নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনক সমালোচনা গ্রেটা থুনবার্গৰ

নিয়মীয়া বাৰ্তা, ১১ মার্চঃ জলবায়ু আন্দোলনৰ কর্মী ছুইডিছ তৰুণী গ্রেটা থুনবার্গে আমেৰিকাৰ নৱ–নির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনক কঠোৰ সমালোচনা কৰিছে৷

জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বাইডেনৰ স্থিতিক সমালোচনা কৰি থুনবার্গে কৈছে যে বিজ্ঞানে বাইডেনে গ্রহণ কৰা ব্যৱস্থাক পর্যাপ্ত বুলি কেতিয়াও মানি নলয়৷ অর্থাৎ জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰাৰ ক্ষেত্রত বাইডেনে গ্রহণ কৰা ব্যৱস্থাক পর্যাপ্ত নহয় বুলি মন্তব্য কৰিছে থুনবার্গে৷

এম এছ এন ডি চিৰ বাবে মেহদি হাছানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত থুনবার্গে বাইডেনক জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি সমালোচনা কৰিছে৷ ১৮ বছৰীয়া তৰুণীগৰাকীৰ মতে জলবায়ু পৰিৱর্তনৰ দৰে বিষয় এটাক লৈ গভীৰভাৱে চিন্তা কৰি ইয়াৰ মোকাবিলা কৰাৰ প্রয়োজন আছে৷

স্মর্তব্য যে শেহতীয়াকৈ বাইডেনে পেৰিছ জলবায়ু চুক্তিলৈ সমর্থন জনোৱাৰ সিদ্ধান্ত লৈছে৷ এই চুক্তিৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰ কৰিছিল পূর্বৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

বাইডেনে নিজৰ কার্যকালৰ প্রথম ৫০টা দিনত জলবায়ু পৰিৱর্তনৰ মোকাবিলা কৰিবলৈ কি পদক্ষেপ গ্রহণ কৰিছে বুলি থুনবার্গক হাছানে কৰা এক প্রশ্ণৰ উত্তৰত তৰুণীগৰাকীয়ে কয় যে এই সন্দর্ভত বিজ্ঞানে ক’ব– বাইডেনে প্রয়োজনীয় একো কামেই কৰা নাই৷

You might also like