মাৰাডোনাক হত্যা কৰা হৈছে
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ফুটবলৰ ৰাজপুত্র ডিয়েগো মাৰাডোনাৰ স্বাভাৱিক মৃত্যু হোৱা নাই, তেওঁক হত্যা কৰা হৈছে৷– এই চাঞ্চল্যকৰ অভিযোগেৰে এতিয়া আর্জেণ্টিনাৰ ৰাজপথ উত্তাল কৰি তুলিছে দেশখনৰ ফুটবল অনুৰাগীয়ে৷ মাৰাডোনাৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰাৰ দাবীত হাজাৰ হাজাৰ অনুৰাগীয়ে ৰাজধানী চহৰ বুয়েনাছ আয়ার্ছত প্রতিবাদ সাব্যস্ত কৰিছে৷ আর্জেণ্টিনাৰ জার্ছী পৰিধান কৰা প্রতিবাদকাৰীসকলে মাৰাডোনাৰ বৃহৎ ফটো কঢ়িয়াই চহৰখনত সমদল উলিওৱাত বুয়েনাছ আয়ার্ছত ভয়াৱহ যান–জঁটৰ সৃষ্টি হৈছে৷ প্রতিবাদকাৰীসকলক্ সংগ দিছে মাৰাডোনাৰ প্রাক্তন পত্নী ক্ল’ডিয়া ভিলাফানে৷ ইতিমধ্যে আর্জেণ্টিনা চৰকাৰে মাৰাডোনাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ এখন মেডিকেল ব’ড গঠন কৰি দিছে৷ প্রতিবাদকাৰীসকলে উত্থাপন কৰা দাবী অনুসৰি, ১৯৮৬ৰ ফিফা বিশ্বকাপৰ মহানায়ক মাৰাডোনা চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যুমুখত পৰিছিল৷ মৃত্যুৰ কিছুদিন পূর্বে তেওঁৰ মস্তিষ্কৰ অস্ত্রোপচাৰ সম্পন্ন হৈছিল আৰু ইয়াৰ পিছত কিংবদন্তি ফুটবলাৰগৰাকীৰ পর্যাপ্ত যতন লোৱাত অৱহেলা কৰিছিল চিকিৎসালয় কর্তৃপক্ষই৷ যাৰ ফলত বিগত বর্ষৰ ২৫ নৱেম্বৰত মাৰাডোনাই শেষ নিশ্বাস ত্যাগ কৰে৷