যাণমূলক আঁচনিসমূহৰ কথা আমি প্রচাৰ অভিযানৰ জৰিয়তে ৰাইজৰ ওচৰলৈ লৈ যাম৷ আমাৰ শাসনকালত অসমৰ ৰাইজে সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে৷ প্রধানমন্ত্রী মোদীৰ সবকা সাথ, সবকা বিকাশ নীতি কার্যকৰী কৰি সকলোকে সম–উন্নয়নেৰে আগবঢ়াই নিবলৈ আমি সক্ষম হৈছোঁ৷’
ইপিনে, অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– পূর্বৰ চৰকাৰৰ দিনত প্রতি সপ্তাহত চাৰিটাকৈ গঁড় হত্যা হৈছিল৷ পুৱা বাতৰিকাকত আৰু অথবা টেলিভিছনত এই ধৰণৰ বাতৰি লাভ কৰিছিলোঁ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত গঁড় হত্যা বন্ধ হৈছে৷ এয়াই পূর্বৰ চৰকাৰ আৰু বিজেপি চৰকাৰৰ মাজত পার্থক্য৷ ৰাইজৰ আশীর্বাদেৰে পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সুযোগ লাভ কৰিব বুলি আশা প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে৷ আনহাতে, দিল্লী প্রদেশ বিজেপিৰ প্রাক্তন সভাপতি তথা সাংসদ আৰু বিশিষ্ট ভোজপুৰী শিল্পী মনোজ তিৱাৰীয়ে আজিৰ এই অনুষ্ঠানত অংশগ্রহণ কৰি অসমৰ সৈতে থকা তেওঁৰ দীর্ঘদিনীয়া সম্পর্কৰ কথা উল্লেখ কৰে৷ তেওঁৰ জ্যেষ্ঠ ভাতৃ অ’ এন জি চিত চাকৰি কৰি থকা কালছোৱাত নাজিৰাত কটোৱা সময়ৰ কথা সুঁৱৰি তিৱাৰীয়ে কয়– ‘সর্বানন্দ সোণোৱালৰ নেতৃত্বৰ চৰকাৰখনে যোৱা ৫ বছৰত অসমক যি সফলতা প্রদান কৰিলে, সেই সফলতাক অধিক গতি দিবৰ বাবে ১০০+ আসনেৰে জয়ী কৰিব লাগিব৷ বিজেপি প্লাছ মানে ১০০ প্লাছ৷ যি লক্ষ্যৰে ৰাজ্যিক বিজেপি আগবাঢ়িছে, সেয়া পূৰণ কৰিবলৈ আমি নিশ্চয় সক্ষম হ’ম৷’ ভাষণৰ মাজতে তেওঁৰ জনপ্রিয় গীত পৰিৱেশনেৰে দর্শকক মন্ত্রমুগ্ধ কৰি ৰাখে তিৱাৰীয়ে৷
অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে কংগ্রেছ চৰকাৰৰ ৬০ বছৰৰ কার্যকালৰ প্রতিচ্ছবি আৰু ৫ বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনৰ ছবিখন ৰাইজে হূদয়ংগম কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত নির্বাচনী প্রচাৰৰ বাবে মুকলি কৰা গীতসমূহ মঞ্চত পৰিৱেশন কৰা হয়৷ বিহুসুৰীয়া গীতৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ ভাষাত ৰচনা কৰা গীতলৈকে নির্বাচনী প্রচাৰৰ বাবে মুকলি কৰা হৈছে৷ এই গীতসমূহত কণ্ঠদান কৰিছে সীমান্ত শেখৰ, বিদ্যাসাগৰ, কল্লোল বৰঠাকুৰকে ধৰি বহুকেইগৰাকী শিল্পীয়ে৷ তদুপৰি নির্বাচনী প্রচাৰৰ বাবে এখন চুটি বাটৰ নাটো প্রস্তুত কৰি উলিয়াইছে ৰাজ্যিক বিজেপিয়ে৷ ৫ বছৰীয়া শাসনকালত চৰকাৰখনে গ্রহণ কৰা বিভিন্ন আঁচনিৰ লগতে এই গীতসমূহৰ লগতে বাটৰ নাটত উল্লেখ কৰা হৈছে৷ আজিৰ অনুষ্ঠানত ড’নাৰ মন্ত্রী জিতেন্দ্র সিং, অসমৰ সহঃ তত্ত্বাৱধায়ক প্রৱণ শর্মা, কামৰূপ মহানগৰ জিলা বিজেপিৰ সভাপতি মৃগেন শৰণীয়াকে ধৰি বহুসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷
মনোনয়ন–পত্র দাখিল কৰা মিত্রজোঁটৰ প্রার্থীসকললৈ ৰঞ্জিত কুমাৰ দাসৰ শুভেচ্ছা
প্রথম পর্যায়ৰ নির্বাচনৰ লগতে মনোনয়ন–পত্র দাখিল কৰা বিজেপি মিত্রজোঁটৰ প্রার্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ এক বিবৃতিত সভাপতি দাসে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৫টা বছৰত কংগ্রেছৰ ১৫ বছৰীয়া দুর্নীতিত পোত যোৱা শাসন ব্যৱস্থাক পোনাই–আজৰাই আগবঢ়োৱা দুর্নীতিমুক্ত, সু–শাসন ব্যৱস্থা, অভূতপূর্ব উন্নয়নে ৰাজ্যখনৰ সৰু–বৰ সকলো জাতি–জনগোষ্ঠীৰ দীর্ঘদিনীয়া আশা–আকাংক্ষা পূৰণ কৰিছে৷ ৰাজ্যখনলৈ ঘূৰাই অনা শান্তি–প্রগতিৰ বাবে অসমবাসী ৰাইজে পুনৰ বিজেপি মিত্রজোঁটক শাসনৰ বাঘজৰী গতাব৷ তেওঁ কয়–‘কেৱল ক্ষমতা আহৰণৰ বাবে ৰাজ্যখনৰ চৌদিশে উৰাবাতৰি, বিভ্রান্তিৰে বিশৃংখল কার্য কৰাসকলে যে ৰাজ্যৰ কল্যাণ সাধিব নোৱাৰে, সেয়া অসমৰ সচেতন ৰাইজে বুজি পাইছে৷ বদৰুদ্দিন আজমলৰ বোকোচাত উঠি শাসনৰ বাঘজৰী ল’ব বিচৰা সপোন, সপোন হৈয়ে থাকিব৷ ৰাইজে কংগ্রেছৰ শাসনকালত সংঘটিত দুর্নীতিৰ ইতিহাস এতিয়াও পাহৰা নাই৷