পর্বতসম সম্পত্তিৰ গৰাকী জনতাৰ সেৱক ৰকিবুল হুছেইন
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ পূর্বৰ কংগ্রেছ চৰকাৰৰ প্রভাৱশালী মন্ত্রী তথা বর্তমানৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ হাতে জমা আছে মাত্র ৩.৩৬ লাখ টকা৷ আনহাতে, সাতটা বেংক একাউণ্টত জমা আছে ২৮,১৮,৪০৬ টকা৷ পত্নী নাজৰিন হুছেইনৰ পাঁচটা বেংক একাউণ্টত জমা আছে ৩৭,৩২,২০০ টকা৷ বিভিন্ন বিত্তীয় প্রতিষ্ঠানত বিনিয়োগ কৰা ধনৰ পৰিমাণ ২২,৮৯,১৪০ টকা৷ কংগ্রেছৰ পৰা পঞ্চমবাৰৰ বাবে দলীয় টিকট লাভ কৰি কালি মনোনয়ন পত্রৰ সৈতে দাখিল কৰা শপতনামাত এই তথ্য উল্লেখ কৰিছে৷ শপতনামাত বিধায়ক তথা প্রার্থী হুছেইনৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ১,১৩,৩১,২৭৭টকা৷ আনহাতে, পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ১,৬০,৫১,৯৬৬ টকা৷ ৰকিবুল হুছেইনৰ বেংকৰ পৰা লোৱা ঋণৰ পৰিমাণ ২৭,৬৮,৪২৩ টকা৷
আনহাতে, পত্নীৰ ঋণৰ পৰিমাণ ২৯,৩৯,০৭৪ টকা৷ কংগ্রেছ প্রার্থী হুছেইনে সোণৰ গহনা পিন্ধে ৬ লাখ টকাৰ আৰু পত্নীয়ে পিন্ধে ১৫ লাখ টকাৰ৷ নগাঁও চহৰৰ লগতে আমনিত এটাকৈ বিশাল অট্টালিকা থকা ৰকিবুল হুছেইনৰ গুৱাহাটীৰ ফকৰ উদ্দিন আলী আহমেদ পথত আছে আন এটা বিশাল অট্টালিকা৷ ইয়াৰ উপৰি পুৰণিগুদামৰ চলচলিত ফার্ম হাউছ থকা হুছেইনৰ বৰ কন্দলিত ২.৩৭ একৰ কৃষিভূমি আৰু পত্নীৰ নামত পশ্চিম কঠীয়াতলীত ১১.২৪ একৰ কৃষিভূমি আছে৷ আমনিত পেড্রল পাম্প থকা বিধায়কজনৰ এখন মহিন্দ্রা ইস্ক ইউ বি আৰু এখন মহিন্দ্রা এলড্র ৰাছ গাডী আছে৷ পত্নীৰ আছে এখন টয়’টা ইন্নভা আৰু কিয়া চাৰিচকীয়া গাডী৷ উল্লেখ্য যে শপতনামাত উল্লেখ কৰা মতে, বিধায়ক হুছেইনৰ নামত কোনো গোচৰ নাই৷