মানৱ সেৱাৰ বাবেই ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ড০ শর্মাই
চাংসাৰিত বিজেপিৰ নির্বাচনী সভাত বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ভাৰতীয় জনতা পার্টী বেজেৰা মণ্ডলৰ উদ্যোগত বুধবাৰে চাংসাৰিত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ মূলতঃ অহা ৬ এপ্রিলত জালুকবাৰী সমষ্টিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ অসম বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন প্রান্তৰ সমান্তৰালকৈ চাংসাৰিতো আজি উক্ত নির্বাচনী সভা অনুষ্ঠিত হয়৷ দুয়োখন সভাতে বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই উপস্থিত থাকি কয় যে মানৱ সেৱাৰ বাবেই ৰাইজৰ হূদয় জয় কৰিবলৈ সক্ষম হৈছে ড০ হিমন্ত বিশ্ব শর্মা৷ সকলোতে দৃশ্যমান অভূতপূর্ব সঁহাৰিয়ে এই কথাকে প্রতিপন্ন কৰিছে৷ তেওঁ কয়– এতিয়া সমষ্টিটোত কি উন্নয়ন কৰিবলগীয়া আছে সেই কথা চিন্তা কৰিবলগীয়া সময় আহি পৰিছে৷ আনহাতে ৬ এপ্রিলৰ নির্বাচনত যাতে এশ শতাংশ ভোট নিশ্চিত হয় তাৰ প্রতিও ৰাইজলৈ আহ্বান জনায়৷
উল্লেখ্য যে প্রথমখন সভা অনুষ্ঠিত হয় দিনৰ ১বজাত চাংসাৰি ৰাজহুৱা প্রেক্ষাগৃহত৷ শৰাইঘাট পঞ্চায়তৰ সহযোগত বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাৰ সভাপতিত্বত আৰু যুৱ মর্চাৰ সম্পাদক ভৱেশ নাথে আঁতধৰা সভাখনত বিজেপি সংখ্যালঘু মর্চাৰ ৰাজ্যিক উপ–সভাপতি তবিবৰ ৰহমানে কয় যে বিজেপি কেতিয়াও সাম্প্রদায়িক দল হ’ব নোৱাৰে৷ কংগ্রেছত থকা কালত এই ধাৰণা হৈছিল যদিও বিজেপিত যোগদানৰ পিছতে তথা দলটোৰ ভিতৰত সোমাই উপলব্ধি কৰিছোঁ যে বিজেপিয়ে মুছলমানৰ কাৰণে যিমান আঁচনি লৈছে অন্য কোনো দলেই লোৱা নাই৷ আজি যদি সংখ্যালঘুসকলৰ কিবা উন্নয়ন হৈছে সেয়া বিজেপি চৰকাৰৰ দিনত হৈছে৷ গতিকে এইবাৰ যাতে সংখ্যালঘু লোকে বিজেপিৰ পক্ষত ভোট প্রদান কৰে তাৰ প্রতিও তবিবৰ ৰহমানে আহ্বান জনায়৷
লক্ষণীয় যে চাংসাৰিৰ সভাখনত যথেষ্টসংখ্যক সংখ্যালঘু ভোটাৰ উপস্থিত থকা পৰিলক্ষিত হৈছিল৷ সভাত দয়াৰাম নাথ, মৃণাল কুমাৰ দেৱনাথ, নৃপেন নাথ, নয়নমণি বৰা, মাধৱ বডা, দীপক কুমাৰ নাথ, ভৱানী লহকৰ, চন্দনা মহন্ত, পঞ্চায়তৰ সভাপতি সুৰেশ চন্দ্র নাথ, বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক ৰুবুল দাস, সংখ্যালঘু মর্চাৰ সম্পাদক খাইৰুল আহমেদকে ধৰি বিজেপিৰ বহুকেইগৰাকী নেতা–কর্মী উপস্থিত থাকে৷ একেদৰে বিয়লি ৩.৩০ বজাত চাংসাৰিৰ সমীপৰ ধোপাতাৰী গাঁও পঞ্চায়তৰ সহযোগত বনমাজা বিহুতলীত দ্বিতীয়খন বিজেপিৰ নির্বাচনী সভা অনুষ্ঠিত হয়৷ প্রভাত কলিতাই আঁতধৰা সভাখনত গুৰুজনাৰ কথা–সুৰ আৰু নৱজ্যোতিৰ কণ্ঠৰ জৰিয়তে বিজেপি চৰকাৰ, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আলম লৈ বাণীবদ্ধ নির্বাচনকেন্দ্রিক মন পৰশা গীত এটি মুকলি কৰা হয়৷ সভাত বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, ধোপাতাৰী পঞ্চায়তৰ সভাপতি কুশল চন্দ্র কলিতা, আঞ্চলিক সদস্য জিতেন্দ্র লহকৰ সমন্বিতে ভূপেন দাস, নৱ কলিতা আদি কৰি বহুকেইজন দলীয় নেতা উপস্থিত থাকে৷