টি–২০ত ৰোহিতৰে ইনিংছ মুকলি কৰা উচিত ৰাহুলেঃ লক্ষ্মণ
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো শুকুৰবাৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব৷ শৃংখলাটো আৰম্ভ হোৱাৰ পূর্বে ভাৰতীয় মূল একাদশ গঠনক লৈ মন্তব্য দাঙি ধৰিছে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা বেটছমেন ভি ভি এছ লক্ষ্মণে৷ শৃংখলাটোত শিখৰ ধাৱনৰ পৰিৱর্তে লোকেশ ৰাহুলক ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰাটো বিচাৰিছে লক্ষ্মণে৷ টি–২০ শৃংখলাটো সন্দর্ভত লক্ষ্মণে কয় যে ধাৱনৰ পৰিৱর্তে ৰাহুলে ৰোহিত শর্মাৰে ইনিংছ মুকলি কৰাটো উচিত৷ কিয়নো, শেহতীয়াভাৱে ধাৱনতকৈ ৰাহুলে উন্নত প্রদর্শন দাঙি ধৰি আহিছে৷ বিগত কেইটামান মাহ অ’পেনাৰ হিচাপে চমকপ্রদ প্রদর্শন দাঙি ধৰি আহিছে৷ গতিকে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টি–২০ শৃংখলাটোতো ৰাহুলক আকৌ এবাৰ অ’পেনাৰ হিচাপে টীম ইণ্ডিয়াই প্রক্ষেপ কৰা উচিত৷ উল্লেখ্য যে আগন্তুক টি–২০ শৃংখলাটোৰ পূর্বে টীম ইণ্ডিয়াৰ মূল একাদশ গঠনক লৈ একপ্রকাৰ সমস্যাত পৰিছে দলীয় মেনেজমেণ্ট৷ দলটোৰ মূল একাদশত স্থান লাভৰ বাবে ৰাহুল আৰু ধাৱনৰ মাজত যুঁজ চলাটো একপ্রকাৰ নিশ্চিত৷