নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিভক্ত শিৱসাগৰ জিলাৰ ছয় সমষ্টিত বলিছে নির্বাচনৰ গৰম বতাহ, বাগিচাৰ ভোটাৰে ল’ব নির্ণায়ক ভূমিকা

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ অবিভক্ত ঐতিহাসিক শিৱসাগৰ জিলাৰ ছয় সমষ্টিত এতিয়া বলিছে বিধানসভা নির্বাচনৰ গৰম বতাহ৷ দুখনকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্রদেশ সংলগ্ন বৃহৎ অংশ স্পর্শ কৰি থকা অবিভক্ত শিৱসাগৰ জিলাত ৰাজনৈতিক দল–প্রার্থীৰ সমান্তৰালভাৱে নির্বাচনক লৈ সাধাৰণ ভোটাৰ ৰাইজৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷

এসময়ত অবিভক্ত জিলাখন কার্যতঃ কংগ্রেছৰ অভেদ্য দুর্গ হিচাপে পৰিচিত আছিল৷ কিন্তু বিগত ২০১৬ চনৰ বিধানসভা নির্বাচনত মোদীৰ ছুনামিত তচনচ হৈ গৈছিল জিলাখনৰ কংগ্রেছৰ দুর্গ৷ আনকি দীর্ঘসময় ধৰি নিজৰ দখলত ৰখা সোণাৰি সমষ্টি হেৰুৱাইছিল কংগ্রেছে৷ আনকি দীর্ঘসময় ধৰি নিজৰ দখলত ৰখা সোণাৰি সমষ্টিও হেৰুৱাইছিল কংগ্রেছে৷ একেদৰে সোণাৰিৰ গাতে লাগি থকা মাহমৰা সমষ্টি ওলাই গৈছিল বিজেপিৰ হাতলৈ৷

থাওৰা সমষ্টি বিজেপিয়ে দখল কৰাৰ বিপৰীতে আমগুৰি সমষ্টিত বিজয় ধ্বজা উৰিছিল মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ৷ অৱশ্যে জিলাখনৰ শিৱসাগৰ সদৰ সমষ্টি আৰু নাজিৰাত কংগ্রেছৰ দুর্গ কথমপি অক্ষত থাকিল৷ বিগত নির্বাচনত চাৰিটাকৈ সমষ্টি কংগ্রেছৰ হাতৰ পৰা ওলাই গৈছিল যদিও এইবাৰ হেৰুওৱা দুর্গ উদ্ধাৰৰ বাবে মৰণপণ যুঁজত নামিছে দলটো৷

এই লক্ষ্যৰেই এক নির্ণায়ক যুঁজৰ বাবে অবিভক্ত শিৱসাগৰ জিলাত কংগ্রেছে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ এইবাৰ সর্বাধিক চর্চিত আৰু আকর্ষণীয় যুঁজৰ ক্ষেত্রলৈ পর্যবসিত হোৱা ১০৮নং শিৱসাগৰ সদৰ সমষ্টিটো যোৱাবাৰ মাত্র ৫৪২টা ভোটত হেৰুওৱা বিজেপিয়ে সমাগত নির্বাচনত নিজৰ দখললৈ অনাৰ বাবে সর্বশক্তি প্রয়োগ কৰিছে৷

পূর্বৰ পৰাজয়ৰ ব্যৱধান আঁতৰাই বৃহৎসংখ্যক ভোটৰ ব্যৱধানত সমষ্টি দখলৰ বাবে বিজেপিয়ে সুৰভি ৰাজকুমাৰীক প্রক্ষেপ কৰাৰ বিপৰীতে কংগ্রেছে সমষ্টিটোত প্রতিদ্বন্দ্বিতাত নমাইছে যুৱ নেতা শুভ্রমিত্র গগৈক৷ নির্দলীয় হিচাপে ৰূপা বড়া, হেমন্ত বৰুৱা আৰু নেচনেলিষ্ট কংগ্রেছ পার্টীৰ অজিত হাজৰিকাই প্রার্থিত্ব আগবঢাইছে যদিও মূল যুঁজ কিন্তু ৰাইজৰ দলৰ অখিল গগৈ, কংগ্রেছৰ শুভ্রমিত্র গগৈ আৰু বিজেপিৰ সুৰভি ৰাজকুমাৰীৰ মাজতেই সীমাবদ্ধ থাকিব বুলি ৰাজনৈতিক বিশ্লেষক মহলে সম্ভাৱনা প্রকাশ কৰিছে৷

অর্থাৎ সমষ্টিটোত এইবাৰ তিনিকোণীয়া প্রতিদ্বন্দ্বিতা হ’ব৷ প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ অক্ষত দুর্গ বর্তমান কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াৰ পৰা নাজিৰা উদ্ধাৰৰ বাবে বিজেপিয়ে প্রাক্তন আটাছু নেতা ময়ূৰ বৰগোহাঁইক প্রক্ষেপ কৰাৰ পিছতেই সমষ্টিটোত নির্বাচনী যুঁজখন আকর্ষণীয় হৈ পৰিছে৷

বৃহৎসংখ্যক আহোম ভোটাৰ, চাহ জনগোষ্ঠীয় ভোটাৰ আৰু সংখ্যালঘু ভোটাৰৰ উপৰি বিভিন্ন শ্রেণীৰ ভোটাৰৰ সংমিশ্রিত নাজিৰা সমষ্টিত জয়–পৰাজয়ৰ ক্ষেত্রত আহোম ভোটাৰ আৰু চাহ বাগিচাৰ ভোটাৰেই ল’ব মূল ভূমিকা৷ আনহাতে, নাগালেণ্ড সীমান্তৱর্তী একবৃহৎ এলেকা সামৰি থকা আমগুৰি সমষ্টিত এইবাৰো মূল যুঁজখন কংগ্রেছ মহাজোঁট বনাম বিজেপি মিত্রজোঁটৰ মাজতেই আবদ্ধ থাকিব বুলি ৰাইজে ধাৰণা কৰিছে৷

আমগুৰিত নৱগঠিত অসম জাতীয় পৰিষদৰ চন্দ্রবৰুৱা, নির্দলীয় ৰাজকুমাৰ দুৱৰা, অগপৰ প্রদীপ হাজৰিকা, নির্দলীয় ধর্মেশ্বৰ ঘাটোৱাৰে প্রতিদ্বন্দ্বিতা আগবঢাইছে যদিও সমষ্টিটোত মহাজোঁটৰ প্রার্থী তথা প্রয়াত কংগ্রেছ নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত বনাম মিত্রজোঁটৰ প্রার্থী প্রদীপ হাজৰিকাৰ মাজতেই সীমাবদ্ধ থকাটো প্রায় নিশ্চিত হৈ পৰিছে৷ স্মর্তব্য যে ১৯৬২ চনৰ পৰা সমষ্টিটোত কোনো দলেই একেৰাহে দুবাৰ জয়ী হোৱা নাই৷

বিগত পাঁচটা বছৰ অগপৰ দখলত থকা সমষ্টিটো এইবাৰ ইতিহাসৰ নিয়ম অনুসৰিয়েই পুনৰ কংগ্রেছৰ দখললৈ যাব নে ’৬২ চনৰ পৰা চলি অহা ইতিহাস ভংগ কৰি মিত্রজোঁটৰ প্রার্থী প্রদীপ হাজৰিকাই শেষ হাঁহি মাৰিব, সেয়া হ’ব লক্ষণীয়৷ কিন্তু আমগুৰি সমষ্টিটোত জয়–পৰাজয়ৰ ক্ষেত্রতবাগিচাৰ ভোটাৰেও এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ আনহাতে, অবিভক্ত জিলাখনৰ অন্যতম হাইপ্রফাইল সমষ্টি তথা প্রাক্তন মন্ত্রী শৰৎ বৰকটকীৰ ভেটি খহাই বিগত ২০১৬ চনৰ নির্বাচনত বিজেপি প্রার্থী তথা প্রাক্তন আছু নেতা তপন গগৈয়ে বৃহৎ অংকৰ ভোটৰ ব্যৱধানত জয়ী হৈছিল৷

পৰৱতী সময়ত তপন গগৈয়ে লোকসভা নির্বাচনত যোৰহাট সমষ্টিটোৰ পৰা নির্বাচিত হোৱাৰ পাছতেই খালী হোৱা সোণাৰি সমষ্টিত অনুষ্ঠিত উপ–নির্বাচনত পুনৰ বিজেপিৰ নৱনীতা সন্দিকৈ বিধায়ক হিচাপে নির্বাচিত হৈছিল৷ সম্প্রতি বিধায়িকাগৰাকীৰ বিৰুদ্ধে উন্নয়নৰ ক্ষেত্রতব্যর্থতাৰ অভিযোগৰ ভিত্তিতেই এইবাৰ সমষ্টিটোত বিজেপিয়ে প্রক্ষেপ কৰিলে ধর্মেশ্বৰ কোঁৱৰক৷ সর্বাধিক চাহ বাগিচাৰ ভোটাৰ থকা সোণাৰি সমষ্টিত বিগত ২০১৬ চনৰ নির্বাচনত বাগিচাৰ ভোটাৰে বিজেপিৰ পক্ষত অৱস্থান কৰাৰ লগতে শেহতীয়া উপ–নির্বাচনতো বাগিচাৰ ভোটাৰসকলেই বিজয়ৰ পথ দেখুৱাইছিল বিজেপিৰ প্রার্থীগৰাকীক৷

একপ্রকাৰ বিজেপিৰ এক শক্তিশালী ভোটবেংক থকা সমষ্টিটোত বিজেপি প্রার্থী ধর্মেশ্বৰ কোঁৱৰৰ বিপৰীতে কংগ্রেছে সুশীল চুডীক প্রক্ষেপ কৰিছে৷ ইয়াৰ উপৰি সমষ্টিটোত অসম জাতীয় পৰিষদৰ গৌতম হাতীমূৰীয়া, ভাৰতীয় গণ পৰিষদৰ অৰূপ নমঃসূত্র ভৌমিক, নির্দলীয় ৰতন হেমব্রমে প্রার্থিত্ব আগবঢাইছে যদিও মহাজোঁট আৰু মিত্রজোঁটৰ মাজতেই মূল যুঁজ হোৱাটো স্পষ্ট হৈ পৰিছে৷ ইফালে এসময়ত আঞ্চলিক দলৰ জয়ৰ ধ্বজা উৰা তথা তাৰ পৰৱর্তী সময়ত কংগ্রেছৰ দখলত থকা মাহমৰা সমষ্টিৰ যুঁজখনো হ’ব এইবাৰ নির্বাচনৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু৷

মাহমৰা সমষ্টিৰ পৰা ৰাজ্যিক মন্ত্রী যোগেন মোহনে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে শক্তিশালী কংগ্রেছ প্রার্থী সূৰুয দিহিঙীয়াই প্রার্থিত্ব আগবঢাইছে৷ সমষ্টিটোত নির্দলীয় ৰঞ্জিত চাহু, সুজিত কুমাৰ চাহু, নেচনেলিষ্ট কংগ্রেছ পার্টীৰ প্রার্থী বিমান বৰুৱা, নির্দলীয় লোহিত গগৈ আৰু অল ইণ্ডিয়া ফ’ৰৱার্ডব্লকৰ ভূপেন ফুকনে প্রার্থিত্ব আগবঢাইছে৷ সমষ্টিটোত অসম জাতীয় পৰিষদৰ হৈ প্রাক্তন আছু নেতা মাণিক গগৈয়ে প্রতিদ্বন্দ্বিতা আগবঢাইছে৷

মাহমৰাতো মূল যুঁজখন বিজেপিৰ যোগেন মহন আৰু কংগ্রেছৰ সূৰুয দিহিঙীয়াৰ মাজতেই আবদ্ধ থকাটো একপ্রকাৰ স্পষ্ট হৈ পৰিছে৷ সেইদৰে প্রথমটো নির্বাচনী হিংসাৰ ঘটনাই চর্চালৈ অহা থাওৰা সমষ্টিত এইবাৰো মূল যুঁজ কংগ্রেছ–বিজেপিৰ মাজতেই সীমাবদ্ধ থকাৰ আশংকা প্রকাশ কৰিছে ৰাজনৈতিক মহলে৷ বাগিচা, আহোম ভোটাৰ, সংখ্যালঘু ভোটাৰেৰে পৰিবেষ্টিত সমষ্টিটোত এইবাৰ বিজেপিৰ হৈ কুশল দুৱৰী, কংগ্রেছৰ হৈ সুশান্ত বৰগোহাঁই আৰু অসম জাতীয় পৰিষদৰ দীপেন তাঁতীয়ে প্রতিদ্বন্দ্বিতা আগবঢাইছে৷

লক্ষণীয়ভাৱে অবিভক্ত শিৱসাগৰ জিলাখনৰ আমগুৰি, নাজিৰা, সোণাৰি, মাহমৰা আৰু থাওৰা সমষ্টিত হাজাৰ হাজাৰ চাহ বাগিচাৰ ভোটাৰ মূলতঃ হৈ পৰিব জয়–পৰাজয়ৰ মূল কাৰক৷বাগিচাৰ ভোটাৰেই নির্ণয় কৰিব সমষ্টিকেইটাৰ নির্বাচিত জনপ্রতিনিধিৰ ভৱিষ্যৎ৷ ইয়াৰ বিপৰীতে শিৱসাগৰৰ সদৰ বিধানসভা সমষ্টিটোত নাই কোনো বাগিচা৷ যাৰ বাবে এই সমষ্টিটোত আহোম ভোটাৰ আৰু সংখ্যালঘু ভোটাৰেই গ্রহণ কৰিব নির্ণায়ক ভূমিকা৷

অৱশ্যে অবিভক্ত শিৱসাগৰ জিলাখনৰ অন্তর্গত ৬টাকৈ বিধানসভা সমষ্টিত এইবাৰ সাধাৰণ সচেতন ভোটাৰে দলতকৈও প্রার্থীক অধিক প্রাধান্য আৰু গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ ইয়াৰ উপৰি উন্নয়নমূলক কাম–কাজ, বাট–পথ নির্মাণ, বিশুদ্ধ খোৱাপানীৰ বাবে লোৱা অভিলাষী প্রকল্প, শিক্ষিত যুৱক–যুৱতীৰ নিয়োগ আৰু শেহতীয়াকৈ ঘোষণা কৰা উন্নয়নমূলক আঁচনিৰ বাবেই যুৱ ভোটাৰসকল পৰিৱর্তনৰ পক্ষত নিজৰ স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷

সোণাৰি, নাজিৰা, আমগুৰি সমষ্টিত উন্নয়নমূলক কাম–কাজৰ সমান্তৰালে সীমা বিবাদ প্রসংগয়ো বিশেষভাৱে স্থান পাইছে৷ অবিভক্ত শিৱসাগৰ জিলাৰ ছয় সমষ্টিত সাধাৰণ ভোটাৰে অহা ২৭ মার্চত ই ভি এমত দিব সন্তুষ্টি–সন্তুষ্টিৰ প্রকৃত ৰায়দান৷ ২ মে’ত ভাগ্য নির্ণয় হ’ব মন্ত্রী যোগেন মহন, সুৰভি ৰাজকুমাৰী, ধর্মেশ্বৰ কোঁৱৰ, ময়ূৰ বৰগোহাঁই, কুশল দুৱৰী আৰু প্রদীপ হাজৰিকাৰ৷ একেদিনাই ভাগ্য নির্ণয় হ’ব সুশীল চুডী, সূৰুয দিহিঙীয়া, দেৱব্রত শইকীয়া, অংকিতা দত্ত, শুভ্রমিত্র গগৈ আৰু সুশান্ত বৰগোহাঁইৰো৷

You might also like