নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰত বন্দী সন্ত্রাসবাদীৰ কুঠৰীৰ পৰা উদ্ধাৰ ম’বাইল ফোন

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ তিহাৰ জে’লত সন্ত্রাসবাদৰ গোচৰত দোষী সাব্যস্ত হোৱা অপৰাধীৰ কুঠৰীত এটা ম’বাইল ফোন উদ্ধাৰ হোৱাৰ পিছতে দেশজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দিল্লীৰ গৃহমন্ত্রী সত্যেন্দ্র জৈনে আজি উল্লেখ কৰিছে যে এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে তদন্তৰ নির্দেশ দিয়া হৈছে৷ উল্লেখনীয় যে তিহাৰ কাৰাগাৰত ৰক্ষীয়ে এই ম’বাইল ফোনটো কুঠৰীত লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই ঘটনা সন্দর্ভত তদন্তৰ নির্দেশ দিয়াৰ উপৰি দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও উল্লেখ কৰিছে মন্ত্রীগৰাকীয়ে৷ ইতিমধ্যে মন্ত্রীগৰাকীয়ে দিল্লী আৰক্ষীৰ সঞ্চালকপ্রধানলৈ এক পত্রও লিখিছে৷ আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি টেলিগ্রাম চেনেল চলোৱাৰ বাবে এই ফোনটো ব্যৱহাৰ কৰা হৈছিল৷ ইছলামিক জেহাদী গোটৰ সন্ত্রাসবাদীয়ে এই ফোনটো ব্যৱহাৰ কৰিছিল বুলিও সন্দেহ কৰিছে দিল্লী আৰক্ষীয়ে৷

You might also like